নৌ-পৰিবহন মন্ত্ৰালয়
সামগ্ৰী পৰিবহণত অভ্যন্তৰীণ জলপথৰ ভূমিকা
Posted On:
12 AUG 2025 3:37PM by PIB Guwahati
বাৰ্ষিক বৃদ্ধিৰ হাৰৰ লগতে যোৱা পাঁচ বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় জলপথত (NW) সামগ্ৰী পৰিবহণৰ বিৱৰণ তলত দিয়া হৈছে:
বছৰ
|
২০২০-২১
|
২০২১-২২
|
২০২২-২৩
|
২০২৩-২৪
|
২০২৪-২৫
|
কাৰ্গো পৰিবহণ
(মিলিয়ন টনৰ হিচাপত)
|
৮৩.৬১
|
১০৮.৭৯
|
১২৬.১৫
|
১৩৩.০৩
|
১৪৫.৮৪
|
পূৰ্বৰ বছৰৰ বাৰ্ষিক বিকাশ
|
-
|
৩০.১৩%
|
১৫.৯৫%
|
৫.৪৫%
|
৯.৬৩%
|
আভ্যন্তৰীণ জল পৰিবহণ (IWT) হৈছে এক অৰ্থনৈতিক, নিৰাপদ আৰু পৰিৱেশ অনুকূল পৰিবহণ ব্যৱস্থা। বিশ্ব বেংকে কৰা অধ্যয়ন অনুসৰি পৰিচালনা ব্যয় আই ডব্লিউ টি মোডত প্ৰতি টন কিলোমিটাৰত ১.২ টকা। ৰে’লযোগে প্ৰতি টন কিলোমিটাৰত ১.৪ আৰু পথৰ দ্বাৰা প্ৰতি টন কিলোমিটাৰত ২.২৮টকা। ৰে’ল আৰু পথৰ তুলনাত আভ্যন্তৰীণ জল পৰিবহণৰ (আই ডব্লিউ টি) আৰ্থ-সামাজিক আৰু পৰিৱেশগত লাভৰ বিষয়ে তলত বিতংভাৱে উল্লেখ কৰা হৈছে।
আই ডব্লিউ টি মোডৰ আৰ্থ-সামাজিক আৰু পৰিৱেশগত সুবিধাসমূহ:
১। সস্তা পৰিচালনা ব্যয় আৰু তুলনামূলকভাৱে কম ইন্ধনৰ ব্যৱহাৰ
বিবেচিত কাৰক
|
বিবেচিত হাৰ
|
উৎস
|
জলপথ
|
পথ
|
ৰে’ল
|
শক্তি উপভোগ
|
০.০০৪৮
লিটাৰ/টন কিলোমিটাৰ
|
০.০৩১৩
লিটাৰ/টন কিলোমিটাৰ
|
০.০০৮৯
লিটাৰ/টন কিলোমিটাৰ
|
শ্বিপিং আৰু আইডব্লিউটিৰ সন্দৰ্ভত একাদশ পৰিকল্পনা কৰ্মীগোটৰ প্ৰতিবেদন
|
বাহন চলাচল ব্যয়
|
০.৮৪৩
টকা /টন কিলোমিটাৰ
|
১.১7০
টকা /টন কিলোমিটাৰ
|
১.০০৯
টকা /টন কিলোমিটাৰ
|
পৰিকল্পনা আয়োগ: মুঠ পৰিবহণ ব্যৱস্থা (টিটিএছ) অধ্যয়ন
|
২। কম প্ৰদূষণকাৰী আৰু পৰিৱেশ অনুকূল পৰিবহণ ব্যৱস্থা
বিবেচিত কাৰক
|
বিবেচিত হাৰ (টকা/টন কিলোমিটাৰ)
|
উৎস
|
জলপথ
|
পথ
|
ৰে’ল
|
সেউজ গৃহ গেছ (GHGs) নিৰ্গমন
|
০.০০০৬
|
০.০০৩১
|
০.০০০৬
|
দ্বাদশ পঞ্চ বাৰ্ষিক পৰিকল্পনা
|
ৰাষ্ট্ৰীয় জলপথ-১ (গংগা-ভাগীৰথী-হুগলী নদী ব্যৱস্থা)ৰ কাষেৰে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (আইডব্লিউএআই) বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ এটা স্বতন্ত্ৰ সংস্থাই ৰাষ্ট্ৰীয় ঘাইপথ লজিষ্টিক মেনেজমেণ্ট লিমিটেড (এন এইচ এল এম এল) [ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ সহযোগী প্ৰতিষ্ঠান] অৰ্থাৎ দুটা বহুমুখী লজিষ্টিক হাব অৰ্থাৎ মালবাহী গাঁৱৰ উন্নয়নৰ বাবে সমৰ্পিত বাৰাণসী আৰু চাহিবগঞ্জত ক্ৰমে বাৰাণসী আৰু চাহিবগঞ্জ মাল্টি মডেল টাৰ্মিনেলৰ কাষতে থকা ঔদ্যোগিক লজিষ্টিক পাৰ্ক (আইচিএলপি)ৰ ব্যৱস্থা কৰিছে।
ইণ্ডিয়া প’ৰ্ট ৰে’ল আৰু ৰ’পৱে কৰ্প’ৰেশ্যন লিমিটেডে ডেডিকেটেড ফ্ৰেইট কৰিডৰ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড (ডিএফচিচিআইএল)ৰ সৈতে মাল্টি-মডেল টাৰ্মিনেল (এমএমটি) বাৰাণসী/মালবাহী গাঁৱলৈ ৰে’ল সংযোগ বিকাশৰ বাবে নিয়োজিত হৈছে। একেদৰে চাহিবগঞ্জ এমএমটি/আইচিএলপি আৰু হালদিয়া এমএমটিৰ সৈতে ৰেল সংযোগৰ কামো আইপিআৰচিএলৰ জৰিয়তে আৰম্ভ কৰা হৈছে। মালবাহী গাঁও/আইচিএলপিৰ স্থানসমূহত পথৰ জৰিয়তে ঔদ্যোগিক কৰিডৰৰ সৈতে প্ৰত্যক্ষ সংযোগ আছে। উপকূলীয় অৰ্থনৈতিক অঞ্চলৰ সৈতে অধিক সংহতিৰ বাবে কলকাতা আৰু হালদিয়াৰ বন্দৰৰ সৈতে ৰাষ্ট্ৰীয় জলপথ-১ৰ প্ৰত্যক্ষ সংযোগ আছে।
অসমৰ ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ নদী)ত যোগীঘোপাৰ আই ডব্লিউ টি টাৰ্মিনেলৰ মাল্টি মডেল লজিষ্টিক পাৰ্ক (এম এম এল পি), যোগীঘোপাৰ সৈতে পোনপটীয়া সংযোগ আছে, যিটো ভাৰত-বাংলাদেশ প্ৰট’কল ৰুটৰ জৰিয়তে হালদিয়া/কলকাতাৰ গেটৱে বন্দৰৰ সৈতে অধিক সংযুক্ত।
ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰীযুত সৰাবানন্দ সোণোৱালে।
*****
SR/GDH/HK/DB
(Release ID: 2155874)