গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

চিএপিএফৰ (CAPF) ৰ আধুনিকীকৰণ

Posted On: 12 AUG 2025 5:25PM by PIB Guwahati

এখন  কেন্দ্ৰীয় খণ্ডৰ আঁচনি  হৈছে চি এ পি এফৰ আধুনিকীকৰণৰ আঁচনি-৪ [অসম ৰাইফলছ (এ আৰ), সীমা সুৰক্ষা বাহিনী (বি এছ এফ), কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চি আই এছ এফ), কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), ভাৰত-তিব্বতী সীমান্ত আৰক্ষী (আই টি বি পি), নেচনেল ছিকিউৰিটি গাৰ্ড  (এন এছ জি) আৰু সশস্ত্ৰ সীমা বল)। এই বাহিনীসমূহৰ বাবে  চিএপিএফৰ আধুনিকীকৰণৰ পৰিকল্পনা-চতুৰ্থ গ্ৰহণ কৰা হৈছে।

 

 ১৫২৩ কোটি টকা ব্যয় সাপেক্ষে এই আঁচনি খন (কাৰ্যকৰীকৰণৰ সময়সীমা ০১.০১.২০২২ৰ পৰা ৩১.০৩.২০২৬লৈ) ৰ লক্ষ্য হৈছে অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰত শেহতীয়া আৰু অত্যাধুনিক সঁজুলি প্ৰৱৰ্তনৰ জৰিয়তে প্ৰতিটো চিএপিএফৰ দক্ষতা আৰু কৰ্মক্ষমতা উন্নত কৰা,যোগাযোগ ব্ৱস্থাৰ উন্নতি, সুৰক্ষামূলক ব্যৱস্থা, চোৱাচিতা আৰু সীমান্তত শক্তিশালী  পহৰাৰ ব্যৱস্থা, প্ৰশিক্ষণ সামগ্ৰী, সুসজ্জিত বাহন আৰু বিশেষ পৰিবহণ বাহনৰ ব্যৱস্থা কৰা।চিএপিএফসমূহত কল্যাণমূলক আঁচনি, গৃহ নিৰ্মাণ আৰু স্বাস্থ্যসেৱাৰ বাবে ৰূপায়িত পদক্ষেপসমূহৰ সবিশেষ পৰিশিষ্ট-১   উল্লেখ কৰা হৈছে।

ভাৰতীয় সংবিধানৰ সপ্তম অনুচ্ছেদ অনুসৰি “আৰক্ষী” আৰু “চৰকাৰী আদেশ” ৰাজ্যৰ অন্তৰ্ভুক্ত বিষয়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে তেওঁলোকৰ আইন প্ৰয়োগকাৰী সংস্থা (এল ই এ)ৰ জৰিয়তে চাইবাৰ অপৰাধকে ধৰি আন অপৰাধ প্ৰতিৰোধ, ধৰা পেলোৱা, তদন্ত তথা বিচাৰ প্ৰক্ৰিয়া আদিৰ বাবে মূলতঃ দায়বদ্ধ। কেন্দ্ৰীয় চৰকাৰে এল ই এৰ সামৰ্থ্য বিকাশৰ বাবে বিভিন্ন আঁচনিৰ অধীনত পৰামৰ্শাৱলী তথা আৰ্থিক সাহায্যৰ জৰিয়তে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পদক্ষেপসমূহৰ পৰিপূৰক হিচাপে কাম কৰি আহিছে।

 

চাইবাৰ অপৰাধ শক্তিশালী  আৰু সমন্বিতভাৱে মোকাবিলা কৰাৰ ব্যৱস্থা শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে য’ত অন্যান্য বিষয়ৰ লগতে তলত উল্লেখ কৰা বিষয়সমূহো অন্তৰ্ভুক্ত কৰা হৈছে।

১. গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দেশত সংঘটিত  সকলো ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ সংলগ্ন কাৰ্যালয় হিচাপে ‘ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ’ (I4C) স্থাপন কৰিছে।

 

২.আই ৪ চিৰ অংশ হিচাপে ‘ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল’ (এনচিআৰপি) (https://cybercrime.gov.in) আৰম্ভ কৰা হৈছে, যাতে জনসাধাৰণে মহিলা তথা  শিশুৰ বিৰুদ্ধে সংঘটিত  চাইবাৰ অপৰাধৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰি সকলো ধৰণৰ চাইবাৰ অপৰাধৰ সৈতে জড়িত ঘটনাৰ প্ৰতিবেদন দিব পাৰে। এই পৰ্টেলত দাখিল কৰা  চাইবাৰ অপৰাধৰ ঘটনা , ইয়াক এজাহাৰলৈ  ৰূপান্তৰ কৰা আৰু ইয়াৰ ওপৰত পৰৱৰ্তী ব্যৱস্থা সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আইন প্ৰয়োগকাৰী সংস্থাসমূহে আইনৰ বিধান অনুসৰি পৰিচালনা কৰে।

