উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূবৰ বাবে ১০% ‘মুঠ বাজেট সহযোগিতা’ (জি বি এছ) ৰূপায়ণক উত্সাহিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীজ্যোতিৰাদিত্য এম সিন্ধিয়াৰ অধ্যক্ষতাত মুখ্য পৰামৰ্শদাতা সমিতিৰ বৈঠক

২০১৪ চনৰ পৰা ১০% ‘জিবিএছ’ৰ গড় ব্যৱহাৰে কেতবোৰ নিৰ্দিষ্ট বছৰত ১১৪% পৰ্যন্ত স্পৰ্শ কৰিছিল: শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া

Posted On: 24 JUL 2025 9:36PM by PIB Guwahati

যোগাযোগ তথা উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ সভাপতিত্বত বৃহস্পতিবাৰে (২৪ জুলাই, ২০২৫) নতুন দিল্লীৰ সংসদ ভৱন সংযোজনত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সৈতে জড়িত পৰামৰ্শদাতা সমিতিৰ বৈঠক অনুষ্ঠিত হয়।

উত্তৰ-পূৰ্বাঞ্চলৰ ‘অষ্টলক্ষ্মী’ ৰাজ্যসমূহৰ বাবে ১০% ‘মুঠ বাজেট সহযোগিতা’ (জি বি এছ) প্ৰদানৰ ব্যৱস্থাটো পৰ্যালোচনা কৰাৰ লগতে সমন্বয় অধিক শক্তিশালী কৰাৰ বাবে আলোচনাৰ কৰিবলৈকে এই বৈঠক অনুষ্ঠিত হয়।

উত্তৰ-পূর্বাঞ্চলৰ সাংসদসকলৰ সৈতে উত্তৰ-পূর্বাঞ্চল উন্নয়ন তথা শিক্ষা বিভাগৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ড০ সুকান্ত মজুমদাৰেও এই বৈঠকত অংশগ্রহণ কৰে৷

বৈঠকখনত আন্তঃমন্ত্ৰালয়ৰ সমন্বয় শক্তিশালী কৰা, অভিযোগসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা, আৰু আঠখন ‘অষ্টলক্ষ্মী’ ৰাজ্যত বাধ্যতামূলক ‘জিবিএছ’ আবণ্টনক স্পষ্ট উন্নয়নৰ ফলাফললৈ অনুবাদিত কৰাটো নিশ্চিত কৰা আদি প্ৰসংগত গুৰুত্ব আৰোপ কৰা হয়। উত্তৰ-পূর্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে এই প্ৰচেষ্টাক #ViksitNortheast আৰু ভাৰতৰ ‘এক্ট ইষ্ট’ নীতিৰ বহল দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ‘সমগ্ৰ চৰকাৰ’ৰ দৃষ্টিভংগীৰ প্ৰতি থকা চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002ZABN.jpg

 

শক্তিশালী প্ৰদৰ্শনৰ ধাৰাসমূহত আলোকপাত কৰি শ্ৰী সিন্ধিয়াই উল্লেখ কৰে যে ২০১৪ চনৰ পৰা ১০% ‘জিবিএছ’ৰ গড় ব্যৱহাৰ আশা কৰাতকৈয়ো অধিক হৈছে, আনকি কেতবোৰ বছৰত ৰূপায়ণ হাৰে ১০৪%, ১১২%, ১১৪% পৰ্যন্ত স্পৰ্শ কৰিছে। উচ্চ প্ৰমূল্যযুক্ত বিভাগসমূহৰ ক্ষেত্ৰত কৌশলগতভাৱে গুৰুত্ব দিয়াৰ লগতে চলি থকা নাটনিসমূহ তন্ন তন্নকৈ নিৰীক্ষণ কৰি মন্ত্ৰালয়সমূহক বাস্তৱিক লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ বিশেষভাৱে নিৰ্দেশনা দিয়া হৈছে। তেওঁ প্ৰভাৱশালী প্ৰকল্প চিনাক্তকৰণৰ ক্ষেত্ৰত সাংসদসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথাটোতো গুৰুত্ব আৰোপ কৰে আৰু তেওঁলোকক আশ্বাস দিয়ে যে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ণ মন্ত্ৰালয়ে ৰাজ্য, কেন্দ্ৰীয় মন্ত্ৰালয়, আৰু নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাজত এক ফলপ্ৰসূ সেতু হিচাপে কাম কৰি যাব।

***

Samrat/Allen/KB


(Release ID: 2148171)
Read this release in: English , Urdu , Hindi