পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়
ঘৰুৱা পৰ্যটন, ভ্ৰমণৰ ধৰণ আৰু নিৰ্মাণ কাৰ্য্য-কলাপ সন্দৰ্ভত এনএছঅ’-ৰ নতুন সমীক্ষা আৰম্ভ
ক্ষেত্ৰ বিষয়াৰ সামৰ্থ্য বৃদ্ধিৰ বাবে গুৱাহাটীত আঞ্চলিক প্ৰশিক্ষণ শিবিৰ সম্পন্ন
পোষ্ট কৰা হৈছে:
26 JUN 2025 8:09PM by PIB Guwahati
ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ (MoSPI) অধীনস্থ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্য্যালয়ে (NSO) ৰাষ্ট্ৰীয় প্ৰতিদৰ্শ সমীক্ষাৰ (NSS) ৮০ সংখ্যক ৰাউণ্ডৰ অধীনত ২০২৫-ৰ জুলাইৰ পৰা ২০২৬-ৰ জুনলৈকে দুই নতুন ৰাষ্ট্ৰজোৰা সমীক্ষা আৰম্ভ কৰিবলৈ সাজু হৈছে। ইয়াত ঘৰুৱা পৰ্যটন ব্যয় সমীক্ষাক (DTES) সামৰি লোৱা হৈছে। ইয়াৰ লক্ষ্য হৈছে ঘৰুৱা পৰ্যটন ব্যয়ৰ বিস্তৃত তথ্য সংগ্ৰহ কৰা। ইয়াত ঘৰুৱা বৈশিষ্ট্য, ভিজিটৰ প্ৰফাইল আৰু অ’ভাৰনাইট ডমেষ্টিক ট্ৰেভেলৰ ট্ৰিপ-সম্পৰ্কীয় বিৱৰণসমূহ অন্তৰ্ভুক্ত। এই তথ্যই পৰ্যটন মন্ত্ৰালয়ক (MoT) টুৰিজিম ছেটেলাইট একাউন্ট (TSA) প্ৰস্তুতত সহায় কৰিব। টিএছএ-এ পৰ্যটনৰ অৰ্থনৈতিক অৱদানক অনুসৰণত সহায় কৰে আৰু ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাক (UNWTO) জনোৱা ভ্ৰমণ আৰু পৰ্যটন উন্নয়ন সূচকাংকৰ (TTDI) দৰে বৈশ্বিক মেট্ৰিকসমূহৰ সম্পৰ্কে অৱগত কৰে।
ইয়াত ৰাষ্ট্ৰীয় ঘৰুৱা ভ্ৰমণ সমীক্ষাও (NHTS) অন্তৰ্ভুক্ত হৈছে। ইয়াৰ জৰিয়তে গৃহস্থীত ব্যক্তিৰ ভ্ৰমণৰ আচৰণত গুৰুত্ব আৰোপ কৰা হ’ব। ইয়াত ভ্ৰমণৰ সঘনতা, পৰিবহণৰ ধৰণ, ট্ৰিপৰ উদ্দেশ্য আৰু ৰাজহুৱা পৰিবহণৰ ব্যৱহাৰ অন্তৰ্ভুক্ত হ’ব। এনএইচটিএছ-ৰ অন্তৰ্দৃষ্টিয়ে ট্ৰেনজিট ব্যৱস্থাৰ ব্যৱধান চিনাক্তকৰণ, সুগমতাৰ অগ্ৰগতি সাধন আৰু আন্তঃগাঁথনি পৰিকল্পনাক পথ-প্ৰদৰ্শনত সহায় কৰিব।
এই নতুন সমীক্ষাসমূহৰ বাবে ক্ষেত্ৰ বিষয়াসকলক সাজু কৰিবলৈ এনএছঅ’ (ফিল্ড অপাৰেচন ডিভিজন)-এ ২০২৫-ৰ ২৫ জুনৰ পৰা ২৭ জুনলৈ গুৱাহাটীৰ খানাপাৰাস্থিত হোটেল পেলেচিঅ’ত এটি তিনি-দিনীয়া আঞ্চলিক প্ৰশিক্ষণ শিবিৰ (RTC) অনুষ্ঠিত কৰিছে। এই প্ৰশিক্ষণ কাৰ্য্যসূচীৰ লক্ষ্য হৈছে বিষয়া আৰু কৰ্মচাৰীসকলক ফলপ্ৰসূ তথ্য সংগ্ৰহৰ বাবে পদ্ধতি আৰু আহিলাৰে সমৃদ্ধ কৰি তোলা।
