গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে মহাৰাষ্ট্ৰৰ পুনেত শ্ৰী পুনা গুজৰাটী বন্ধু সমাজে নিৰ্মাণ কৰা "জয়ৰাজ ক্ৰীড়া আৰু সন্মিলন কেন্দ্ৰ" উদ্বোধন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশখনে উন্নয়নৰ পথত দ্ৰুতগতিত আগবাঢ়িছে আৰু ২০৪৭ চনত এখন উন্নত ভাৰত গঢ়াৰ ভেটি স্থাপন হৈছে

জ্ঞান, তপস্যা, জাতীয়তাবাদ, সামাজিক চেতনা আৰু স্বাধীনতা সংগ্ৰামত পুনেই সমগ্ৰ দেশক নেতৃত্ব দিছে

শ্ৰী পুনা গুজৰাটী বন্ধু সমাজে ১৯১৩ চনৰ পৰা পুনেত সমাজৰ বাবে অবিৰতভাৱে কাম কৰি আছে

পৃথিৱীত গুজৰাটী লোক য’তেই গৈছে তাতেই গুজৰাটক গৌৰৱান্বিত কৰি তুলিছে আৰু গুজৰাটী সমাজ কেতিয়াও কোনো ধৰণৰ বিতৰ্কত লিপ্ত হোৱা নাই

যোৱা ১১ বছৰত মোদী জীয়ে দেশৰ বহু সমস্যা সমাধান কৰিছে
যোৱা ১১ বছৰত প্ৰধানমন্ত্ৰী মোদী জীয়ে উত্তৰ-পূৰ্বাঞ্চলত সন্ত্ৰাসবাদ, নক্সালবাদ আৰু হিংসা প্ৰায় নিৰ্মূল কৰি পেলাইছে

Posted On: 04 JUL 2025 6:52PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ পুনেত শ্ৰী পুনা গুজৰাটী বন্ধু সমাজে নিৰ্মাণ কৰা "জয়ৰাজ ক্ৰীড়া আৰু  সন্মিলন  কেন্দ্ৰ" উদ্বোধন কৰে। এই উপলক্ষে্য আয়োজিত অনুষ্ঠানত  মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিণ্ডে আৰু শ্ৰী অজিত পাৱাৰৰ লগতে কেন্দ্ৰীয় সমবায়  ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত মুৰলীধৰ মোহলসহ বহুকেইগৰাকী  বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ভাষণ প্ৰসংগত  কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায়  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে সমগ্ৰ দেশৰ গুজৰাটী সম্প্ৰদায়ৰ আটাইতকৈ সুন্দৰ ভৱনটো পুনা গুজৰাটী সমাজে নিৰ্মাণ কৰি আছে। তেওঁ উল্লেখ কৰে যে যেতিয়া শ্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল তেতিয়া তেওঁ   সকলো  গুজৰাটী সামূহিক ভৱনৰ বাবে ৫ কোটি টকাকৈ অনুদান আগবঢ়াইছিল। তেওঁ লগতে কয় যে বিগত ১৩ বছৰত পুনা গুজৰাটী বন্ধু সমাজে সামূহিকভাৱে কাম কৰি আহিছে, তেওঁলোকে  ঐক্যবদ্ধভাৱে আৰু কোনো বিবাদ নোহোৱাকৈ এই ভৱন নিৰ্মাণত অৰিহণা যোগাইছে।

 

