উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
হস্ততাঁত আৰু হস্তশিল্পৰ প্ৰসাৰ সন্দৰ্ভত দ্বিতীয় উচ্চস্তৰীয় কৰ্ম বাহিনীৰ বৈঠক: উত্তৰ-পূৰ্বাঞ্চলৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডক গতি প্ৰদান কৰিবলৈ বস্ত্ৰ মন্ত্ৰালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়াৰ
Posted On:
24 SEP 2025 8:12PM by PIB Guwahati

নগালেণ্ডৰ মুখ্যমন্ত্ৰী পু নেইফিউ ৰিঅ'ৰ অধ্যক্ষতাত ২৪ ছেপ্টেম্বৰ ২০২৫ তাৰিখ বুধবাৰে উত্তৰ-পূৰ্বাঞ্চলত হস্ততাঁত আৰু হস্তশিল্পৰ প্ৰসাৰ সম্পৰ্কীয় উচ্চ স্তৰীয় কৰ্মবাহিনীৰ বৈঠক অনুষ্ঠিত হয়। উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়াই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৈঠকত অংশগ্ৰহণ কৰে। ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত সভাখনত মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী লালডুহোমা; অসমৰ ক্ৰীড়া মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লোছা; মণিপুৰৰ অতিৰিক্ত মুখ্য সচিব; অসমৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সচিব; বস্ত্ৰ মন্ত্ৰালয়ৰ উন্নয়ন আয়ুক্ত (হস্ততাঁত); বস্ত্ৰ মন্ত্ৰালয়ৰ যুটীয়া উন্নয়ন আয়ুক্ত (হস্তশিল্প)ৰ উপৰি ড’নাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডৰ বিশাল, অনাবৃত সম্ভাৱনাসমূহক উন্মোচিত কৰাৰ বাবে চৰকাৰৰ অটল প্ৰতিশ্ৰুতিবদ্ধক দোহাৰে আৰু এই খণ্ডৰ বিকাশৰ বাবে ছটা মূল কাৰ্যবিন্দু: পণ্য চিনাক্তকৰণ, ক্লাষ্টাৰ-ভিত্তিক উন্নয়ন, বজাৰ সংযোগ, উমৈহতীয়া সুবিধা কেন্দ্ৰ (চিএফচি), ৰোডমেপ উন্নয়ন, আৰু ব্যৱধান বিশ্লেষণ আৰু ৰাজহুৱা-ব্যক্তিগত অংশগ্ৰহণৰ প্ৰসংগৰ পুনৰোল্লেখ কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বস্ত্ৰ মন্ত্ৰালয়ৰ প্ৰতিনিধিকে ধৰি নিৰ্দিষ্ট ৰাজ্যিক পৰ্যায়ৰ কৰ্মগোটৰ জৰিয়তে সহযোগিতামূলক পাইলট প্ৰকল্পসমূহৰ পোষকতা কৰি বস্ত্ৰ মন্ত্ৰালয় আৰু উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। পৰ্যায়ক্ৰমে ৰূপায়ণৰ এটা পদ্ধতিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে, য’ত ১ বছৰ, ৩ বছৰ আৰু ৫ বছৰৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়। প্ৰথম অৱস্থাত আঠখন ৰাজ্যৰ বাবে সামূহিকভাৱে অন্ততঃ এটা ‘আইকনিক’ হস্ততাঁত আৰু এটা হস্তশিল্প সামগ্ৰী চিনাক্ত কৰাত গুৰুত্ব দিয়া হ’ব, ভৱিষ্যতৰ পৰ্যায়ৰ লক্ষ্য হ’ব প্ৰতিখন ৰাজ্যৰ অনন্য সামগ্ৰীসমূহক উজলাই তোলা, যাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰীসমূহক প্ৰসাৰিত কৰা আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশৰ পোষকতা কৰা হ’ব।
