ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
ভাৰতৰ এআই কৌশলৰ লক্ষ্য হৈছে প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণ, স্থানীয় প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা, নিয়োগ সৃষ্টি কৰা আৰু দেশ খনক গ্ল’বেল এআই নেতা হিচাপে গঢ়ি তোলা
ভাৰতৰ এআই অভিযানৰ লক্ষ্য হৈছে দেশৰ বিশাল ভাষিক বৈচিত্ৰ্যৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় শাসনৰ সঁজুলি তথা সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা
ভাৰতে ভুল তথ্য, ডিপফেক আৰু পৰিচয় চুৰিৰ বিৰুদ্ধে যুঁজিবলৈ আইনী বিধান আৰু এআই সঁজুলিৰে ডিজিটেল প্ৰশাসনক শক্তিশালী কৰিছে
Posted On:
25 JUL 2025 4:36PM by PIB Guwahati
ভাৰতৰ এ আই কৌশল মাননীয় প্ৰধানমন্ত্ৰীৰ প্ৰযুক্তিৰ ব্যৱহাৰক গণতান্ত্ৰিক কৰাৰ দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ইয়াৰ লক্ষ্য ভাৰতকেন্দ্ৰিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা, সকলো ভাৰতীয়ৰ বাবে অৰ্থনৈতিক আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা।
বৰ্তমান ভাৰতত এআই পৰিৱেশতন্ত্ৰ:
ভাৰতত তথ্য প্ৰযুক্তিৰ এক শক্তিশালী পৰিৱেশতন্ত্ৰ আছে। ইয়াৰ পৰা বাৰ্ষিক ২৫০ বিলিয়ন ডলাৰতকৈ অধিক ৰাজহ আহৰণ কৰা হয় আৰু ৬ নিযুততকৈও অধিক লোকক কৰ্মসংস্থাপন প্ৰদান কৰা হৈছে।
ষ্টেনফৰ্ড এআই ৰেংকিঙৰ দৰে বিশ্বব্যাপী ৰেংকিঙে ভাৰতক এআইৰ দক্ষতা, সামৰ্থ্য আৰু এআই ব্যৱহাৰৰ নীতিৰ ক্ষেত্ৰত শীৰ্ষ দেশৰ ভিতৰত স্থান দিছে। ভাৰত গিটহাব এআই প্ৰকল্পসমূহতো দ্বিতীয় বৃহত্তম অৱদানকাৰী, এনেদৰে দেশখনে সক্ৰিয় ডেভেলপাৰৰ দিশটো প্ৰদৰ্শন কৰিছে।
ভাৰতৰ এআই কৌশলঃ
ভাৰতৰ এআই কৌশলৰ লক্ষ্য হৈছে ভাৰতক কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে স্থান দিয়া। চৰকাৰে ২০২৪ চনৰ মাৰ্চ মাহত ইণ্ডিয়াএআই অভিযান আৰম্ভ কৰিছিল।ইয়াৰ সাতটা মূল স্তম্ভৰ জৰিয়তে ভাৰতৰ উন্নয়নৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি এক শক্তিশালী তথা সৰ্বাংগীন এআই পৰিৱেশতন্ত্ৰ স্থাপনৰ বাবে ই এক কৌশলগত পদক্ষেপ।
মুক্ত-উৎস এআই মডেলসমূহ হ'ষ্ট কৰা:
ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে চিডেক-পুনে (CDAC-Pune)ৰ দ্বাৰা পৰিচালিত AIRAWAT গণনা আন্তঃগাঁথনিত মুক্ত-উৎস এআই মডেলসমূহ হ'ষ্ট কৰাৰ প্ৰক্ৰিয়াত চলাই আছে। বৰ্তমান LLAMA পৰিয়ালৰ পৰা তিনিটা মুক্ত-উৎস মডেল মোতায়েন কৰা হৈছে আৰু এপিআইৰ যোগেদি ডেভেলপাৰ সম্প্ৰদায়ৰ বাবে সেয়া অভিগমযোগ্য কৰি তোলা হৈছে।