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে পবিত্ৰ চহৰ পুনেই এক প্ৰকাৰে সমগ্ৰ দেশক জ্ঞান, তপস্যা, জাতীয়তাবাদ, সামাজিক চেতনা  আৰু স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত নেতৃত্ব দিছে। তেওঁ উল্লেখ কৰে যে মোগলৰ বিৰুদ্ধে শিৱাজী মহাৰাজৰ পৰা আৰম্ভ কৰি পেশ্বৱাৰৰ সাহসিকতাৰ  পৰম্পৰা এইখন চহৰতে আৰম্ভ হৈছিল, যিয়ে হিন্দাৱী সাম্ৰাজ্য প্ৰতিষ্ঠাত অৰিহণা যোগাইছিল। তেওঁ লগতে  কয় যে ইংৰাজৰ বিৰুদ্ধে চলা যুঁজৰ সময়ত ইয়াৰ পৰাই লোকমান্য বাল গংগাধৰ তিলক মহাৰাজে "স্বৰাজ মোৰ জন্মগত অধিকাৰ" আৰু "ব্ৰিটিছ, উভতি যাওক" আদি শ্লোগানেৰে গৰজি উঠিছিল,  যি কথা  সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ জীৱনৰ মন্ত্ৰত পৰিণত হৈছিল। ইয়াৰ ফলত স্বাধীনতা আন্দোলন দ্ৰুতগতিত তীব্ৰতৰ হৈ পৰে, শেষত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতে স্বাধীনতা লাভ কৰে। শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে এই পবিত্ৰ নগৰখনে বেদ, উপনিষদ, ইতিহাস, সাহিত্য, শিল্পকলাক সংৰক্ষণ তথা সমৃদ্ধ কৰিছে। তেওঁ লগতে কয় যে মহাৰাষ্ট্ৰৰ এই চহৰখনেই সামাজিক পৰিৱৰ্তনৰ গতিকো আগুৱাই লৈ গৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই পবিত্ৰ ভূমিত প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে ২.৫ লাখ বৰ্গফুট বিস্তৃত আধুনিক নিৰ্মাণৰ সৈতে সমগ্ৰ সম্প্ৰদায়টোৰ বাবে এক সুবিধা স্থাপন কৰা হৈছে। তেওঁ জোৰ দি কয় যে যেতিয়া এটা সম্প্ৰদায়ৰ নেতৃত্বই একেলগে কাম কৰে তেতিয়াহে পূৰ্বৰ প্ৰজন্মই কৰা কামক আগুৱাই নিয়াৰ গতি খৰতকীয়া হ’ব পাৰে।

 

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে শ্ৰী পুনা গুজৰাটী বন্ধু সমাজে ১৯১৩ চনৰ পৰা ১১২ বছৰ ধৰি পুনেত সমাজৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি আহিছে।তেওঁ কয় যে যিকোনো ৰাজ্যলৈ এজন গুজৰাটীয়ে যেতিয়া  যায় , তাতেই তেওঁলোকে কেৱল অধ্যৱসায় নহয় বৰঞ্চ সেই সমাজৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে, ইয়াৰ উন্নতিত অৰিহণা যোগায়। তেওঁ উল্লেখ কৰে যে গুজৰাটীয়ে পৃথিৱীৰ  য’লৈকেই  গৈছে তাতেই গুজৰাটৰ নাম উজ্জ্বল  কৰিছে আৰু কেতিয়াও কোনো ধৰণৰ বিবাদত তেওঁলোক  জড়িত হোৱা নাই। তেওঁ লগতে কয় যে সেই বাবেই ১৯১৩ চনৰ পৰা ২০২৫ চনলৈকে এই সম্প্ৰদায়টোৰ ১১৩ বছৰীয়া উল্লেখযোগ্য যাত্ৰা এই অনন্য ভৱনটো নিৰ্মাণৰ জড়িয়তে প্ৰতিফলিত হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত দেশত এক লক্ষ্যণীয় পৰিৱৰ্তন ঘটিছে। তেওঁ আলোকপাত কৰে যে ২০১৪ চনলৈকে দেশৰ প্ৰায় ২০ হাজাৰ গাঁৱত  বিদ্যুতৰ খুঁটা নাছিল  আৰু ২০১৬ চনলৈকে প্ৰধানমন্ত্ৰী মোদীয়ে সফলতাৰে এই ২০ হাজাৰ গাঁৱত বিদ্যুৎ যোগান ধৰাটো নিশ্চিত কৰিছে। তেওঁ লগতে  উল্লেখ কৰে যে ১৫ কোটি ঘৰত শৌচাগাৰ নাছিল  আৰু আজি দেশত শৌচাগাৰ নথকা এটাও ঘৰ নাই। মোদী চৰকাৰে লাখ লাখ দৰিদ্ৰ লোকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰি আছে আৰু মোদী চৰকাৰৰ প্ৰচেষ্টাতে প্ৰায় ৮০ কোটি লোকে প্ৰতিমাহে  জনে প্ৰতি ৫ কিলোগ্ৰামকৈ বিনামূলীয়া ৰেচন লাভ কৰিছে ।

 

