আয়ুষ
২১ জুনত আন্তৰ্জাতিক যোগ দিৱস: এআইআইএৰ মুখ্য অনুষ্ঠান ‘যোগ সংগম’ অনুষ্ঠিত হ’ব মাপুচ্ছাৰ পেডেম স্প’ৰ্টছ কমপ্লেক্সত
Posted On:
19 JUN 2025 12:06PM by PIB Guwahati
অহা ২১ জুনত সমগ্ৰ বিশ্বতে উদযাপন কৰা হ’ব ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ইতিমধ্যেই উক্ত দিনটোৰ বাবে প্ৰস্তুতি তুংগত উঠিছে আৰু বিভিন্ন পদক্ষেপ গ্ৰহণেৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বিচিত্ৰ ধৰণেৰে যোগ দিৱস উদযাপন কৰিবৰ বাবে সকলো সাজু হৈ উঠিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক মুখ্য অতিথি হিচাপে লৈ অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত পুৱা ৬:৩০ বজাৰ পৰা পুৱা ৭:৪৫ বজালৈ দেশৰ মূল অনুষ্ঠানটো অনুষ্ঠিত হ’ব। একেদিনাই দেশজুৰি এক লাখৰো অধিক স্থানত একেলগে যোগাভ্যাস বা যোগাসন উদযাপন কৰা হ’ব। উল্লেখ্য যে এই বছৰৰ বিষয়বস্তু হৈছে ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’।
গোৱাৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদে আয়োজন কৰা দেশৰ মূল অনুষ্ঠান ‘যোগ সংগম’ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হ’ব মাপুছাৰ পেডেম স্প’ৰ্টছ কমপ্লেক্সত। সংস্থাটোৱে জনোৱা মতে, পেডেম আৰু মাপুছা অঞ্চলৰ পৰা বৃহৎ সংখ্যক বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, চৰকাৰী বিষয়া, আৰু স্থানীয় বাসিন্দাসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ দেশতে চৰকাৰী পৰ্যায়ত হৰিৎ যোগ আৰু যোগ সংগমৰ দৰে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদে ৰাজ্যখনত কেবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰিছিল, য’ত আছিল বিশিষ্ট ঐতিহ্য ক্ষেত্ৰ, পৰ্যটন স্থলী, প্ৰাচীন মন্দিৰ, দুৰ্গ আদিত হৰিৎ যোগ অধিবেশন। এই বিশেষ অভিযানত ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এই অধিবেশনসমূহৰ উপৰিও বিশেষকৈ সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতা বৃদ্ধিৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি কুইজ, চিকিৎসা শিবিৰ, যোগ কৰ্মশালাৰ দৰে কাৰ্য্যসূচীৰো ৰূপায়ণ কৰা হৈছিল।
এই সমগ্ৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আইয়া গোৱাৰ ডীন অধ্যাপক ড০ চুজাটা কদম, আৰু আইয়া গোৱাৰ সহযোগী ডীন অধ্যাপক ড০ মোহন যোশীৰ নিৰ্দেশনাত।
এই উদযাপনৰ জৰিয়তে আইয়া গোৱাই বিশ্ব স্বাস্থ্য, সমন্বয় আৰু সুস্থতাৰ বাবে যোগৰ কালজয়ী বিজ্ঞানক প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ সুদৃঢ় কৰে।
***
NM/DY/RD
(Release ID: 2137875)