তথ্য প্ৰযুক্তি আইন, ২০০০ৰ অধীনত আইনী বিধান:
• ধাৰা ৬৬চি (পৰিচয় চুৰিৰ শাস্তি)ত ভুল তথ্য, ডিপফেক, ব্যক্তিত্বৰ দ্বাৰা প্ৰতাৰণা বা পৰিচয় চুৰিৰ বিষয়ে আলোচনা কৰা হৈছে।
• আই টি আইনৰ ৬৬ডি ধাৰাত ব্যক্তিত্বৰ দ্বাৰা প্ৰতাৰণা কৰাৰ বাবে কম্পিউটাৰৰ ব্যৱহাৰক অপৰাধমূলক বুলি গণ্য কৰা হৈছে।
• ধাৰা ৬৬ ইত যিকোনো ব্যক্তিৰ ব্যক্তিগত অঞ্চলৰ ছবি তেওঁৰ সন্মতি অবিহনে ধৰি ৰখা আৰু প্ৰকাশ বা প্ৰেৰণ কৰাৰ বাবে শাস্তি নিৰ্ধাৰণ কৰা হৈছে।
• ধাৰা ৬৭এ আৰু ৬৭বিয়ে অশ্লীল বিষয় প্ৰকাশ বা প্ৰেৰণ কৰাটোক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰে, যিটো ডিপফেক প্ৰযুক্তি ব্যৱহাৰ কৰি সৃষ্টি কৰা হ’ব পাৰে।
ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ অধীনত আইনী বিধান:
• বিএনএছৰ ১১১ নং ধাৰাত যিকোনো ব্যক্তি বা ব্যক্তিৰ দলে অৰ্থনৈতিক অপৰাধ, চাইবাৰ-অপৰাধকে ধৰি যিকোনো অবৈধ কাৰ্য্যকলাপ সংগঠিত অপৰাধ ছিণ্ডিকেটৰ সদস্য হিচাপে বা এনে ছিণ্ডিকেটৰ হৈ সংঘটিত কৰিলে শাস্তি দিয়া হৈছে।
• বিএনএছৰ অধীনত আন কেইবাটাও ধাৰাত ব্যক্তিত্বৰ দ্বাৰা প্ৰতাৰণা আদি চাইবাৰ-অপৰাধৰ বিষয়েও আলোচনা কৰা হৈছে । যেনে ধাৰা ৩১৮ (প্ৰতাৰণা), ৩১৯ (ব্যক্তিত্বৰ দ্বাৰা প্ৰতাৰণা), ৩৫৩ (ৰাজহুৱা দুৰ্ব্যৱহাৰ), ৩৫৬ (মানহানি)।
ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন, ২০২৩
ই ডাটা ফিডুচিয়াৰীসকলৰ ওপৰত ডিজিটেল ব্যক্তিগত ডাটা সুৰক্ষিত কৰাৰ বাধ্যবাধকতা আৰোপ কৰে, তেওঁলোকক জবাবদিহি কৰে, লগতে ডাটা প্ৰিন্সিপালসকলৰ অধিকাৰ তথা কৰ্তব্যসমূহো নিশ্চিত কৰে।
তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ (“আই টি নিয়ম, ২০২১”)
• সংশ্লিষ্ট অংশীদাৰসকলৰ সৈতে ব্যাপক মাত্ৰাত আলোচনাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে আই টি নিয়ম, ২০২১ৰ বিষয়ে অৱগত কৰিছে।
• আই টি নিয়মত ছ’চিয়েল মিডিয়াৰ মধ্যস্থতাকাৰী আৰু প্লেটফৰ্মকে ধৰি মধ্যস্থতাকাৰীসকলৰ ওপৰত নিৰ্দিষ্ট আইনী বাধ্যবাধকতা আৰোপ কৰা হৈছে, যাতে নিষিদ্ধ ভুল তথ্য, স্পষ্টভাৱে ভুৱা তথ্য আৰু ডিপফেক আঁতৰোৱাৰ দিশত তেওঁলোকৰ ক্ষিপ্ৰ ব্যৱস্থাকে ধৰি নিৰাপদ তথা বিশ্বাসযোগ্যভাবে ইণ্টাৰনেটৰ ব্যৱহাৰৰ প্ৰতি তেওঁলোকৰ জবাবদিহিতা নিশ্চিত কৰা হয়।
• মধ্যস্থতাকাৰীসকলে আইনী বাধ্যবাধকতা পালন কৰাত ব্যৰ্থ হ’লে, তেওঁলোকে প্ৰচলিত আইনসমূহৰ অধীনত প্ৰদান কৰা অনুসৰি ব্যৱস্থা বা বিচাৰৰ বাবে দায়বদ্ধ।