৩.আই ৪ চিৰ অধীনত ‘চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপ’ৰ্টিং এণ্ড মেনেজমেণ্ট চিষ্টেম’ (চিএফচিএফআৰএমএছ) ২০২১ চনত বিত্তীয় জালিয়াতিৰ তাৎক্ষণিক ৰিপ’ৰ্ট দিয়াৰ বাবে আৰু প্ৰৱঞ্চকসকলে ধন লুটি নিয়া কৰা বন্ধ কৰাৰ বাবে আৰম্ভ কৰা হৈছে। আই ৪ চিৰ দ্বাৰা পৰিচালিত চিএফচিএফআৰএমএছৰ তথ্য  অনুসৰি, এতিয়ালৈকে ১৭.৮২ লাখতকৈ অধিক অভিযোগৰ ভিত্তিত  ৫,৪৮৯ কোটি টকাতকৈ অধিক আৰ্থিক ধন ৰাহি কৰা হৈছে। অনলাইন চাইবাৰ অভিযোগ দাখিল কৰাত সহায়  হোৱাকৈ এটা টোল ফ্ৰী হেল্পলাইন নম্বৰ ‘১৯৩০’ কাৰ্যকৰী কৰা হৈছে।

৪.আই ৪ চিত এটা ষ্টেট অৱ দ্য আৰ্ট, চাইবাৰ জালিয়াতি প্ৰশমন কেন্দ্ৰ (চি এফ এম চি) স্থাপন কৰা হৈছে । য’ত প্ৰধান বেংক, বিত্তীয় মধ্যস্থতাকাৰী, পেমেণ্ট এগ্ৰিগেটৰ, টেলিকম সেৱা প্ৰদানকাৰী, তথ্য প্ৰযুক্তি (আই টি) মধ্যস্থতাকাৰী আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰতিনিধিয়ে চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা তথা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে একেলগে কাম কৰি আহিছে।

৫. এতিয়ালৈকে আৰক্ষী কৰ্তৃপক্ষই জনোৱা অনুসৰি ৯.৪২ লাখতকৈ অধিক চিম (ছাবস্ক্ৰাইবাৰ আইডেণ্টিটি মডিউল) কাৰ্ড আৰু ২,৬৩,৩৪৮টা আইএমইআই (আন্তঃৰাষ্ট্ৰীয় মোবাইল ইকুইপমেণ্ট আইডেন্টিটি) ভাৰত চৰকাৰে ব্লক কৰিছে।

৬. ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীৰ তদন্তকাৰী বিষয়া (আই অ’)সকলক প্ৰাৰম্ভিক পৰ্যায়ৰ চাইবাৰ ফৰেনছিক সহায় আগবঢ়াবলৈ নতুন দিল্লীত আই৪চিৰ অংশ হিচাপে অত্যাধুনিক “ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনছিক লেবৰেটৰী (তদন্ত)” স্থাপন কৰা হৈছে ।

 

এতিয়ালৈকে নেচনেল চাইবাৰ ফৰেনছিক লেবৰেটৰী (তদন্ত)-এ  চাইবাৰ অপৰাধৰ সৈতে জড়িত প্ৰায় ১২,৪৬০টা গোচৰত ৰাজ্যিক/কেন্দ্ৰীয়শাসিত এল ই এসমূহক নিজৰ সেৱা আগবঢ়াইছে।

 

উপলব্ধ তথ্য অনুসৰি দেশত ৬০৫টা জিলা ভ্ৰাম্যমাণ ইউনিট/লেব আছে, এই লেবসমূহে ঠাইতে পৰীক্ষা আৰু প্ৰমাণ সংৰক্ষণৰ সুবিধা প্ৰদান কৰে, যিয়ে তদন্ত প্ৰক্ৰিয়াত সহায় কৰে।

