গৃহ মন্ত্ৰালয়
দুৰ্য্যোগ ব্যৱস্থাপনা (সংশোধনী) বিধেয়ক, ২০২৪
Posted On:
22 JUL 2025 3:48PM by PIB Guwahati
সংসদত দুৰ্য্যোগ ব্যৱস্থাপনা (সংশোধনী) আইন, ২০২৫ গৃহীত হৈছে আৰু ২৯-০৩-২০২৫ ত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিছে। ০৯-০৪-২০২৫ ৰ পৰা আইনখনৰ বিধানসমূহ বলবৎ হৈছে। এই আইনখনৰ লক্ষ্য হৈছেঃ-
- দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কাম কৰা কৰ্তৃপক্ষ আৰু সমিতিসমূহৰ ভূমিকাত অধিক স্পষ্টতা আৰু সহযোগিতাৰ সঞ্চাৰ কৰিব;
- ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতি আৰু উচ্চ পৰ্য্যায়ৰ সমিতিৰ দৰে আইন-পূৰ্বক একাংশ সংস্থাক বিধিগত মৰ্য্যাদা প্ৰদান কৰিব;
- ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ফলপ্ৰসূ কাম-কাজ নিশ্চিতকৰণ;
- ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি আৰু ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় পৰ্য্যায় আৰু ৰাজ্যিক পৰ্য্যায়ত দুৰ্য্যাগ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ ক্ষমতা প্ৰদান কৰা।
- ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ত দুৰ্য্যাগৰ তথ্যৰ ভিত্তি সৃষ্টিৰ ব্যৱস্থা কৰা;
- ৰাজ্যিক ৰাজধানী আৰু পৌৰ নিগম থকা বৃহৎ চহৰসমূহৰ বাবে “নগৰ দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ” গঠনৰ ব্যৱস্থা কৰা; আৰু
- vii. ৰাজ্য চৰকাৰৰ দ্বাৰা “ৰাজ্যিক দুৰ্য্যোগ সঁহাৰি বাহিনী” গঠনৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা।
উপৰোক্ত ব্যৱস্থাসমূহৰ লক্ষ্য হৈছে দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত স্বচ্ছতা, দায়বদ্ধতা, দক্ষতা আৰু সহযোগিতাৰ বৰ্ধন ঘটোৱা।
ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনীত (NDRF) ১৬ টা অপাৰেচনেল বেটেলিয়ন আছে আৰু ইয়াৰ মুঠ অনুমোদিত শক্তি ১৮,৫৮১।
প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত উদ্ধাৰ কাৰ্য্য, সাহায্য অভিযান আৰু পুনৰ্বাসনৰ ব্যৱস্থা গ্ৰহণৰ প্ৰাথমিক দায়িত্ব সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ ওপৰত ন্যস্ত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজন সাপেক্ষে ভয়াৱহ প্ৰকৃতিৰ আৰু ৰাজ্যিক সম্পদৰ মোকাবিলা ক্ষমতাৰ বাহিৰত সংঘটিত প্ৰাকৃতিক দুৰ্য্যোগৰ ক্ষেত্ৰত লজিষ্টিক আৰু আৰ্থিক সহায় আগবঢ়াই ৰাজ্য চৰকাৰসমূহৰ প্ৰচেষ্টাৰাজিক পৰিপূৰণ কৰে।
ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনী (NDRF) আৰু ৰাজ্যিক দুৰ্য্যোগ সঁহাৰি বাহিনী (SDRF)-ৰ মাজত গভীৰ সমন্বয় আৰু সহযোগিতাৰ বাবে আৰু প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত সাহায্য আৰু পুনৰ্বাসনৰ দিশত বহুগুণক প্ৰভাৱৰ অৰ্থে চৰকাৰে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰাজি হৈছেঃ
- এনডিআৰএফ-এ সংশ্লিষ্ট আন-আন অংশীদাৰসকলক লৈ এছডিআৰএফ-ৰ বাৰ্ষিক সন্মিলনৰ আয়োজন কৰে। এই সন্মিলনে প্ৰদান কৰা সুযোগৰাজি হৈছেঃ
যিকোনো দুৰ্য্যোগৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা/সমন্বয়ৰ জৰিয়তে সঁহাৰিৰ মাত্ৰা বৃদ্ধি কৰিবলৈ উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান প্ৰশস্ত কৰে। যোৱা দুবছৰৰ পৰা এই সন্মিলনখনি এনডিআৰএফ-ৰ সহযোগত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (MHA) সাহায্য আয়ুক্ত সন্মিলনৰ সৈতে যৌথভাৱে অনুষ্ঠিতকৰণেৰে দক্ষিণ-পশ্চিম বাৰিষাৰ পূৰ্বে দুৰ্য্যোগ বা আগতীয়া দুৰ্য্যোগৰ পৰিস্থিতিৰে মোকাবিলাকৰণৰ অৰ্থে প্ৰস্তুতিৰ স্থিতি সম্পৰ্কে পৰ্য্যালোচনা কৰে।
- এনডিআৰএফ-এ নিয়মিতভাৱে এছডিআৰএফ আৰু আন-আন অংশীদাৰসকলৰ সৈতে মক ড্ৰিল/অনুশীলনৰ আয়োজন কৰে। এই মক ড্ৰিল/অনুশীলনে এনডিআৰএফ আৰু এছডিআৰএফ-ৰ মাজত ফলপ্ৰসূ সমন্বয়ৰ বাবে এখনি মঞ্চ প্ৰশস্ত কৰে।
- এনডিআৰএফ সমাজৰ সামৰ্থ্য বিকাশ আৰু জনসচেতনতা তথা প্ৰস্তুতি কাৰ্য্যসূচীত জড়িত হৈ আছে।
- এনডিআৰএফ-এ এছডিআৰএফ-ৰ সামৰ্থ্য বিকাশৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়ায়।
- ভাৰত চৰকাৰে এনডিআৰএফ-ৰ জোৱান আৰু এছডিআৰএফ-কে প্ৰমুখ্য কৰি আন-আন অংশীদাৰসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে নাগপুৰত এখনি আগশাৰীৰ প্ৰতিষ্ঠান অৰ্থাৎ এনডিআৰএফ একাডেমীও স্থাপন কৰিছে। ইয়াৰ উপৰিও এনডিআৰএফ বেটেলিয়নে এছডিআৰএফ-ৰ জোৱানসকলক ভিন্ন দুৰ্য্যোগ ব্যৱস্থাপনা পাঠ্যক্ৰমৰ প্ৰশিক্ষণো প্ৰদান কৰিছে।
- দুৰ্য্যোগ/আগতীয়া দুৰ্য্যোগৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এনডিআৰএফ-ৰ বিষয়াসকলেও ৰাজ্য চৰকাৰ/স্থানীয় প্ৰশাসনে আয়োজন কৰা সমন্বয় সভাত অংশগ্ৰহণ কৰে।
- vii. এনডিআৰএফ-এ এছডিআৰএফ-সমূহৰ বাবে ৰাষ্ট্ৰীয় সামৰ্থ্য বিকাশ প্ৰতিযোগিতাৰ আয়োজন কৰে। ইয়াত ২৯ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৩০ টা দলে অংশগ্ৰহণ কৰে।
গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।
***
RK/VV/HS/PS/PR/SB
(Release ID: 2147660)