গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

“ড্ৰাগছক না কওক, জীৱনক কওক হা ” – গুৱাহাটীত ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সজাগতা অভিযানত সামূহিক যুঁজৰ শক্তিশালী অংগীকাৰ

পোষ্ট কৰা হৈছে: 16 AUG 2025 5:44PM by PIB Guwahati

মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ কু-প্ৰভাৱৰ বিষয়ে নাগৰিকক সচেতন কৰাৰ  উদ্দেশ্যে গ্ৰহণ কৰা দেশজোৰা প্ৰচেষ্টাৰ অংশ হিচাপে ২০২৫ চনৰ ১৫ আৰু ১৬ আগষ্টত গুৱাহাটীত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো (এনচিবি) আৰু কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ যৌথ উদ্যোগত দুদিনীয়াকৈ ড্ৰাগছ সজাগতা অভিযান অনুষ্ঠিত কৰা হয়। এই অভিযানৰ লক্ষ্য হৈছে  সম্প্ৰদায়সমূহক নিচাযুক্ত দ্ৰব্যৰ বিপদক সক্ৰিয়ভাৱে প্ৰতিহত কৰিবলৈ উৎসাহিত কৰা।

 

এই অভিযানক পোনপটীয়াকৈ মানুহৰ মাজলৈ লৈ  যাবলৈ গুৱাহাটী ৰে'লৱে ষ্টেচন, চিটি চেণ্টাৰ মল, অসম ৰাজ্যিক চিৰিয়াখানাকে ধৰি গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থানত ধাৰাবাহিকভাৱে বাটৰ নাট (নুক্কাদ নাটক) মঞ্চস্থ কৰা হয় । নাটকসমূহত পৰিয়াল আৰু সমাজৰ ওপৰত  ড্ৰাগছ আসক্তিৰ বিধ্বংসী প্ৰভাৱৰ কথা   চিত্ৰিত কৰা হয়।  লগতে সমাজখনক ড্ৰাগছৰ পৰা মুক্ত কৰি ৰখাৰ ক্ষেত্ৰত শিক্ষক, যুৱক-যুৱতী আৰু সচেতন নাগৰিকৰ ভূমিকাৰ বিষয়ে  আলোকপাত কৰা হয়। হাস্যৰস, আৱেগ মিশ্ৰিত চৰিত্ৰৰ সমাৱেশ ঘটা অভিনয়ে  দৰ্শকক আকৰ্ষণ কৰে । এনে পদক্ষেপে ফলপ্ৰসূভাৱে 

: “ড্ৰাগছক না কওক, জীৱনক কওক হা”ৰ দৰে গুৰুত্বপূৰ্ণ  বাৰ্তা সমাজৰ মাজত বিয়পাই দিয়াত সহায় কৰে।

এই অভিযানে মানুহক মানাস হেল্পলাইন  ১৯৩৩ (MANAS Helpline -1933)ৰ সৈতেও পৰিচিত কৰাত সহায় কৰে।  এই হেল্পলাইনৰ জৰিয়তে ড্ৰাগছ সম্পৰ্কীয় যিকোনো ঘটনাৰ বিষয়ে জনাবলৈ   বা তথ্য প্ৰদান দিবলৈ মানুহক  উৎসাহিত কৰে। ড্ৰাগছৰ বিৰুদ্ধে সজাগতা  সৃষ্টি কৰিব পৰা বাৰ্তা সন্নিবিষ্ট পাম্ফলেট আদিও মানুহৰ মাজত   বিতৰণ কৰা হয়। অভিযানে সামৰি লোৱা তিনিওটা স্থানতে বৃহৎ সংখ্যক লোকে সমবেত হৈ বাটৰ নাট উপভোগ কৰে আৰু এনে পদক্ষেপৰ প্ৰশংসা  কৰে।

 

Pavni Gupta/Smita Saikia/DM


(ৰিলিজ আই ডি : 2157202) অতিথি কক্ষ : 21
ত এই ৰিলিজটো পঢ়ক: English