আন্তঃকাৰ্য্যকৰী অপৰাধমূলক ন্যায় ব্যৱস্থাই (আইচিজেএছ) স্বতন্ত্ৰ আইটি ব্যৱস্থা (অপৰাধ আৰু অপৰাধমূলক অনুসৰণ নেটৱৰ্ক আৰু ব্যৱস্থা, ই-ফৰেনছিক,ই-বিচাৰ, ই-আদালত আৰু ই-কাৰাগাৰ) স্তম্ভসমূহৰ মাজত তথ্যৰ নিৰৱচ্ছিন্ন স্থানান্তৰৰ দিশত, তথ্য প্ৰৱেশৰ ভুল হ্ৰাস কৰি তথ্যৰ মান বৃদ্ধি কৰি,অনুসন্ধানত ফলপ্ৰসূতা আৰু সময়োপযোগীতা বৃদ্ধি কৰা, তথ্য বিশ্লেষণৰ ফলপ্ৰসূ ব্যৱহাৰ সক্ষম কৰি তুলিছে।

২০২৫ চনৰ জুন মাহলৈকে ১৭,৭১২ খন আৰক্ষী থানাত ক্ৰাইম এণ্ড ক্রিমিনেল ট্ৰেকিং নেটৱৰ্ক এণ্ড চিষ্টেম (চিচিটিএনএছ) ৰূপায়ণ কৰা হৈছে।

 

১১৭টা ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰত ই-ফৰেনছিকৰ ব্যৱস্থা কৰাৰ লগতে , ৭৫১খন প্ৰচিকিউচন জিলাত ই-প্ৰচিকিউচন, ৩,৬৩৭টা  আদালত চৌহদত  ই-ক’ৰ্ট আৰু সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১,৩৭৩টা কাৰাগাৰত ই-কাৰাগাৰৰ ব্যৱস্থা কৰা হৈছে।

 

উপলব্ধ তথ্য  অনুসৰি ই-কাৰাগাৰৰ সৈতে চিচিটিএনএছৰ ফৰৱাৰ্ড ইণ্টিগ্ৰেছন ক্ৰমে ৩২, ২৮, ৩২ আৰু ৩৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সম্পূৰ্ণ কৰা হৈছে  লগতে ই-কাৰাগাৰ, ই-প্ৰচিকিউচন, ই-ফৰেনছিক তথা ই-কোৰ্টৰ পৰা চিচিটিএনএছলৈ বেকৱাৰ্ড ইণ্টিগ্ৰেছন ক্ৰমে ৩০, ২৬, ৩০ আৰু ৩১ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সম্পূৰ্ণ  কৰা হৈছে।

********

 

চিএপিএফসমূহত কল্যাণমূলক আঁচনি, গৃহ নিৰ্মাণ আৰু স্বাস্থ্যসেৱাৰ বাবে ৰূপায়িত পদক্ষেপসমূহৰ সবিশেষ

 

ভাট্টা:

চৰকাৰে বিভিন্ন ভাট্টা প্ৰদান কৰিছে যেনে- অতিৰিক্ত বিনামূলীয়া ৰে'লৱে ৱাৰেণ্ট/এলটিচি, কাশ্মীৰ উপত্যকাত নিযুক্তি দিয়া চিএপিএফৰ কৰ্মীসকলক ৱাই ক্লাছ চিটিৰ হাৰত অতিৰিক্ত ঘৰ ভাড়াৰ ভাট্টা (এইচআৰএ) (১৬%), জম্মু আৰু কাশ্মীৰত নিযুক্তিপ্ৰাপ্ত অ-অন্যকূল চিএপিএফৰ কৰ্মীসকলক এয়াৰ ট্ৰেভেলৰ সুবিধা, পোছাক ভাট্টা, বিষয়া পদৰ  তলৰ কৰ্মীক (পিবিঅ’আৰ) আৱাসৰ বাবে ক্ষতিপূৰণৰ ব্যৱস্থা, কৰ্মীৰ ৰক্ষণাবেক্ষণ ভাট্টা, চিএপিএফৰ কৰ্মীসকলৰ বাবে শিক্ষাৰ ক্ষেত্ৰত ৰেহাই প্ৰদানৰ  সুবিধা আদি।

গৃহ নিৰ্মাণৰ ক্ষেত্ৰত  সন্তুোষজনক অগ্ৰগতি :

২০১৯ চনৰ পৰা ৩০.০৬.২০২৫ লৈকে  ১৬,৩৬৪টা নতুন ঘৰ নিৰ্মাণ কৰা হৈছে, যাৰ ফলত মুঠ ঘৰৰ সংখ্যা ১,৩৩,৮৪৫টা হৈছে আৰু গৃহ নিৰ্মাণৰ সন্তুষ্টিৰ মাত্ৰা ৪৮.৮০%হৈছে ।

চিএপিএফ ইআৱাস পৰ্টেল:

চিএপিএফ, অসম ৰাইফলছ (AR) ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF)ৰ জোৱানসকলৰ বাবে গৃহ আবণ্টন প্ৰক্ৰিয়াত স্বচ্ছতা অনাৰ অৰ্থে  ০১.০৯.২০২২ তাৰিখে “চিএপিএফ ইআৱাস পৰ্টেল” নামৰ এটা ৱেব পৰ্টেল প্ৰস্তুত কৰা হৈছে, য’ত মুঠ ৬,৫৯,১৫৫ জন জোৱান পঞ্জীয়ন কৰা হৈছে আৰু মুঠ ১,৩১,৫১৯ জন জোৱানক ঘৰ আবণ্টন কৰা হৈছে।

এই ৱেব-পৰ্টেলত আন্তঃবাহিনী (ইণ্টাৰ-ফোৰ্চ)ৰ ঘৰ আবণ্টনৰ সুবিধা আছে, এতিয়ালৈকে মুঠ ১১৫৪ জন কৰ্মীক আন্তঃবাহিনীৰ ঘৰ আবণ্টন দিয়া হৈছে।

 

কল্যাণমূলক আঁচনিসমূহঃ

এক্স-গ্ৰেছিয়া পেমেণ্ট: কৰ্তব্যৰ সময়ত দুৰ্ঘটনাৰ ফলত মৃত্যু ঘটাৰ দৰে  দুৰ্ভাগ্যজনক পৰিস্থিতিত চিএপিএফৰ কৰ্মীৰ নিকট  আত্মীয়ই ২৫ লাখ টকা লাভ কৰে। সন্ত্ৰাসবাদীৰ হিংসাত্মক কাৰ্য্যৰ ফলত বা শত্ৰুৰ আক্ৰমণৰ ফলত হোৱা মৃত্যুৰ বাবে ক্ষতিপূৰণ ৩৫  লাখ টকা আদায় দিয়া হয়।

 

চিএপিএফৰ দৰমহা পেকেজ আঁচনিৰ অধীনত আকস্মিক মৃত্যুৰ বীমা কভাৰেজ:

 

এই নীতিয়ে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা কৰ্মীৰ পৰিয়ালক আৰ্থিক সহায় আগবঢ়ায়।

 

 

প্ৰধানমন্ত্ৰীৰ বৃত্তি আঁচনি (পিএমএছএছ): চিএপিএফ আৰু অসম ৰাইফলছৰ কৰ্মীসকলৰ ওপৰত নিৰ্ভৰশীল লোক আৰু বিধৱাসকলৰ মাজত উচ্চ কাৰিকৰী  তথা পেছাদাৰী শিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই আঁচনিখনে বছৰি ২০০০ বৃত্তি (ল’ৰাৰ বাবে ১০০০ আৰু ছোৱালীৰ বাবে ১০০০) প্ৰদান কৰে। বৃত্তিৰ ধনৰাশি ছোৱালীৰ বাবে প্ৰতিমাহে ৩,০০০ আৰু ল’ৰাৰ বাবে প্ৰতিমাহে ২,৫০০ টকা, এই ধন বছৰি ক্ৰমে ৩৬,০০০ আৰু ৩০,০০০ টকা হিচাপে প্ৰদান কৰা হয়।

 

অৱদানমূলক কল্যাণ পুঁজি: অৱদানমূলক কল্যাণ পুঁজিৰ পৰা মৃত চিএপিএফৰ কৰ্মীসকলৰ নিকট আত্মীয়লৈ পেআউটৰ একাকাৰীতা আনিবলৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হৈছে।

 

চিএপিএফৰ কৰ্মীৰ ওপৰত ওপৰত নিৰ্ভৰশীল লোক বাবে কোটা:- এমবিবিএছত ২৬ খন আসন আৰু  বেচেলৰ অৱ ডেণ্টেল চাৰ্জাৰী (BDS) ত ৩ খন আসন সেৱা আগবঢ়োৱা/মৃত চিএপিএফ আৰু আছাম ৰাইফলছৰ কৰ্মীৰ  ওপৰত নিৰ্ভৰশীল সদস্যৰ বাবে সংৰক্ষিত কৰা হৈছে।

 

কল্যাণ আৰু পুনৰ্বাসন ব’ৰ্ড (WARB): অৱসৰপ্ৰাপ্ত চিএপিএফ কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণ তথা পুনৰ্বাসনৰ বিষয়  তদাৰক কৰিবলৈ স্থাপন কৰা হৈছে এই ব’ৰ্ড, মৃত বা অক্ষম কৰ্মীৰ নিকট আত্মীয়কে ধৰি, নিৰ্ভৰশীল ব্যক্তিৰ বাবে এই ব’ৰ্ডে সমগ্ৰ দেশতে ৰাজ্যিক তথা  জিলা কল্যাণ বিষয়াৰ জৰিয়তে কাম কৰে।

