যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

অসম অনুজ্ঞাপত্ৰপ্ৰাপ্ত সেৱা এলেকাৰ অধীনত সমগ্ৰ ধুবুৰী আৰু কোকৰাঝাৰ চহৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ নেটৱৰ্কৰ মানদণ্ডৰ মূল্যায়ন ট্ৰাইৰ

Posted On: 25 JUL 2025 6:14PM by PIB Guwahati

ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই ২০২৫ চনৰ জুন মাহত অনুষ্ঠিত হোৱা অসম অনুজ্ঞাপত্ৰপ্ৰাপ্ত সেৱা এলেকাৰ (এল এছ এ) স্বতন্ত্ৰ ড্ৰাইভ টেষ্টৰ ফলাফল প্ৰকাশ কৰিছে।ধুবুৰী আৰু কোকৰাঝাৰৰ মূল চহৰৰ পথসমূহ সামৰি লোৱা এই পৰীক্ষা কলকাতাত ট্ৰাইৰ আঞ্চলিক কাৰ্যালয়ৰ তত্বাৱধানত কৰা হৈছিল। বাস্তৱ জগতৰ মোবাইল নেটৱৰ্কৰ পৰিৱেশন মূল্যায়ন কৰাৰ লক্ষ্যৰে এই ড্ৰাইভ পৰীক্ষাই নগৰীয়া অঞ্চল, প্ৰতিষ্ঠানিক হটস্পট, আৰু গ্ৰাম্য আৱাসিক অঞ্চলকে ধৰি বিভিন্ন পৰিৱেশ সামৰি লৈছিল।

২০২৫ চনৰ ১৪ আৰু ১৬ জুনৰ ভিতৰত ট্ৰাইৰ দলসমূহে সমগ্ৰ ধুবুৰী, কোকৰাঝাৰ, আৰু ওচৰৰ অঞ্চলসমূহত ১৫৯.০ কিলোমিটাৰ চহৰৰ পথ আৰু ৮টা হটস্পট স্থান সামৰি বিস্তৃত ড্ৰাইভ পৰীক্ষা চলাইছিল। মূল্যায়নটোৱে একাধিক নেটৱৰ্ক প্ৰযুক্তি—২জি, ৩জি, ৪জি, আৰু ৫জি—সামগ্ৰিকভাৱে সামৰি লৈছিল যাতে বিভিন্ন হেণ্ডছেট ক্ষমতাৰ মাজেৰে ব্যৱহাৰকাৰীৰ অভিজ্ঞতা প্ৰতিফলিত হয়। আইডিটিৰ তথ্য সংশ্লিষ্ট সকলো টেলিকম সেৱা প্ৰদানকাৰীক (টিএছপি) অৱগত কৰা হৈছে।

মূল্যায়ন কৰা মুখ্য দিশবোৰ:

  1. ভইচ সেৱাসমূহ: কল ছেটআপ সফলতাৰ হাৰ (CSSR), ড্ৰপ কল হাৰ (DCR), কল ছেটআপ সময়, কল নিস্তব্ধ হাৰ, কথাৰ মান (MOS), কভাৰেজ।
  2. ডাটা সেৱাসমূহ: ডাউনলোড/আপলোড থ্ৰুপুট, লেটেন্সি, জিটাৰ, পেকেট ড্ৰপ হাৰ, আৰু ভিডিঅ' ষ্ট্ৰীমিং বিলম্ব।

ধুবুৰী আৰু কোকৰাঝাৰত মোবাইল নেটৱৰ্কৰ সামগ্ৰিক প্ৰদৰ্শন তলত সংক্ষিপ্তভাৱে উল্লেখ কৰা হৈছে:

কল ছেটআপ সফলতাৰ হাৰ – এয়াৰটেল, বিএছএনএল, আৰজেআইএল আৰু ভিআইএলৰ কল ছেটআপৰ সফলতাৰ হাৰ ক্ৰমে ১০০%, ৭৯.০৭%, ১০০% আৰু ৯৭.১৮% অটো-চেলেকচন মোডত (৫জি/৪জি/৩জি/২জি)।

