বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
নাগালেণ্ডৰ পৰা পোৱা জীৱাশ্ম পাতে কেনেদৰে এন্টাৰ্কটিকাই ভাৰতীয় মৌচুমীক গঢ় দিছিল সেই কথা প্ৰকাশ কৰিছে
Posted On:
09 SEP 2025 5:20PM by PIB Guwahati
এটা নতুন অধ্যয়নে প্ৰকাশ কৰিছে যে প্ৰায় ৩৪ নিযুত বছৰ পূৰ্বে এন্টাৰ্কটিকাৰ গঠন আৰু ভাৰতীয় মৌচুমী প্ৰণালীৰ প্ৰাৰম্ভিক বিৱৰ্তনৰ মাজত এক সাদৃশ্য বিদ্যমান আছিল, যাৰ ফলত সমগ্ৰ উপমহাদেশখনত সঘন আৰু ৰসাল অৰণ্যসমূহ বিকশিত হোৱাৰ সুযোগ লাভ কৰিছিল।
প্ৰায় ৩৪ নিযুত বছৰ পূৰ্বে নাগালেণ্ডৰ লাইছঙ গঠনৰ পৰা উদ্ধাৰ হোৱা সুসংৰক্ষিত জীৱাশ্ম পাতৰ আবিষ্কাৰে এই অঞ্চলত তেতিয়া জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ আছিল বুলি অনুমান কৰাৰ সুযোগ দিয়ে।
এই আৱিষ্কাৰৰ আধাৰত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ (ডিএছটি) স্বায়ত্তশাসিত প্ৰতিষ্ঠান বীৰবল সাহনী ইনষ্টিটিউট অৱ পেলিঅ’ছায়েন্সেছ (লক্ষ্ণৌ) আৰু ৱাডিয়া ইনষ্টিটিউট অৱ হিমালয়ান জিঅ’লজি (ডেৰাডুন)-ৰ গৱেষকসকলে এক বিশদ জলবায়ুগত পুনৰ্নিমাণৰ প্ৰচেষ্টা আৰম্ভ কৰে। এই অধ্যয়নৰ ফলত উন্মোচিত হয় এক অধিক আকৰ্ষণীয় তথ্য— অতি উচ্চ বৰ্ষণ আৰু উষ্ণতাৰ অৱস্থান। বিজ্ঞানীসকলে তেতিয়াৰ এনে চৰম গ্রীষ্মমণ্ডলীয় পৰিস্থিতিৰ সম্ভাৱ্য কাৰণ বিচাৰি অনুসন্ধান আৰম্ভ কৰে।
অৱশেষত, তেওঁলোকে জীৱাশ্মসমূহৰ যুগক এন্টাৰ্কটিকাত প্ৰথমবাৰৰ বাবে বিশাল বৰফৰ তৰপ গঠন আৰম্ভ হোৱা সময়ৰ সৈতে মিলাই পাইছিল। এই সময়সীমাই বিশ্বব্যাপী সংযোগৰ এটা সুস্পষ্ট দিশ দেখুৱাই দিলে— অনুমান কৰা যায় যে এন্টাৰ্কটিকাৰ বৰফৰ বৃদ্ধিয়ে বতাহ আৰু বৰ্ষণৰ ধৰণ সলনি কৰি উত্তৰ-পূব ভাৰতলৈ অতি তীব্ৰ বৰষুণ আনিবলৈ কাৰক আছিল।

চিত্ৰ ১: নাগালেণ্ডৰ স্থানীয়তা (তৰাৰে চিহ্নিত কৰা) য’ৰ পৰা জীৱাশ্মৰ পাত সংগ্ৰহ কৰা হৈছিল
পেলিঅ’জিঅ’গ্ৰাফী, পেলিঅ’ক্লাইমেট’লজী আৰু পেলিঅ’ইক’লজীত প্ৰকাশিত গৱেষণাৰ ফলাফল অনুসাৰে, এন্টাৰ্কটিকাত বৰফৰ বৃদ্ধিয়ে আন্তঃক্ৰান্তীয় অভিসৰণ মণ্ডল (ITCZ)—যি মূলতঃ বিশ্বব্যাপী বৰষুণৰ প্ৰধান বেল্ট হিচাপে পৰিচিত—দক্ষিণ মেৰু অঞ্চলৰ পৰা ক্ৰান্তীয় অংশলৈ স্থানান্তৰিত কৰি আহিছিল। এই স্থানান্তৰে বতাহ আৰু বৰষুণৰ ধৰণত বিশ্বব্যাপী এক নতুন পুনৰ্গঠন ঘটাইছিল। তাৰ ফলত ভাৰত উপমহাদেশত ব্যতিক্ৰমীভাৱে অধিক বৰষুণ আৰু উষ্ণতা বৃদ্ধি পাইছিল, যি অন্ততঃ ভাৰতীয় বাৰিষা ব্যৱস্থাৰ বিকাশৰ পথ সুগম কৰি তুলিছিল।
