ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়
ভাৰতে ক্ৰীড়া ক্ষেত্ৰত বৰ্ধিত এণ্টি-ডপিং পৰীক্ষণৰ বাবে বিৰল ৰেফাৰেন্স মেটেৰিয়েল প্ৰস্তুত কৰিছে
এনআইপিইআৰ (NIPER) গুৱাহাটী আৰু এনডিটিএল (NDTL)ৰ সহযোগত গ্লোবেল এণ্টি-ডপিং প্ৰচেষ্টাক আগুৱাই নিয়াৰ অৰ্থে ‘মেথাণ্ডিয়ানন লং-টাৰ্ম মেটাব’লাইট’ৰ সংশ্লেষণ
Posted On:
04 SEP 2025 6:43PM by PIB Guwahati
ক্ৰীড়াক্ষেত্ৰত ড’পিং বিৰোধী প্ৰচেষ্টাক শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ফাৰ্মাচিউটিকেলছ বিভাগৰ অধীনস্থ নেশ্যনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্চ (এন আই পি আৰ) গুৱাহাটীয়ে নতুন দিল্লীৰ নেশ্যনেল ড’প টেষ্টিং লেবৰেটৰী (এন ডি টি এল)ৰ সহযোগত এবিধ বিৰল আৰু উচ্চ বিশুদ্ধতাসম্পন্ন ৰেফাৰেন্স মেটেৰিয়েল (আৰ এম) – মেথাণ্ডিয়ানন লং টাৰ্ম মেটাবলাইট (এল টি এম) সফলতাৰে প্ৰস্তুত কৰিছে।
আজি নতুন দিল্লীত এন ডি টি এলৰ ২২ সংখ্যক পৰিচালনা সমিতিৰ বৈঠকত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া , শ্ৰম তথা নিয়োগ দপ্তৰৰ মন্ত্ৰী ড০ মনসুখ মাণ্ডবিয়াই আনুষ্ঠানিকভাৱে এই ৰেফাৰেন্স মেটেৰিয়েলবিধ মুকলি কৰে। অনুষ্ঠানত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়, ঔষধ বিভাগৰ উচ্চপদস্থ বিষয়া, এনআইপিইআৰ ,গুৱাহাটীৰ লগতে এনডিটিএলৰ প্ৰতিনিধি উপস্থিত থাকে।
ৰেফাৰেন্স মেটেৰিয়েল (আৰএম ) হৈছে এক ঔষধিয় পদাৰ্থ, যি ইয়াৰ বিপাকীয় পদাৰ্থৰ আটাইতকৈ অতি বিশুদ্ধ আৰু বৈজ্ঞানিকভাৱে বৈশিষ্ট্যযুক্ত ৰূপ, যিবোৰ সঠিক বিশ্লেষণাত্মক পৰীক্ষাৰ বাবে অপৰিহাৰ্য। এণ্টি ডপিঙৰ প্ৰেক্ষাপটত বৰ্তমান বিশ্ব এণ্টি ডপিং সংস্থাই (ৱাডা) নিষিদ্ধ কৰা ৪৫০ টাতকৈও অধিক পদাৰ্থ ধৰা পেলোৱাৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। ডপ পৰীক্ষাত ইয়াৰ বিশেষ প্ৰয়োগৰ বাবে ৰেফাৰেন্স মেটেৰিয়েলসমূহ বিশ্বজুৰি মাত্ৰ কেইটামান প্ৰস্তুতকাৰীয়েহে উৎপাদন কৰে (প্ৰায় ৪–৫), যাৰ বাবে এইবোৰ দুৰ্লভ আৰু প্ৰায়ে ব্যয়বহুল হৈ পৰে। ৰাষ্ট্ৰীয় ড’প টেষ্টিং লেবৰেটৰী (এনডিটিএল) আৰু এনআইপিআৰ-গুৱাহাটীৰ সহযোগিতাত এনে ২২টা ৰেফাৰেন্স মেটেৰিয়েল প্ৰস্তুত কৰা হৈছে, যিবোৰ এণ্টি-ডপিং বিশ্লেষণৰ বাবে বিশ্বজুৰি বাণিজ্যিকভাৱে উপলব্ধ নহয়। ২০২০ চনৰ পৰা ২২ৰ ভিতৰত ১২টা ৰেফাৰেন্স মেটেৰিয়েল এন আই পি আৰ গুৱাহাটীৰ দ্বাৰা সংশ্লেষণ কৰি এন ডি টি এললৈ প্ৰেৰণ কৰা হৈছে, য’ত মিথাণ্ডিয়ানন এল টি এম হৈছে শেহতীয়া ৰেফাৰেন্স মেটেৰিয়েল।
এতিয়ালৈকে বিশ্বজুৰি মেথাণ্ডিয়েনন এলটিএম বাণিজ্যিকভাৱে উপলব্ধ নহয়। বৰ্তমানৰ পৰিস্থিতিত ক্ৰীড়াত ডপিঙৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ সৰ্বোত্তম লক্ষ্য হ’ল প্ৰস্ৰাৱত দীৰ্ঘ সময়ৰ বাবে তেনে পদৰ্থৰ উপস্থিতি ধৰা পেলোৱা। এইবোৰক সাধাৰণতে দীৰ্ঘম্যাদী বিপাকীয় পদাৰ্থ (LTMs) বুলি কোৱা হয়।
এই বিপাকীয় পদাৰ্থবোৰে মেথাণ্ডিয়ানন ব্যৱহাৰ কৰা খেলুৱৈসকলক চিনাক্ত কৰাত সহায় কৰে, যদিও তেওঁলোকে সেইবোৰৰ ব্যৱহাৰ পৰীক্ষা কৰাৰ মাহ বা বছৰ আগতে ব্যৱহাৰ বন্ধ কৰি দিছিল। ইয়াৰ ফলত পজিটিভ পৰীক্ষাৰ সংখ্যা বৃদ্ধি পায়, যিয়ে ডপিং ধৰা পেলোৱাৰ ক্ষমতা বৃদ্ধি কৰে আৰু মেথাণ্ডিয়াননৰ দৰে এনাবলিক ষ্টেৰইডৰ ব্যৱহাৰ কৰা খেলুৱৈসকলৰ বাবে প্ৰতিৰোধক হিচাপে কাম কৰে।
এই নতুন ৰেফাৰেন্স মেটেৰিয়েল “মেথাণ্ডিয়েনন এলটিএম”ৰ ব্যৱহাৰে খেলৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখা খেলুৱৈসকলক সুৰক্ষা দিয়াৰ লগতে নিষিদ্ধ পদাৰ্থ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিৰোধক হিচাপে কাম কৰিব। ফলত ক্ৰীড়াত স্বচ্ছতা আৰু সততা বলৱৎ হোৱাত সহায়ক হ'ব । এই ৰেফাৰেন্স মেটেৰিয়েলবিধ বিশ্বৰ এণ্টি-ড’পিং সম্প্ৰদায়লৈ ভাৰতৰ অৱদান হিচাপে বিশ্বজুৰি থকা ৩০টা ৱাডা স্বীকৃতিপ্ৰাপ্ত পৰীক্ষাগাৰৰ সৈতে ভাগ-বতৰা কৰিব পৰা যাব।
MV/GS/SG/DM
(Release ID: 2164149)
Visitor Counter : 2