ড্ৰপ কল ৰেট - এয়াৰটেল, বিএছএনএল, জিআইঅ’ আৰু ভিআইৰ ড্ৰপ কল ৰেট ক্ৰমে ০.০০%, ১.৬৮%, ০.০০% আৰু ১.০৯% অটো-চেলেকচন মোডত (৫জি/৪জি/৩জি/২জি)।

৫জি ডাটা সেৱাই চহৰৰ হটস্পটত ২১৯.৭৭ এমবিপিএছ পোৱা শীৰ্ষ ডাউনলোড গতি আৰু ২০.৫৫ এমবিপিএছ স্পৰ্শ কৰা আপলোডৰ গতি প্ৰদান কৰে।

ধুবুৰীত এই মূল্যায়নে চোকাপাৰা পইণ্ট তৃতীয়, গোপীগাঁও পইণ্ট তৃতীয়, বঙালীপাৰা পইণ্ট দ্বিতীয়, বগৰীবাৰী, আলোমগঞ্জ, খুদিমাৰী, ঝগ্ৰাৰপাৰ, আৰু বিদ্যাপাৰা আদি অঞ্চল সামৰি লৈছিল। কোকৰাঝাৰত ড্ৰাইভ টেষ্টত ডবগাঁও, খাৰগাঁও, মাগুৰমাৰী, হাতীমাথা, নৰাবাৰী, ওৱাবাৰী, গেন্দ্ৰবিল, আৰু মকৰাপাৰাৰ দৰে স্থান অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ উপৰিও, TRAI এ ব্যৱহাৰকাৰীৰ অভিজ্ঞতা মূল্যায়ন কৰিবলৈ মূল স্থবিৰ স্থানসমূহত বাস্তৱ জগতৰ নেটৱৰ্কৰ অৱস্থাৰ মূল্যায়ন কৰিছিল, য'ত অন্তৰ্ভুক্ত আছিল: (i) বি.এন. কলেজ, ধুবুৰী (ii) চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য, কোকৰাঝাৰ (iii) উপাযুক্তৰ কাৰ্যালয়, কোকৰাঝাৰ (iv) ধুবুৰী বাছ ষ্টেণ্ড (v) আই ডব্লিউ ডি ৰ’-ৰো ধুবুৰী নদী বন্দৰ (vi) কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় (vii) কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (viii) ধুবুৰীৰ উপ আয়ুক্ত আৰু আদালত ভৱনৰ কাৰ্যালয়।

মুখ্য QoS দিশসমূহৰ বিপৰীতে প্ৰদৰ্শন:

CSSR: কল ছেটআপ সফলতাৰ হাৰ (%), CST: কল ছেটআপ সময় (ছেকেণ্ডত), DCR: কল হাৰ ড্ৰপ (%) আৰু MOS: গড় মতামত স্ক'ৰ।

Text Box: Summary-Data servicesData Download performance (Overall): Average download speed of Airtel (5G/4G) is 124.61 Mbps, BSNL (4G/2G) is 3.00 Mbps, RJIL (5G/4G) is 219.77 Mbps and VIL (4G/2G) is 23.69 Mbps.Data Upload performance (Overall): Average upload speed of Airtel (5G/4G/) is 20.55 Mbps, BSNL (4G/2G) is 4.82 Mbps, RJIL (5G/4G) is 15.36 Mbps and VIL (4G/2G) is 7.65 Mbps.Data performance - Hotspots (in Mbps): Airtel- 4G D/L: 54.13       4G U/L: 13.67            5G D/L: 50.60       5G U/L: 14.65BSNL- 4G D/L: 4.08         4G U/L: 9.02RJIL-   4G D/L: 37.55       4G U/L: 7.72            5G D/L: 92.00       5G U/L: 6.64VIL-    4G D/L: 15.81       4G U/L: 6.53 Note- “D/L” Download speed, “U/L” Upload speed

