স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

চকুৰ ছানি পৰা, ভিট্ৰেঅৰেটিনাল আৰু ষ্ট্ৰেবিজমছ অস্ত্ৰোপচাৰৰ প্ৰৱৰ্তনেৰে চকুৰ চিকিৎসাত বৈপ্লৱিক পৰিৱৰ্তন আনিছে এইমছ গুৱাহাটীয়ে

পোষ্ট কৰা হৈছে: 03 SEP 2025 5:04PM by PIB Guwahati

সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, এইমছ গুৱাহাটীৰ চকু চিকিৎসা বিভাগে চকুৰ চিকিৎসাৰ ক্ষেত্ৰত অত্যাধুনিক আৰু উন্নত কেটাৰেক্ট, ভিট্ৰেঅৰেটিনাল, পেডিয়াট্ৰিক অফথেলম’লজী আৰু ষ্ট্ৰেবিজমছ অস্ত্ৰোপচাৰৰ প্ৰৱৰ্তনেৰে চকুৰ চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। দৈনিক প্ৰায় ১৫০জন ৰোগীৰ চকু পৰীক্ষা কৰা বিভাগটোৱে অঞ্চলটোৰ চকুৰ চিকিৎসাৰ এক আগশাৰীৰ কেন্দ্ৰ হিচাপে ইয়াৰ নাম উজলাই তুলিছে।

চকুৰ ক্লাউডী লেন্স আঁতৰাই তাৰ ঠাইত কৃত্ৰিম লেন্স ব্যৱহাৰ কৰা কেটাৰেক্ট অস্ত্ৰোপচাৰ সমগ্ৰ বিশ্বতে অন্যতম সাধাৰণ আৰু ফলপ্ৰসূ অস্ত্ৰোপচাৰ। ফেকোইমালচিফিকেশ্যন কেটাৰেক্ট অস্ত্ৰোপচাৰৰ প্ৰৱৰ্তনৰ ফলত চকুৰ ছানি পৰাৰ বাবে দৃষ্টিশক্তিহীন ৰোগীয়ে স্থানীয়ভাৱে নিৰাপদ, আধুনিক আৰু অতি ফলপ্ৰসূ চিকিৎসা লাভ কৰিব পাৰিব, যাৰ ফলত দৃষ্টিশক্তি আৰু জীৱনৰ মান উন্নত হ’ব।

ডায়েবেটিক ৰেটিনোপেথী, ৰেটিনা ডিটাচমেণ্ট আৰু মেকুলাৰ ডিছঅৰ্ডাৰৰ দৰে অৱস্থাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিট্ৰেঅৰেটিনাল অস্ত্ৰোপচাৰৰ উপলব্ধতাও সমানেই পৰিৱৰ্তনশীল, যিবোৰ ৰোগত আক্ৰান্ত ৰোগীয়ে পূৰ্বতে উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া হৈছিল।

বিভাগটোৱে ষ্ট্ৰেবিজমাছ অস্ত্ৰোপচাৰৰ প্ৰৱৰ্তন কৰিছে, যাৰ ফলত চকুৰ প্ৰান্তিককৰণ( misalignment)ৰ সমস্যা থকা শিশু আৰু প্ৰাপ্তবয়স্ক উভয়ে উপকৃত হৈছে। ইয়াৰ ফলত কেৱল দৃষ্টিশক্তি আৰু ধাৰণা গাঢ় হোৱাই নহয়, চেহেৰা আৰু আত্মবিশ্বাসো উন্নত হৈছে।

চাৰিগৰাকী চকুৰ ছানি পৰা, ৰেটিনা আৰু শিশুৰ চকুৰ ৰোগৰ বিশেষজ্ঞ অধ্যাপকৰ এটা দলৰ সহযোগত এইমছ গুৱাহাটীয়ে এতিয়া এখন চালিৰ তলত ব্যাপক নিদান আৰু অস্ত্ৰোপচাৰৰ সমাধান আগবঢ়াইছে। সমগ্ৰ উত্তৰ-পূবৰ ৰোগীসকলৰ বাবে উন্নত তথা  চকুৰ বিশেষ চিকিৎসা সুলভ কৰি তোলাৰ ক্ষেত্ৰত এয়া এক ডাঙৰ মাইলৰ খুঁটি।

***

Pavni Gupta/Barnali Mahanta/DB


(ৰিলিজ আই ডি : 2163403) অতিথি কক্ষ : 65
ত এই ৰিলিজটো পঢ়ক: English