গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

হাইলাকান্দিক উন্নত জিলালৈ ৰূপান্তৰিতকৰণৰ অৰ্থে প্ৰকল্পসমূহ সময়মতে ৰূপায়ণৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰীৰ

प्रविष्टि तिथि: 29 MAY 2025 4:43PM by PIB Guwahati

কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী নিমুবেন জয়ন্তীভাই বাম্ভানিয়াই হাইলাকান্দিৰ আকাংক্ষী জিলাৰ পৰা উন্নত জিলালৈ ৰূপান্তৰৰ অৰ্থে বাকী থকা সকলো উন্নয়নমূলক কাম ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ জিলাখনৰ বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে।

মন্ত্ৰীগৰাকীয়ে জিলাখনৰ উপ আয়ুক্ত শ্ৰী নিসৰ্গ হিভাৰে আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলৰ সৈতে এখনি পৰ্য্যালোচনা বৈঠকত মিলিত হৈ এই নিৰ্দেশনা আগবঢ়াই তেওঁৰ তিনিদিনীয়া জিলা ভ্ৰমণ কাৰ্য্যসূচীৰ সামৰণি মাৰে। তেওঁ হাইলাকান্দিৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদৰ আলমত নতুন জীৱিকা-সৃষ্টিকাৰী প্ৰকল্পৰ শুভাৰম্ভ আৰু স্থানীয় আয় বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।

শ্ৰীমতী বাম্ভানিয়াই আকাংক্ষী জিলা কাৰ্য্যসূচীৰ অধীনত ভিন্ন চৰকাৰী আঁচনিৰ ৰূপায়ণ কাৰ্য্যৰ মূল্যায়ন কৰিবলৈ সোমবাৰে হাইলাকান্দিত উপস্থিত হৈছিল। উক্ত ভ্ৰমণৰ প্ৰথম দিনা তেওঁ লালাবজাৰস্থিত ভাৰতীয় খাদ্য নিগমৰ ধান সংৰক্ষণৰ ব্যৱস্থা পৰিদৰ্শনেৰে জিলা বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰে।

এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (PMAY) হিতাধিকাৰী, স্থানীয় শিল্পী আৰু আত্ম-সহায়ক গোট (SHG)ৰ সদস্যাসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নৰ প্ৰসাৰৰ ক্ষেত্ৰত মহিলা-নেতৃত্বাধীন গোটসমূহৰ সক্ৰিয় অংশগ্ৰহণত সন্তুষ্টি প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে শিক্ষা, স্বাস্থ্যসেৱা, কৃষি, পশুপালন, গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ক্ষেত্ৰত বিভাগীয় প্ৰচেষ্টাৰাজি সম্পৰ্কে পৰ্য্যালোচনা কৰে। ইয়াত তেওঁ গঠনমূলক পৰামৰ্শ আগবঢ়ায় আৰু দৰিদ্ৰতা নিমূল ব্যৱস্থাৰ অগ্ৰগতিক ত্বৰান্বিতকৰণৰ অৰ্থে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে।

এই কেইদিনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দক্ষিণ হাইলাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত চুলতানীচেৰাস্থিত অংগনৱাড়ী কেন্দ্ৰও পৰিদৰ্শন কৰে। ইয়াত তেওঁ শিশুসকলৰ পিতৃ-মাতৃ আৰু সমজুৱাসকলৰ সৈতে মিলিত হৈ তেওঁলোকৰ সন্তানক নিয়মিতভাৱে অংগনৱাড়ী কেন্দ্ৰলৈ পঠিয়াই প্ৰাথমিক শিশু শিক্ষাৰ এক শক্তিশালী ভেটি গঢ়ি তুলিবলৈ উৎসাহিত কৰে।

 

ফটোঃ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী নিমুবেন জয়ন্তীভাই বাম্ভানিয়াই হাইলাকান্দিৰ চুলতানীচেৰাস্থিত অংগনৱাড়ী কেন্দ্ৰত শিশু আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে মত-বিনিময় কৰে।

 

***

 

KSY/ SM / SB


(रिलीज़ आईडी: 2132428) आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Bengali-TR