সাৰাংশ-কণ্ঠ সেৱা

কল ছেটআপ সফলতাৰ হাৰ: এয়াৰটেল, বিএছএনএল, আৰজেআইএল আৰু ভিআইএলৰ কল ছেটআপৰ সফলতাৰ হাৰ ক্ৰমে ১০০.০০%, ৭৯.০৭%, ১০০.০০% আৰু ৯৭.১৮% অটো-চেলেকচন মোডত (৫জি/৪জি/৩জি/২জি)।

কল ছেটআপ সময়: এয়াৰটেল, বিএছএনএল, জিআইঅ' আৰু ভিআইৰ কল ছেটআপ সময় ক্ৰমে ২.০২, ৩.১৯, ০.৬৩ আৰু ১.৫৪ ছেকেণ্ড অটো-চেলকচন মোডত (৫জি/৪জি/৩জি/২জি)।

ড্ৰপ কল ৰেট: এয়াৰটেল, বিএছএনএল, জিআইঅ’ আৰু ভিআইৰ ড্ৰপ কল ৰেট ক্ৰমে ০.০০%, ১.৬৮%, ০.০০% আৰু ১.০৯% অটো-চেলকচন মোডত (৫জি/৪জি/৩জি/২জি)।

কল চাইলেন্স/ম্যুট ৰেট: পেকেট চুইচড নেটৱৰ্ক (৫জি/৪জি)ত এয়াৰটেল, আৰজেআইএল আৰু ভিআইএলৰ চাইলেন্স কল ৰেট ক্ৰমে ০.০০%, ১.০৫% আৰু ১.৫৮%।

গড় মতামত স্ক (এম এছ): এয়াৰটেল, বি এছ এন এল, আৰ জি আই এল আৰু ভি আই এলৰ গড় এম অ’ এছ ক্ৰমে ৪.০৩, ২.৯৭, ৩.৮৯ আৰু ৪.৬০।

 

Text Box: Summary-Voice servicesCall Setup Success Rate: Airtel, BSNL, RJIL and VIL have call setup success rate of 100.00%, 79.07%, 100.00% and 97.18% respectively in Auto-selection mode (5G/4G/3G/2G).Call Setup Time: Airtel, BSNL, RJIL and VIL have call setup time of 2.02, 3.19, 0.63 & 1.54 seconds respectively in Auto-selection mode (5G/4G/3G/2G).Drop Call Rate: Airtel, BSNL, RJIL and VIL have drop call rate of 0.00%, 1.68%, 0.00% & 1.09% respectively in Auto-selection mode (5G/4G/3G/2G). Call Silence/Mute Rate: Airtel, RJIL and VIL have silence call rate 0.00%, 1.05% and 1.58% respectively in packet switched network (5G/4G).Mean Opinion Score (MOS): Airtel, BSNL, RJIL and VIL have Average MOS of 4.03, 2.97, 3.89 & 4.60 respectively.
  
A screenshot of a graphAI-generated content may be incorrect.

 

সঠিকতা আৰু নিৰ্ভৰযোগ্যতা নিশ্চিত কৰিবলৈ বাস্তৱ সময়ৰ পৰিৱেশত TRAI-মানাংকিত সঁজুলি আৰু প্ৰামাণিক প্ৰট’কল ব্যৱহাৰ কৰি পৰীক্ষাসমূহ কৰা হৈছিল। মূল্যায়নৰ বিশদ তথ্য ট্ৰাইৰ ৱেবছাইট www.trai.gov.in ত উপলব্ধ। অধিক তথ্য বা স্পষ্টীকৰণৰ বাবে শ্ৰী বি প্ৰবীণ কুমাৰ, উপদেষ্টা (আঞ্চলিক কাৰ্যালয়, কলকাতা), ট্ৰাই, ইমেইলৰ জৰিয়তে adv.kolkata@trai.gov.in বা টেলিফোনযোগে +91-33-22361401 যোগাযোগ কৰিব পাৰিব।

****

Samrat/Allen/RD


(Release ID: 2148790)
Read this release in: English , Hindi