ভাৰতীয় নিৰ্বাচন আয়োগ
ভাৰতীয় নিৰ্বাচনী আয়োগৰ বিস্তৃত তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীয়ে লাভ কৰিছে মসৃণ গতি
২টা ডিইঅ’, ১২টা ইআৰঅ’ ৰ সৈতে আইআইডিইএমত পশ্চিম বংগৰ পৰা ২১৭টা বিএলঅ’ৰে আৰম্ভ হৈছে কাৰ্যসূচী
মিডিয়া আৰু ছ’চিয়েল মিডিয়া ন’ডেল বিষয়া আৰু জিলা পি আৰ অ’ৰ বাবে আয়োজন কৰা এদিনীয়া পৰিচয় কাৰ্যসূচীৰ সামৰণি
Posted On:
09 APR 2025 8:16PM by PIB Guwahati
আজিৰে পৰা আই আই ডি ই এমত এক দুদিনীয়া ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়, য’ত পশ্চিম বংগৰ ২ জন জিলা নিৰ্বাচনী বিষয়া (ডি ই অ’), ১২ জন নিৰ্বাচনী পঞ্জীয়ন বিষয়া (ই আৰ অ’), আৰু ২১৭ জন বুথ পৰ্যায়ৰ বিষয়া (বি এল অ’)ই অংশগ্ৰহণ কৰে। এই পদক্ষেপ ভাৰতীয় নিৰ্বাচন আয়োগৰ ব্যাপক প্ৰশিক্ষণ কৌশলৰ এটা মূল উপাদান, যাৰ লক্ষ্য হৈছে তৃণমূল পৰ্যায়ৰ নিৰ্বাচনী কৰ্মীসকলৰ সামৰ্থ্য বৃদ্ধি কৰা। উল্লেখ্য যে ৪ মাৰ্চত আইআইডিইএমত অনুষ্ঠিত হোৱা মুখ্য নিৰ্বাচনী বিষয়া সন্মিলনৰ সময়ত আয়োগে উল্লেখ কৰা কাৰ্যপন্থাৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
ভাৰতীয় নিৰ্বাচন আয়োগে আজি নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ ডেম’ক্ৰেচি এণ্ড ইলেকচন মেনেজমেণ্ট চমুকৈ আই আই ডি ই এমত মিডিয়া ন’ডেল বিষয়া, ছ’চিয়েল মিডিয়া ন’ডেল বিষয়া, আৰু জিলা জনসংযোগ বিষয়াৰ বাবে আয়োজন কৰা এদিনীয়া পৰিচয়মূলক কাৰ্যসূচীৰ সামৰণি পৰে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়ত ফলপ্ৰসূ যোগাযোগ ব্যৱস্থা নিশ্চিত কৰা আৰু তথ্য প্ৰচাৰ নিয়মিত কৰি বিকশিত সংবাদ মাধ্যমৰ পৰিৱেশত যোগাত্মক ধাৰাৰে সমন্বয় শক্তিশালী কৰা আৰু নিৰ্বাচনী বিষয়াসকলৰ প্ৰস্তুতি তুংগত ৰখা বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।
২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংবাদ মাধ্যমৰ বিষয়াসকলে অৰিয়েণ্টেচন কাৰ্যসূচীত অংশগ্ৰহণ কৰে, যিয়ে এক শক্তিশালী আৰু ফলপ্ৰসূ যোগাযোগ কৌশল প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উদ্দেশ্য আছিল সক্ৰিয় তথ্য প্ৰচাৰ নিশ্চিত কৰা, ভুল তথ্য প্ৰতিহত কৰা, আৰু বিভিন্ন সংবাদ মাধ্যমৰ মঞ্চত ভোটাৰৰ সজাগতা বৃদ্ধি কৰা। এই দিশবোৰ ১৯৫০ আৰু ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইন, ১৯৬০ চনৰ নিৰ্বাচক পঞ্জীয়ন নিয়ম, ১৯৬১ চনৰ নিৰ্বাচন পৰিচালনাৰ নিয়ম, ভাৰতৰ নিৰ্বাচন আয়োগে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনা আৰু বিধি আদি আইনী কাঠামোৰ ওপৰত এই কাৰ্যসূচী সজোৱা হৈছিল।
মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰে তেওঁৰ ভাষণত উল্লেখ কৰে যে নিৰ্বাচনী প্ৰক্ৰিয়াৰ মূল অংশীদাৰ হিচাপে সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা অনস্বীকাৰ্য, তেওঁ লগতে নিৰ্বাচনত জনসাধাৰণৰ আস্থা বজাই ৰখাৰ ক্ষেত্ৰত বাস্তৱিক, সময়োপযোগী আৰু স্বচ্ছ যোগাযোগৰ প্ৰযোজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, বিশেষকৈ সাম্প্ৰতিক সময়ৰ ডিজিটেল মধ্যস্থতাকাৰী তথ্যৰ পৰিৱেশত। তেওঁ সংবাদ মাধ্যমৰ বিষয়াসকলক সঠিক তথ্য প্ৰচাৰৰ ক্ষেত্ৰত সক্ৰিয় হ’বলৈ আহ্বান জনায় আৰু ভোটাৰসকল যাতে এই সন্দৰ্ভত ভালকৈ অৱগত হৈ থকাৰ উপৰি ভিত্তিহীন কাহিনীৰ পৰা তথ্য পৃথক কৰিব পৰাটো নিশ্চিত কৰাৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পাৰে, তাৰ বাবেও আহ্বান জনায়।
PK/GDH/RP
(Release ID: 2138516)