 

“চিএপিএফ পুনৰ্বাস  ” আঁচনি: - ব্যক্তিগত সুৰক্ষা সংস্থা (নিয়ন্ত্ৰণ) আইন (PSARA) ৱেবছাইটক WARB ৱেবছাইটৰ সৈতে সংযোগ কৰি “চিএপিএফ পুনৰ্বাস  ” আঁচনি আৰম্ভ কৰা হৈছে,  য’ত অৱসৰপ্ৰাপ্ত আৰু ইচ্ছুক প্ৰাক্তন চিএপিএফ আৰু আছাম ৰাইফলছৰ কৰ্মীৰ তথ্য ব্যক্তিগত সুৰক্ষা সংস্থাসমূহত পুনৰ নিযুক্তিৰ বাবে PSARA ৱেবছাইটত উপলব্ধ কৰা হয়।

 

চিকিৎসা সুবিধা: অৱসৰপ্ৰাপ্ত কৰ্মী আৰু তেওঁলোকৰ পত্নীয়ে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি /চিএপিএফ চিকিৎসালয়ৰ পৰা চিকিৎসা সুবিধা বা প্ৰতিমাহে ১০০০ টকাৰ  চিকিৎসা ভাট্টা লাভ কৰে।

 

কেন্দ্ৰীয় আৰক্ষী কল্যাণ ভাণ্ডাৰ (কেপিকেবি): পূৰ্বতে কেন্দ্ৰীয় আৰক্ষী কেণ্টিন নামেৰে পৰিচিত কেপিকেবিয়ে যোগানকাৰীৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ জৰিয়তে চিএপিএফৰ কৰ্মীসকলক ৰেহাই মূল্যত মানসম্পন্ন সামগ্ৰী যোগান ধৰে।

 

উদাৰীকৰণ পেঞ্চন বঁটা (এল পি এ) আৰু অসাধাৰণ পৰিয়াল/অক্ষমতা পেঞ্চন (ই এফ পি): অনাহূত পৰিস্থিতিৰ বিপদৰ বাবে মৃত্যু বা অক্ষমতাৰ সন্মুখীন হোৱা চি এ পি এফ কৰ্মীসকলৰ পৰিয়ালৰ বাবে বিশেষ পেঞ্চন আঁচনি প্ৰস্তুত  কৰা হৈছে, যাৰ জড়িয়তে  তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ বাবে আৰ্থিক সুৰক্ষা নিশ্চিত কৰা হৈছে।

 

পৰিশিষ্ট-১

 স্বাস্থ্যসেৱাৰ সহায় :

১. চিএপিএফ, আছাম ৰাইফলছ আৰু এনএছজিৰ কৰ্মী তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষই এক যৌথ পদক্ষেপ গ্ৰহণ কৰিছে, ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষৰ (NHA) আই টি প্লেটফৰ্মৰ জৰিয়তে নগদবিহীন স্বাস্থ্যসেৱা সেৱা প্ৰদান কৰিছে। ২০২১ চনৰ ২৩ জানুৱাৰীত অসমত আয়ুষ্মান চিএপিএফ আৰম্ভ কৰা হয় আৰু পৰৱৰ্তী সময়ত সমগ্ৰ দেশতে পৰ্যায়ক্ৰমে সেয়া কাৰ্যকৰী কৰা হয়।

২. বৰ্তমান এন এইচ এৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত ২,০০৬ খন চি জি এইচ এছ এম্পেনেলেড চিকিৎসালয় আৰু ৩২,১০০ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী - জন আৰোগ্য যোজনা (এ বি পি এম জে এ ৱাই) এম্পেনেলেড চিকিৎসালয়ত হিতাধিকাৰীক নগদবিহীন চিকিৎসা প্ৰদান কৰা হৈছে।

৩. চিএপিএফ, আছাম ৰাইফলছ আৰু এনএছজিৰ  কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ বাবে প্ৰায় ৪১ লাখ আয়ুষ্মান চিএপিএফ পৰিচয় পত্ৰ সৃষ্টি কৰা হৈছে।

এই কথা গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত নিত্যানন্দ ৰায়ে লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত প্ৰকাশ কৰে। ***

RK/VV/RR/HS/PS/PR/DM


(Release ID: 2155915)
Read this release in: English , Urdu , Hindi