উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে ৪৫.৩১ কোটি টকাৰ মঙ্গলদৈ-মাজিকুছি পথ প্ৰকল্পৰ অনুমোদন জনাইছে
Posted On:
07 AUG 2025 3:21PM by PIB Guwahati
উত্তৰ-পূর্বাঞ্চলৰ পথ আন্তঃগাঁথনি উন্নীত কৰাৰ প্রয়াসত উত্তৰ-পূর্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে (এমড'নাৰ) বুধবাৰে (৬ আগষ্ট, ২০২৫) অসমত ৪৫.৩১ কোটি টকা ব্যয় সাপেক্ষে ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১১+০০০ কিলোমিটাৰৰ পৰা ২৬+২০০ কিলোমিটাৰলৈকে মঙ্গলদৈ-মাজিকুছি পথ নিৰ্মাণৰ বাবে অনুমোদন জনায়।
উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি (এনইএছআইডিএছ) - পথৰ অধীনত এই প্ৰকল্পটো ৰূপায়ণ কৰা হ’ব।
প্ৰকল্পটোৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে:
- এই পথটো দৰং জিলাৰ সদৰ মঙ্গলদৈ আৰু ওদালগুৰি জিলাৰ মহকুমা সদৰ ভেৰগাঁৱৰ পোনপটীয়া সংযোগস্থল হ’ব।
- ইয়াৰ ফলত মঙ্গলদৈ আৰু ভেৰগাঁৱৰ মাজৰ দূৰত্ব ৭.২ কিলোমিটাৰ হ্ৰাস কৰিব।
- ইয়াৰ জৰিয়তে দেওমৰনৈ মহাবিদ্যালয়কে ধৰি ৭খন শিক্ষানুষ্ঠানৰ সুলভতা বৃদ্ধি কৰিব।
- এই পথটোৱে পাথৰিঘাট কৃষক শ্বহিদ স্মৃতিসৌধ আৰু খতৰা সত্ৰ, ঐতিহাসিক লখিমপুৰ পুখুৰী, ৰামগাঁও পুখুৰী আদি গুৰুত্বপূৰ্ণ পৰ্যটন স্থানসমূহৰ সৈতে সংযোগ উন্নত কৰিব।
মন কৰিবলগীয়া যে এনইএছআইডিএছ (পথ) ভাৰতৰ উত্তৰ-পূবাঞ্চলৰ আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ডিজাইন কৰা উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ (এনইএছআইডিএছ) এটা গুৰুত্বপূৰ্ণ উপাদান। ভাৰত চৰকাৰৰ সম্পূৰ্ণ পুঁজিৰে এনইএছআইডিএছ নিজ নিজ ৰাজ্য চৰকাৰৰ সহযোগত এমড'নাৰৰ দ্বাৰা নিখুঁতভাৱে নিৰীক্ষণ আৰু তত্বাৱধান কৰা হয়।
চাৰিখন ফ্লেগশ্বিপ আঁচনিৰ জৰিয়তে অঞ্চলটোৰ উন্নয়নক আগুৱাই নিয়াত এমড'নাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যথা- পিএম-ডিভাইন আঁচনি, উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি (এনইএছআইডিএছ) – পথ, উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি (এনইএছআইডিএছ) – অ’টিআৰআই, আৰু উত্তৰ-পূব পৰিষদৰ আঁচনি (এনইচি)।
Samrat/Allen/AA
(Release ID: 2153937)