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে বিগত ১১ বছৰত দেশৰ বহু সমস্যাৰ সমাধান কৰিছে। তেওঁ আলোকপাত কৰে যে ২০১৯ চনৰ ৫ আগষ্টত কাশ্মীৰত প্ৰধানমন্ত্ৰী মোদীয়ে ৩৭০ অনুচ্ছেদ বিলোপ  কৰিছিল। একেদৰে অযোধ্যাত এটা বিশাল  ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, লগতে প্ৰধানমন্ত্ৰী  মোদীৰ নেতৃত্বত কাশী বিশ্বনাথ কৰিডৰো নিৰ্মাণ  কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ চন্দ্ৰযান অভিযান চন্দ্ৰৰ দক্ষিণ মেৰুত উপস্থিত হৈছিল আৰু অৱতৰণৰ স্থানৰ নাম শিৱশক্তি পইণ্ট ৰখা হৈছিল। তেওঁ লগতে কয় যে ২০৩৬ চনত ভাৰতত অলিম্পিক আয়োজন কৰাৰ কথাটো  এসময়ত কল্পনাতীত আছিল । কিন্তু  ২০৩৬ চনত ভাৰতে অলিম্পিক আয়োজন কৰিব আৰু পদক লাভৰ ক্ষেত্ৰতো শীৰ্ষ ১০খন দেশৰ ভিতৰত ভাৰতে  স্থান লাভ কৰিব। তেওঁ উল্লেখ কৰে যে ১১ বছৰ পূৰ্বে  ভাৰতৰ অৰ্থনীতি বিশ্বৰ একাদশ স্থানত আছিল আৰু আজি ই চতুৰ্থ বৃহৎ অৰ্থনীতি । শ্ৰী শ্বাহে লগতে কয় যে ভাৰত বিশ্বৰ ফিনটেক ৰাজধানী হিচাপে পৰিগণিত হোৱাৰ দিশে  আগবাঢ়িছে, জনমূৰি তথ্য ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বজুৰি আগবাঢ়ি আছে আৰু দ্বিতীয় বৃহত্তম মোবাইল উৎপাদনকাৰী দেশ হিচাবে প্ৰতিষ্ঠিত হৈছে । ষ্টাৰ্টআপ খণ্ডত ভাৰতীয় যুৱক-যুৱতীসকলে বিশ্বজুৰি দ্বিতীয় স্থান, নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ভাৰত তৃতীয়  আৰু গ্ল’বেল ফায়াৰপাৱাৰ সূচকাংকত চতুৰ্থ স্থান দখল কৰিছে। তেওঁ দৃঢ়তাৰে  কয় যে বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলত সন্ত্ৰাসবাদ, নক্সালবাদ, হিংসা আদি প্ৰায় নিঃশেষ কৰি পেলাইছে। তেওঁ পুনৰ কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত চাৰি দশক পুৰণি নক্সালবাদ দেশৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল হ’ব।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে উন্নয়নৰ পথত দ্ৰুতগতিত আগবাঢ়িছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ২০৪৭ চনত যেতিয়া দেশখনে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব, তেতিয়া ভাৰতে বিশ্বজুৰি প্ৰতিটো ক্ষেত্ৰতে আগৰণুৱা দেশ হিচাবে  থিয় দিব আৰু ইয়াৰ বাবে ভেটি আজি স্থাপন হৈছে। তেওঁ লগতে কয় যে বিগত ১১ বছৰত মোদী জীয়ে দেশত সুপৰিকল্পিত ব্যৱস্থা  গ্ৰহণৰ কাম কৰি আহিছে আৰু এই ব্যৱস্থাসমূহৰ ভেটিতেই ২০৪৭ চনত এখন মহান ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত হ’ব।

 

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে নতুনকৈ নিৰ্মিত জয়ৰাজ ক্ৰীড়া আৰু সন্মিলন  কেন্দ্ৰত ৫ হাজাৰ গ্ৰন্থৰে সমৃদ্ধ  পুথিভঁৰাল আছে। তেওঁ পুনা গুজৰাটী বন্ধু সমাজৰ সকলো সদস্যকে পুথিভঁৰালটোৰ বাবে দুখনকৈ কিতাপ ক্ৰয় কৰি বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনায়। ইয়াৰ ফলত পুথিভঁৰালটোত গ্ৰন্থৰ সংখ্যা  ১৫,০০০ খনলৈ বৃদ্ধি পাব। তেওঁ দৃঢ়তাৰে কয় যে আমি আমাৰ শিশুসকলৰ  মনত ইতিহাস অধ্যয়ন  আৰু শিকাৰ অভ্যাস গঢ়ি তুলিব লাগিব।

 

*****

RK/VV/PR/PS/DM


(Release ID: 2142400) Visitor Counter : 4