মন্ত্ৰী শ্ৰী সিন্ধিয়াই দৃঢ়তাৰে কয়, "আমি এই গুৰুত্বপূৰ্ণ খণ্ডটোৰ উন্নয়নৰ ক্ষেত্ৰত ‘সমগ্ৰ-চৰকাৰ’ৰ পন্থা গ্ৰহণ কৰিব লাগিব। বস্ত্ৰ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহৰ সৈতে এটা কৰ্মগোট গঠনৰ জৰিয়তে সমন্বয় স্থাপন কৰিব লাগিব, উত্তৰ-পূৰ্বাঞ্চলৰ আমাৰ শিপিনীসকলৰ ওচৰলৈ বজাৰ আনিব লাগিব, প্ৰতিখন ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতা কৰি সুকীয়া পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব, আৰু ভূমিগত সামৰ্থ্য শক্তিশালী কৰিব লাগিব। আমাৰ উত্তৰ-পূব অঞ্চলৰ হস্ততাঁত আৰু হস্তশিল্প হৈছে জীৱন্ত পৰম্পৰা, যিসমূহক লালন-পালন কৰাৰ লগতে বিশ্বক প্ৰদৰ্শন কৰিব লাগিব"।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু উত্তৰ-পূৰ্বাঞ্চলত হস্ততাঁত আৰু হস্তশিল্পৰ পৰিৱেশতন্ত্ৰ বিকাশৰ বাবে ৰূপৰেখা দাঙি ধৰে। তেওঁ পৰামৰ্শ দিয়ে যে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বাবে অন্ততঃ এটা হস্ততাঁত আৰু এটা হস্তশিল্পৰ পাইলট প্ৰকল্প নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰা উচিত, আৰু সেই অনুসৰি কাম আৰম্ভ কৰিব লাগে।

বৈঠকত উপস্থিত থকা ৰাজ্যিক প্ৰতিনিধি আৰু অন্যান্য বিষয়াসকলে পৰম্পৰাগত বস্ত্ৰ খণ্ডক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অন্তৰ্দৃষ্টি সহভাগ কৰে, উত্তৰ-পূৰ্বাঞ্চলৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডক শক্তিশালী কৰাত সামূহিকভাৱে গুৰুত্ব আৰোপ কৰে।
বৈঠকত মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী লালডুহোমাই উত্তৰ-পূৰ্বাঞ্চলৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডৰ বিশাল অনাবৃত সম্ভাৱনা উন্মোচিত কৰিবলৈ ড’নাৰ মন্ত্ৰালয়, বস্ত্ৰ মন্ত্ৰালয়, আৰু এমএছএমইসমূহকে ধৰি গুৰুত্বপূৰ্ণ অংশীদাৰসকলৰ সৈতে শক্তিশালী সহযোগিতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
অসমৰ ক্ৰীড়া মন্ত্ৰী শ্ৰীযুতা নন্দিতা গাৰ্লোছাই কয় যে বিপণন এক বৃহৎ প্ৰত্যাহ্বান যিটো উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে সম্প্ৰতি সন্মুখীন হৈ আহিছে।
মণিপুৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী অনুৰাগ বাজপেয়ীয়ে শিপিনীসকলৰ বাবে কেঁচামালৰ উপলব্ধতাৰ প্ৰত্যাহ্বানৰ সন্দৰ্ভত আলোকপাত কৰি মণিপুৰৰ দৰে ৰাজ্যত কাৰুশিল্পীসকলে বজাৰত কেঁচামাল লাভৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয় বুলি উল্লেখ কৰে। তেওঁ অন্যান্য মূল ক্ষেত্ৰসমূহৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে, য’ত শিল্পীসকলৰ মেপিং, উচ্চ হাৰৰ পৰিবহণ খৰচ, দক্ষতাবিকাশ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা, আৰু ডিজিটেল সাক্ষৰতা আদি অন্তৰ্ভুক্ত থাকে। তদুপৰি বাজপেয়ীয়ে উত্তৰ-পূবৰ শিল্পীসকলৰ গোলকীয় বজাৰত সীমিত প্ৰৱেশৰ কথা উল্লেখ কৰি লজিষ্টিক খণ্ডক সহায় কৰিবলৈ ৰাজসাহায্যৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
এইখন বৈঠক হৈছে ২০২৫ চনৰ ২২ জুলাইত অনুষ্ঠিত হোৱা উচ্চ পৰ্যায়ৰ কৰ্মগোটৰ প্ৰথমখন বৈঠকৰ পৰৱৰ্তী বৈঠক, যিখন উত্তৰ-পূৰ্বাঞ্চলত হস্ততাঁত আৰু হস্তশিল্পক প্ৰসাৰিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে।
****
Samrat/Murali/Allen/KB
(Release ID: 2171261)
Visitor Counter : 6