এই ইতিহাস উন্মোচন কৰিবলৈ বিজ্ঞানীসকলে আগবঢ়িছিল এক অস্বাভাৱিক সাক্ষীৰ ফালে—নাগালেণ্ডৰ পৰ্বতাঞ্চলত উদ্ধাৰ কৰা জীৱাশ্মযুক্ত পাতৰ দিশে। ক্লেম্প (Climate Leaf Analysis Multivariate Program) নামৰ পদ্ধতি প্ৰয়োগ কৰি গৱেষকসকলে এই প্ৰাচীন পাতসমূহৰ আকাৰ-প্ৰকাৰ, গঠন আৰু বিন্যাস অধ্যয়ন কৰি অতীতৰ জলবায়ু পুনৰ্নিমাণৰ চেষ্টা কৰিছিল। এই বিশ্লেষণৰ ফলত প্ৰকাশ পাইছিল যে তেতিয়া নাগালেণ্ড অঞ্চল আজিৰ তুলনাত বহুগুণে অধিক আৰ্দ্ৰ আৰু উষ্ণ পৰিস্থিতিৰ সন্মুখীন হৈছিল। আকৰ্ষণীয়ভাৱে, এই তথ্যসমূহৰ সময়সীমা এন্টাৰ্কটিকাত হিমবাহৰ গঠনকালৰ সৈতে একেবাৰে মিলি গৈছিল—অর্থাৎ দক্ষিণ মেৰুত বৰফৰ বিস্তাৰ আৰু ভাৰতৰ গ্ৰীষ্মমণ্ডলীয় বৰষুণৰ মাজত এক গভীৰ আন্তঃসম্পৰ্ক বিদ্যমান আছিল।

চিত্ৰ ২: অধ্যয়নত ব্যৱহৃত ~৩৪ মিলিয়ন বছৰৰ বয়সৰ নাগালেণ্ডৰ পৰা সংগ্ৰহ কৰা জীৱাশ্মৰ পাত
এই আৱিষ্কাৰ কেৱল পৃথিৱীৰ গভীৰ অতীতৰ কাহিনীতে সীমাবদ্ধ নহয়; ই আমাৰ ভৱিষ্যতৰ বাবে এক গুৰুতৰ সতৰ্কবাণী বহন কৰি আনে। আধুনিক জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত এন্টাৰ্কটিকাৰ বৰফ গলন দ্ৰুতগতিত আগুৱাই যোৱাৰ লগে লগে আন্তঃক্ৰান্তীয় অভিসৰণ মণ্ডল (ITCZ) পুনৰ স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ক্ৰান্তীয় অঞ্চলসমূহত বৰষুণৰ পৰিমাণত তীব্ৰ ব্যত্যয় ঘটিব পাৰে। ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশসমূহৰ বাবে এই পৰিৱৰ্তনে অৰ্থ বহন কৰিব পাৰে বাৰিষা ব্যৱস্থাৰ মৌলিক ৰূপান্তৰ—যাৰ প্ৰভাৱ কৃষি, পানী যোগান আৰু লক্ষ লক্ষ জীৱনৰ জীৱনৰেখাত গভীৰভাৱে পৰি থাকিব।
অধ্যয়নটোৱে স্পষ্টভাৱে উদ্ঘাটন কৰিছে যে পৃথিৱীৰ জলবায়ু এক বিশ্বব্যাপী আন্তঃসংযুক্ত জাল। পৃথিৱীৰ যিকোনো অংশত সংঘটিত পৰিৱৰ্তন—সেয়া এন্টাৰ্কটিকাৰ নিৰ্জন বৰফৰ প্ৰান্তৰ হওক বা নাগালেণ্ডৰ সঘন আৰ্দ্ৰ অৰণ্যই হওক—মহাদেশৰ মাজত প্ৰতিধ্বনিৰ দৰে প্ৰসাৰিত হ’ব পাৰে। লাখ লাখ বছৰ পূৰ্বে হোৱা নাটকীয় জলবায়ুগত সলনিবোৰত আমাৰ গ্ৰহটোৱে কেনেদৰে প্ৰতিক্ৰিয়া জনাইছিল সেই অভিজ্ঞতা জানিলে, উষ্ণতা বৃদ্ধিৰ ফলত ভৱিষ্যতে উদ্ভৱ হ’বলগীয়া প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আমি অধিক সজাগ আৰু সুসজ্জিত হ’ব পাৰিম।
*****
NKR/PSM/AA
(Release ID: 2166096)
Visitor Counter : 2