গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নাৰ্কো সমন্বয় কেন্দ্ৰ

Posted On: 23 JUL 2025 1:43PM by PIB Guwahati

ড্ৰাগছ নিয়ন্ত্ৰণ আইন প্ৰয়োগৰ সৈতে জড়িত বিষয়সমূহকলৈ   বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক অংশীদাৰৰ মাজত সমন্বয়ৰ সুবিধাৰ বাবে ভাৰত চৰকাৰে ২২.১১.২০১৬ তাৰিখে নাৰ্কো-সমন্বয় (NCORD) ব্যৱস্থা গঠন কৰে। ভাৰত চৰকাৰে ২৯.০৭.২০১৯ তাৰিখে ভাৰতত ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছ সেৱন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক ড্ৰাগছ আইন প্ৰয়োগকাৰী সংস্থা তথা অন্যান্য অংশীদাৰসকলৰ মাজত উন্নত সমন্বয় নিশ্চিত কৰাৰ বাবে ৪ স্তৰীয় নাৰ্কো সমন্বয় কেন্দ্ৰ (NCORD) ব্যৱস্থা স্থাপন কৰি  নাৰ্কো সমন্বয় কেন্দ্ৰ ব্যৱস্থাটোক  পুনৰ্গঠন কৰে। নীতিগত বিষয়ত বিভিন্ন অংশীদাৰৰ মাজত সমন্বয় উন্নত কৰাৰ লগতে ক্ষেত্ৰ পৰ্যায়ৰ সমস্যাসমূহ মোকাবিলা কৰিবলৈ এনক’ৰ্ড ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ২৫.০৩.২০২২ তাৰিখে এনক’ৰ্ড ব্যৱস্থাটোক আকৌ পুনৰ্গঠন কৰা হয়। ভাৰত চৰকাৰেও পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসৰি ইয়াত নতুন সদস্য অন্তৰ্ভুক্ত  কৰে। এনচিঅ’আৰ্ড ব্যৱস্থাৰ বৰ্তমানৰ ৪-স্তৰীয়  গঠন পৰিশিষ্ট-Iত  দিয়া হৈছে ।

 

সমাজৰ মংগল আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ড্ৰাগছে সৃষ্টি কৰা ভাবুকিৰ বিৰুদ্ধে চলোৱা অভিযানে এন চি অ’ ডি ব্যৱস্থাৰ আগমনৰ লগে লগে বিশেষ গতি  লাভ কৰিছে। নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো (এনচিবি)ৰ এনচিঅ’ৰ্ড পৰ্টেলটো ড্ৰাগছ আৰু এনচিবি সম্পৰ্কীয় সকলো তথ্যৰ বাবে এক নিজ্ৰ্ভৰযোগ্য মঞ্চত পৰিণত হৈছে আৰু ইয়াৰ লগতে ই টোটেল নলেজ মেনেজমেণ্ট ছিষ্টেম   (কেএমএছ) হিচাপেও কাম কৰিছে। ইয়াৰ উপৰি  ই আন্তঃসংস্থাৰ  সমন্বয় বৃদ্ধি, বাস্তৱ সময়ৰ চোৰাংচোৱা তথ্য ভাগ-বতৰা কৰা , ড্ৰাগছ নেটৱৰ্কৰ বিৰুদ্ধে কেন্দ্ৰীভূত ব্যৱস্থা, কৌশল সম্পৰ্কীয়  পৰ্যালোচনা আৰু নিৰীক্ষণ, ড্ৰাগছ সম্পৰ্কীয় গোচৰসমূহ চম্ভালিবলৈ সামৰ্থ্য বিকাশ , উন্নত প্ৰযুক্তি গ্ৰহণ, বিত্তীয় বিষয় সম্পৰ্কীয় তদন্ত আৰু সম্পত্তি জব্দ কৰা আদি বিষয়ত সহায় কৰিছে।

ড্ৰাগছ সৰবৰাহকাৰীৰ, নিচামুক্তকৰণ আৰু পুনৰ্বাসন কাৰ্যসূচী উন্নত কৰা আৰু ড্ৰাগছৰ অপব্যৱহাৰ বিৰোধী সজাগতাৰ প্ৰসাৰত  আধ্যাত্মিক প্ৰতিষ্ঠানসমূহে এনকৰ্ড ব্যৱস্থাৰ বাহিৰত আত্মপ্ৰকাশ কৰিছে।

 

******

 

 

 

পৰিশিষ্ট-I

 

এনচিঅ’আৰডি ব্যৱস্থাৰ বৰ্তমানৰ ৪-স্তৰীয় গঠন

 

