গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

হৰ ঘৰ ত্ৰিৰংগা – ২০২৫ অভিযানৰ অধীনত বি এছ এফৰ গুৱাহাটী সীমান্তৰ উদ্যোগত চাইকেল ৰেলী

प्रविष्टि तिथि: 12 AUG 2025 5:19PM by PIB Guwahati

হৰ ঘৰ ত্ৰিৰংগা– ২০২৫ অভিযান উপলক্ষে গ্ৰহণ কৰা এলানি অনুষ্ঠানৰ অংশ হিচাপে আজি পাটগাঁৱস্থিতি সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ), গুৱাহাটীৰ সীমান্তৰ মুখ্য কাৰ্যালয়ত গুৱাহাটী সীমান্তৰ উদ্যোগত মটৰ চাইকেল/চাইকেল ৰেলীৰ আয়োজন কৰা হয়। ভাৰতীয় নাগৰিকৰ মাজত একতা, দেশপ্ৰেম আৰু জাতীয় গৌৰৱৰ ভাৱ গঢ়ি তোলাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে পতাকা উত্তোলন কৰে বিএছএফ গুৱাহাটী সীমান্তৰ উপ-মহাপৰিদৰ্শক (পিএছঅ’) শ্ৰী ৰাজেশ কুমাৰে। পাটগাঁৱৰ বিএছএফ কেম্পাছৰ পৰা আৰম্ভ কৰি এক’লেণ্ড-ৰাণী ৰোড হৈ ১০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি পুনৰ বিএছএফ কেম্পাছত এই ৰেলী সমাপ্ত হয়।

চাইকেল ৰেলীত বিএছএফৰ গুৱাহাটী সীমান্তৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ), বিএছএফ এয়াৰ উইং আৰু কম্পোজিট হস্পিতাল পাটগাঁৱৰ প্ৰথম বেটেলিয়নৰ বিষয়া, অন্যান্য বিষয়া আৰু সীমান্তৰ বহু লোককে ধৰি প্ৰায় ২১৪গৰাকী অংশগ্ৰহণকাৰীয়ে অতি উৎসাহেৰে অংশগ্ৰহণ কৰে।

সভাত আগবঢ়োৱা ভাষণত শ্ৰী ৰাজেশ কুমাৰে দৃঢ়তাৰে কয় যে নাগৰিকৰ মাজত ঐক্য আৰু দেশপ্ৰেমৰ মনোভাৱ জগাই তোলাৰ লগতে প্ৰতিটো ভাৰতীয় পৰিয়ালক গৌৰৱেৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি হৰ ঘৰ ত্ৰিৰংগা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ মটৰ চাইকেল/চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে।

 

*****

PG/BM/DB


(रिलीज़ आईडी: 2155755) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English