উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই এনই-স্পাৰ্কছ কাৰ্যসূচীৰ অধীনত ইছৰো ভ্ৰমণ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে
Posted On:
18 SEP 2025 6:25PM by PIB Guwahati

কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন আৰু যোগাযোগ বিভাগৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই নেছাক-ইছৰো আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্য চৰকাৰৰ সহযোগত এমড'নাৰৰ এনই-স্পাৰ্কছ কাৰ্যসূচীৰ অধীনত ইছৰো মুখ্য কাৰ্যালয় ভ্ৰমণ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰে। এই মত বিনিময়ৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ইছৰোৰ সুবিধাসমূহ ভ্ৰমণ কৰি মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ উন্নতিৰ বিষয়ে জানিব পৰা অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সিন্ধিয়াই তেওঁলোকৰ এই উৎসাহৰ শলাগ লৈ বৈজ্ঞানিক কৌতুহল লালন-পালন কৰিবলৈ উৎসাহিত কৰে।
'নৰ্থ ইষ্ট ষ্টুডেণ্টছ' প্ৰগ্ৰেম ফৰ এৱেৰনেছ, ৰিচ, এণ্ড ন'লেজ অন স্পেচ' (এনই-স্পাৰ্কছ) হৈছে ৮খন উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ সহযোগত এমড'নাৰৰ দ্বাৰা সমৰ্থিত এক ফ্লেগশ্বিপ পদক্ষেপ যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক ইছৰোৰ অত্যাধুনিক মহাকাশ প্ৰযুক্তিৰ সৈতে পৰিচয় কৰি দিয়ে, যাৰ লক্ষ্য হৈছে বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, আৰু গণিত (এছটিইএম) ক্ষেত্ৰসমূহৰ প্ৰতি আগ্ৰহ জগাই তোলা।
এই কাৰ্যসূচীত ৮০০ জন মেধাৱী বিজ্ঞান ছাত্ৰ-ছাত্ৰীৰ বাবে (উত্তৰ-পূৰ্বাঞ্চলৰৰ প্ৰতিখন ৰাজ্যৰ পৰা ১০০ জন) বেংগালুৰুৰ প্ৰিমিয়াৰ ইছৰো চেণ্টাৰলৈ এক্সপ’জাৰ ভ্ৰমণৰ কথা কল্পনা কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ ৩৯৪ জন ছাত্ৰ-ছাত্ৰীক (১৮৯ জন পুৰুষ, ২০৫ জন মহিলা) এক নিমজ্জিত শিক্ষণ অভিজ্ঞতা প্ৰদান কৰি এনই-স্পাৰ্কছ কাৰ্যসূচীৰ অধীনত চাৰিটা গোটৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভ্ৰমণ সফলতাৰে সম্পূৰ্ণ কৰিছে। প্ৰতিটো গোটত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক প্ৰতিনিধিত্ব কৰা ছাত্ৰ-ছাত্ৰীৰ লগতে তেওঁলোকৰ ৰাজ্যিক সমন্বয়ক, এনইচি আৰু নেছাকৰ সমন্বয়ক আছিল। আজি কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰীগৰাকীয়ে প্ৰিমিয়াৰ ইছৰো কেন্দ্ৰসমূহ পৰিদৰ্শন কৰা প্ৰায় ১০০ ছাত্ৰ-ছাত্ৰীৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ মতামত গ্ৰহণ কৰি কাৰ্যসূচীৰ প্ৰভাৱৰ বিষয়ে মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰে।

এই মত বিনিময়ৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহ আৰু কৌতুহলৰ বাবে প্ৰশংসা কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে ‘মহাকাশেই চূড়ান্ত সীমান্ত, আৰু আপোনালোক শিশুৱে কঢ়িয়াই নিয়া স্ফুলিংগৰ বাবেই ভাৰত আগবাঢ়িছে।’ তেওঁ চন্দ্ৰযান-৩ আৰু আদিত্য-এল১কে ধৰি ভাৰতৰ শেহতীয়া মাইলৰ খুঁটিসমূহৰ ওপৰত আলোকপাত কৰি আগন্তুক গগণযান অভিযানৰ ওপৰত আলোকপাত কৰি প্ৰতিটো অঞ্চলৰ যুৱক-যুৱতীক সবলীকৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে কয়।

উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলে উপগ্ৰহৰ সংহতি প্ৰত্যক্ষ কৰাৰ পৰা আৰম্ভ কৰি ইছৰোৰ জ্যেষ্ঠ বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰালৈকে নিজৰ অভিজ্ঞতাৰ ওপৰত আন্তৰিক চিন্তা-চৰ্চা ভাগ-বতৰা কৰে। বহুতে নিজৰ শৈক্ষিক আকাংক্ষাত নতুনকৈ পোৱা স্পষ্টতা আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ গভীৰ সংকল্পৰ কথা প্ৰকাশ কৰে। বিশেষকৈ দুৰ্গম অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উৎসাহজনক বাক্যই কাৰ্যসূচীৰ সৰ্বাংগীন দৃষ্টিভংগীক আলোকপাত কৰে। তেওঁ কয়, “প্ৰতিটো শিশুৱেই কৌতুহল আৰু বুদ্ধিমত্তাৰ স্ফুলিংগ কঢ়িয়াই লৈ ফুৰে, যি দেশ আৰু বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা জিলিকি উঠিব পাৰে।” উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতৰ বিজ্ঞানী আৰু উদ্ভাৱকক লালন-পালন কৰাৰ ক্ষেত্ৰত এনই-স্পাৰ্কছৰ ভূমিকাক পুনৰ দৃঢ় কৰি সজীৱ ধাৰণাৰ আদান-প্ৰদানেৰে অনুষ্ঠানটোৰ সামৰণি পৰে।
ৰাজ্য চৰকাৰ আৰু শিক্ষানুষ্ঠানৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে পৰৱৰ্তী গোটসমূহৰ পৰিকল্পনা কৰা হয় যাতে ৮০০ ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক লক্ষ্যৰ দিশত বহল প্ৰসাৰ আৰু অধিক প্ৰভাৱ নিশ্চিত হয়।
*****
Samrat/Allen /AA
(Release ID: 2168330)