• আই টি নিয়ম ২০২১ৰ অধীনত মধ্যস্থতাকাৰীসকলৰ দ্বাৰা এটা বিধান অভিযোগ নিৰাময় ব্যৱস্থা আছে , যিয়ে অন্যান্য বিষয়ৰ লগতে ভুক্তভোগীক প্ৰভাৱান্বিত কৰা মৰ্ফড বা কৃত্ৰিমভাৱে সৃষ্টি কৰা ছবিৰ সৈতে জড়িত যিকোনো অভিযোগৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা প্ৰদান কৰে। যদি অভিযোগ নিৰাময়ত সন্তুষ্ট নহয়, তেন্তে ক্ষতিগ্ৰস্ত ব্যক্তিয়ে অভিযোগ লৈ আপীল সমিতিৰ কাষ চাপিব পাৰে।
• গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে চাইবাৰ অপৰাধৰ অভিযোগ দাখিলৰ বাবে এটা নিৰ্দিষ্ট পৰ্টেল [cybercrime.gov.in] মুকলি কৰিছে আৰু ১৯৩০ টোল ফ্ৰী নম্বৰো আৰম্ভ কৰিছে।
ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সি ৰেছপন্স টিম (CERT-In)ৰ পৰামৰ্শ/নিৰ্দেশনা:
• কৃত্ৰিম বুদ্ধিমত্তা (এআই) ভিত্তিক প্ৰয়োগৰ পৰা উদ্ভৱ হোৱা ভাবুকি হ্ৰাস কৰিবলৈ গ্ৰহণ কৰিবলগীয়া সুৰক্ষা ব্যৱস্থাৰ বিষয়ত পৰামৰ্শ ২০২৩ চনৰ মে’ মাহত প্ৰকাশ কৰা হৈছিল।
• ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত চিইআৰটি-ইন আৰু চিআইএছএই আৰম্ভ কৰে কৃত্ৰিম বুদ্ধিমত্তাৰ চাৰ্টিফাইড ছিকিউৰিটি প্ৰফেচনেল (চিএছপিএআই) কাৰ্যসূচী।
• জেনেৰেটিভ এআই সমাধানৰ ফলপ্ৰসূ আৰু দায়িত্বশীল ব্যৱহাৰৰ বাবে উত্তম পদ্ধতিসমূহ চিত্ৰিত কৰা পৰামৰ্শ ২০২৫ চনৰ মাৰ্চ মাহত প্ৰকাশ কৰা হৈছিল।
• ২০২৫ চনৰ জুলাই মাহত চফট্ ৱেৰ আৰু উদীয়মান প্ৰযুক্তি যোগান শৃংখলৰ সুৰক্ষা তথা স্বচ্ছতা বৃদ্ধিৰ বাবে চফট্ ৱেৰ, হাৰ্ডৱেৰ, কৃত্ৰিম বুদ্ধিমত্তা আৰু কোৱাণ্টাম তথা ক্ৰিপ্টোগ্ৰাফীৰ প্ৰয়োজনীয়তাৰ বাবে বিল অৱ মেটেৰিয়েলছ (বি অ’ এম)ৰ বাবে কাৰিকৰী নিৰ্দেশনা জাৰি কৰা হৈছে।
• চিএছপিএআই কাৰ্যসূচীয়ে চাইবাৰ সুৰক্ষা পেছাদাৰীসকলক এআই ব্যৱস্থাসমূহ সুৰক্ষিত কৰাৰ দক্ষতাৰে সজ্জিত কৰিছে, এআই-সম্পৰ্কীয় ভাবুকিসমূহ সক্ৰিয়ভাৱে মোকাবিলা কৰিছে আৰু ব্যৱসায়িক পৰিৱেশত বিশ্বাসযোগ্য এআই নিয়োগ নিশ্চিত কৰিছে।
চৰকাৰে প্ৰধানমন্ত্ৰীৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা (পিএছএ)ৰ অধ্যক্ষতাত ভাৰত-নিৰ্দিষ্ট নিয়ন্ত্ৰণমূলক এআই কাঠামোৰ বাবে এআইৰ বিষয়ত এটা পৰামৰ্শদাতা গোট গঠন কৰিছে। ইয়াত শৈক্ষিক, উদ্যোগ আৰু চৰকাৰৰ বিভিন্ন অংশীদাৰৰ সদস্য আছে।
এই তথ্য আজি লোকসভাত দাখিল কৰে কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত জিতিন প্ৰসাদে।
****
Dharmendra Tewari/ Navin Sreejith/DM
(Release ID: 2148785)