১) শীৰ্ষ সমিতি (কেন্দ্ৰীয় চৰকাৰ পৰ্যায়ত)

 

কেন্দ্ৰীয় গৃহ সচিব - অধ্যক্ষ

ৰাজহ বিভাগৰ সম্পাদক - সদস্য

সচিব ,  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰ  - সদস্য

সচিব  সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰ - সদস্য

সচিব ,   বন্দৰ, জাহাজ আৰু জলপথ  দপ্তৰ - সদস্য

সচিব,  ৰাসায়নিক আৰু সাৰ দপ্তৰ - সদস্য

ফাৰ্মাচিউটিকেলছ বিভাগৰ সচিব  - সদস্য

অধ্যক্ষ, কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব'ৰ্ড - সদস্য

সকলো ৰাজ্যৰ মুখ্য সচিব - সদস্য

সকলো ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান - সদস্য

বিশেষ সচিব (আই এছ), এম এইচ এ - সদস্য

চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক - সদস্য

ড্ৰাগ কন্ট্ৰ'লাৰ জেনেৰেল (ভাৰত) - সদস্য

প্ৰতিনিধি, ভাৰতীয় নৌসেনা - সদস্য

ইণ্ডিয়ান ক'ষ্ট গাৰ্ডৰ সঞ্চালক প্ৰধান - সদস্য

ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ সঞ্চালক - সদস্য

ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ সঞ্চালক প্ৰধান - সদস্য

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ প্ৰধান সঞ্চালক প্ৰধান - সদস্য

যুটীয়া সচিব , আই এছ-II, গৃহ মন্ত্ৰালয় - সদস্য

ৰাষ্ট্ৰীয় সামুদ্ৰিক সুৰক্ষা সমন্বয়ক, ৰাষ্ট্ৰীয় নিৰাপত্তা - সদস্য

পৰিষদ সচিবালয় (এন এছ চি এছ)

 

ৰাষ্ট্ৰীয় কাৰিকৰী গৱেষণা সংস্থা - সদস্য

বলবৎকাৰী সঞ্চালকালয় (ইডি) - সদস্য

এনচিবিৰ সঞ্চালক প্ৰধান - সদস্য আহ্বায়ক

২) কাৰ্য্যনিৰ্বাহক সমিতি (কেন্দ্ৰীয় চৰকাৰ পৰ্যায়ত):

 

বিশেষ সচিব (আই এছ), গৃহ পৰিক্ৰমা দপ্তৰ - অধ্যক্ষ

এনচিবিৰ সঞ্চালক প্ৰধান - সদস্য

যুটীয়া সচিব, ৰাজহ বিভাগ - সদস্য

যুটীয়া সচিব ,  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰ - সদস্য

যুটীয়া সচিব , সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰ - সদস্য

যুটীয়া সচিব, বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰ  - সদস্য

যুটীয়া সচিব ,  ৰাসায়নিক আৰু সাৰ দপ্তৰ  - সদস্য

যুটীয়া সচিব, ফাৰ্মাচিউটিকেলছ বিভাগ - সদস্য

যুটীয়া সম্পাদক, (আই এছ-II), গৃহ দপ্তৰ  - সদস্য

চোৰাংচোৱা ব্যুৰোৰ যুটীয়া সঞ্চালক - সদস্য

যুটীয়া ঔষধ নিয়ন্ত্ৰক (ভাৰত) - সদস্য

 এডিজি, ৰাজহ চোৰাংচোৱা সঞ্চালকালয় - সদস্য

আয়ুক্ত, চোৰাংকাৰবাৰ বিৰোধী, চিবিআইচি - সদস্য

মহাপৰিদৰ্শক, এনআইএ - সদস্য

মহাপৰিদৰ্শক, এনচিআৰবি - সদস্য

প্ৰতিনিধি, ভাৰতীয় নৌসেনা - সদস্য

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ মহাপৰিদৰ্শক - সদস্য

ৰাষ্ট্ৰীয় কাৰিকৰী গৱেষণা সংস্থাৰ কেন্দ্ৰীয় সঞ্চালক - সদস্য

কেন্দ্ৰীয় অৰ্থনৈতিক চোৰাংচোৱা ব্যুৰো, ডি অ' আৰৰ প্ৰতিনিধি - সদস্য

বিশেষ সঞ্চালক (চোৰাংচোৱা), বলৱৎকাৰী সঞ্চালকালয়(ইডি) - সদস্য

এনচিবিৰ  উপ-সঞ্চালক প্ৰধান - সদস্য-আহ্বায়ক

 

পৰিশিষ্ট-I

 

৩/ ৰাজ্যিক পৰ্যায়ৰ এন চি অ’আৰ ডি সমিতি

 