ইয়াৰ উপৰিও, এনএছঅ’-এ ২০২৫-ৰ জুলাইৰ পৰা ডিচেম্বৰলৈকে অসংগঠিত খণ্ডৰ প্ৰতিষ্ঠান আৰু গৃহস্থীসমূহত নিৰ্মাণ কাৰ্য্যকলাপ সন্দৰ্ভত এটা পৰীক্ষামূলক অধ্যয়নো চলাব। এই অধ্যয়নৰ জৰিয়তে অসংগঠিত প্ৰতিষ্ঠানসমূহে সম্পন্ন কৰা নিৰ্মাণ কাৰ্য্যকলাপৰে সম্পৰ্কীয়— যেনেঃ মালিকীস্বত্ব, অংশীদাৰিত্ব আৰু সমবায় সত্তা— আৰু ব্যক্তিগত ব্যৱহাৰৰ বাবে গৃহস্থীসমূহে সম্পন্ন কৰা নিৰ্মাণ কাৰ্য্যকলাপৰে সম্পৰ্কীয় মুঠ মূল্য উৎপাদন (GVO) আৰু মুঠ মূল্য সংযোজিত (GVA) অনুমানৰ বাবে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰা হ’ব।
এই পাইলট সমীক্ষাৰ পূৰ্বে ২৩-২৪ জুন, ২০২৫-ত গুৱাহাটীৰ খানাপাৰাস্থিত এএইউ আন্তঃৰাষ্ট্ৰীয় অতিথিশালা ৰুহিকাত এটি দুদিনীয়া আঞ্চলিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছিল।
উভয় প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত মাণ্ডলিক কাৰ্য্যালয় (উত্তৰ-পূব মণ্ডল)ৰ সঞ্চালক আৰু এনএছঅ’ (এফঅ’ডি), গুৱাহাটীৰ আঞ্চলিক মুৰব্বী শ্ৰী এন. মোহন দাস সিঙে এই নতুন পদক্ষেপৰাজিৰ তাৎপৰ্য্যত গুৰুত্ব আৰোপ কৰে। তেওঁ বৈজ্ঞানিক প্ৰতিদৰ্শ সংগ্ৰহ পদ্ধতিৰ গুৰুত্ব আৰু মূল অংশীদাৰসকলে ৰাষ্ট্ৰীয়-পৰ্য্যায়ৰ পৰিকল্পনা তথা নীতি প্ৰণয়নৰ বেলিকা এই তথ্যসমূহ কেনেদৰে অতিশয় প্ৰয়োজনীয় হ’ব, সেই সম্পৰ্কে আলোকপাত কৰে।
এই তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়াৰ সময়ছোৱাত চৰকাৰী সমীক্ষাকাৰীসকলক সহযোগিতা আগবঢ়াবলৈ এনএছঅ’-এ সকলো নাগৰিককে আহ্বান জনাইছে। সংগ্ৰহ কৰা সকলো তথ্য কঠোৰভাৱে গোপনীয় হৈ থাকিব আৰু কেৱল পৰিসংখ্যাৰ উদ্দেশ্যেহে ব্যৱহাৰ কৰা হ’ব। এই সমীক্ষাসমূহে ৰাষ্ট্ৰখনৰ বিস্তৃত স্বাৰ্থ বাস্তৱায়িতকৰণৰ মাধ্যম উন্নয়নমূলক কৌশল আৰু নীতি যুগুতত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
***
Pavni Gupta/SB
(ৰিলিজ আই ডি : 2140055)
অতিথি কক্ষ : 24