ৰাজ্যৰ মুখ্য সচিব - অধ্যক্ষ

ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব (গৃহ)/ - সদস্য

ৰাজ্যৰ সচিব (গৃহ)/সচিব (গৃহ)

 

আৰক্ষী সঞ্চালক প্ৰধান - সদস্য

ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ প্ৰধান সচিব - সদস্য

সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব - সদস্য

বন বিভাগৰ প্ৰধান সচিব - সদস্য

কৃষি বিভাগৰ প্ৰধান সচিব - সদস্য

প্ৰধান সচিব, ৰাজ্যিক আবকাৰী - সদস্য

শিক্ষা বিভাগৰ প্ৰধান সচিব - সদস্য

প্ৰতিনিধি, উপকূলীয় আৰক্ষী (উপকূলীয় ৰাজ্যত) - সদস্য

অধ্যক্ষ, বন্দৰ ট্ৰাষ্ট (উপকূলীয় ৰাজ্যৰ) - সদস্য

প্ৰতিনিধি, ভাৰতীয় নৌসেনা (উপকূলীয় ৰাজ্যত) - সদস্য

প্ৰতিনিধি, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ (সংশ্লিষ্ট ৰাজ্যৰ) - সদস্য

  অতিৰিক্ত ন্যায়িক  সঞ্চালক প্ৰধান, ডি আৰ আই - সদস্য

 উপ-নাৰ্কটিকছ  আয়ুক্ত, চিবিএন (সংশ্লিষ্ট ৰাজ্যত) - সদস্য

ডি আই জি, ৰে'লৱে সুৰক্ষা বাহিনী - সদস্য

পোষ্ট মাষ্টাৰ জেনেৰেল, ভাৰত পোষ্ট - সদস্য

ৰাজ্যিক ঔষধ নিয়ন্ত্ৰক /এফডিএ - সদস্য

সঞ্চালক, এছ এফ এছ এল - সদস্য

সীমান্তৰক্ষী সংস্থাসমূহৰ ন্যায়িক আই জি (সীমান্ত ৰাজ্যত) - সদস্য

ৰাজ্যিক সামুদ্ৰিক ব'ৰ্ডৰ প্ৰতিনিধি (উপকূলীয় ৰাজ্যত) - সদস্য

ন্যায়িক আঞ্চলিক ডিডিজি, এনচিবি - সদস্য

গৃহ দপ্তৰৰ(চোৰাংচোৱা ব্যুৰো)ৰ প্ৰতিনিধিত্ব - সদস্য

মণ্ডল মুৰব্বী, বলৱৎকাৰী সঞ্চালকালয় (ইডি) - সদস্য

যোগ্য কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ প্ৰতিনিধি - সদস্য

[এছএএফইএম (FOP) আইস], ৰাজ্যিক পৰ্যায়ৰ কমিটীত ডিঅ'আৰ

 

ন্যায়িক মণ্ডল সঞ্চালক, এনচিবি - সদস্য আহ্বায়ক

৪/ জিলাসমূহত জিলা পৰ্যায়ৰ সমিতিঃ

 

জিলা দণ্ডাধীশ - অধ্যক্ষ

জিলা আৰক্ষী অধীক্ষক - সদস্য আহ্বায়ক

ৰাজ্যিক বিভাগৰ প্ৰতিনিধি- শিক্ষা/স্বাস্থ্য/সামাজিক ন্যায় - সদস্য

ৰাজ্যিক বিভাগৰ প্ৰতিনিধি -বন আৰু কৃষি - সদস্য

শুল্ক বিভাগৰ এচি/ডিচি/কেন্দ্ৰীয় জিএছটি - সদস্য

সীমান্ত ৰক্ষক সংস্থাৰ প্ৰতিনিধি (সীমান্ত জিলাৰ বাবে) - সদস্য

ভাৰতীয় উপকূলৰক্ষীৰ প্ৰতিনিধি (উপকূলীয় জিলাসমূহত) - সদস্য

আক্ৰান্ত অঞ্চলৰ এছডিএম - সদস্য

জিলা ঔষধ পৰিদৰ্শক - সদস্য

এনচিবিৰ প্ৰতিনিধি - সদস্য

বন্দৰ কৰ্তৃপক্ষৰ প্ৰতিনিধি (উপকূলীয় জিলাত) - সদস্য

গৃহ দপ্তৰ(চোৰাংচোৱা ব্যুৰো)ৰ প্ৰতিনিধি - সদস্য

 

 

 ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা উল্লেখ কৰে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত নিত্যানন্দ ৰায়ে।

*****

RK/VV/HS/PS/PR/DM


(Release ID: 2147654)
Read this release in: English , Urdu , Hindi , Tamil