প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

অৰুণাচলৰ টাৱাঙত ডিআৰএল-ডিআৰডিঅ’ৰ আইৰন ৰিম’ভেল ইউনিট (IRU) আৰু ডিআৰডিঅ’ ৱাটাৰ টেষ্টিং কিট সন্দৰ্ভত প্ৰশিক্ষণ-সজাগতা কাৰ্য্যসূচী সম্পন্ন

পোষ্ট কৰা হৈছে: 22 MAY 2025 8:55PM by PIB Guwahati

ডিআৰডিঅ’-ৰ তেজপুৰস্থিত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰী (DRL)-এ পানীৰ গুণাগুণৰ মূল্যায়ন আৰু ইয়াৰ অগ্ৰগতি সাধনৰ ক্ষমতা বৃদ্ধিৰে উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় সেনাক গুৰুত্বপূৰ্ণ সহায় আগবঢ়াই আহিছে। এই পদক্ষেপৰ অংশ হিচাপে ডিআৰএলে ১১ মে’-ত অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ফৰৱাৰ্ড স্থানত আৰু ১৫ মে’-ত টাৱাঙত সেনা জোৱানসকলৰ অৰ্থে “আইৰন ৰিম’ভেল ইউনিট (IRU) আৰু ডিআৰডিঅ’ ৱাটাৰ টেষ্টিং কিট” সন্দৰ্ভত বিস্তৃত প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত কৰে

এই প্ৰশিক্ষণ কাৰ্য্যসূচীত দুই মূল প্ৰযুক্তি— আইৰন ৰিম’ভেল ইউনিট (IRU) আৰু ডিআৰডিঅ’ ৱাটাৰ টেষ্টিং কিটৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়আইআৰইউ-ক খোৱাপানীৰ পৰা অতিৰিক্ত আইৰনক ফলপ্ৰসূতাৰে নিৰ্মূল কৰিব পৰাকৈ সজ্জিত কৰা হৈছে একেদৰে, ৱাটাৰ টেষ্টিং কিট হৈছে আৰ্ছেনিক, ফ্ল’ৰাইড, আইৰন আৰু ক্ষতিকাৰক বেক্টেৰিয়া আদি একাধিক দূষিত পদাৰ্থ ধৰা পেলাব পৰা এক বহনযোগ্য, ক্ষেত্ৰ-অনুকূল সমাধান।

ডিআৰএল-ৰ বিজ্ঞানীসকলে পৰিচালনা কৰা অধিবেশনত এইচকিউ ১৯০ বিডিই আৰু এইচকিউ ৪০ বিডিই-ৰ ১১ টা ফৰৱাৰ্ড ইউনিটৰ ৭০ জনৰো অধিক সেনা জোৱানে অংশগ্ৰহণ কৰে। উক্ত ব্যৱহাৰিক প্ৰশিক্ষণ কাৰ্য্যসূচীত তেওঁলোকক প্ৰত্যাহ্বানমূলক আৰু সমলৰ-অভাৱ হোৱা পৰিবেশত পানীৰ গুণাগুণ নিৰীক্ষণ আৰু পৰিচালনাৰ ব্যৱহাৰিক দক্ষতাৰে সমৃদ্ধ কৰা হয়

ডিআৰএল-এ গ্ৰহণ কৰা এই পদক্ষেপে কেৱল দূৰৱৰ্তী আৰু অধিক-উচ্চতাত অৱস্থিত অঞ্চলসমূহত পানীৰ গুণাগুণ ব্যৱস্থাপনাৰ সম্প্ৰসাৰণ কৰাই নহয়, বৰঞ্চ অতিশয় প্ৰত্যাহ্বানমূলক আৰু সমল-সীমিত পৰিবেশত নিয়োজিত হৈ থকা সেনা জোৱানসকলৰ স্বাস্থ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সামগ্ৰিক মংগল সাধনৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাব।

***

PG/BM/SB


(ৰিলিজ আই ডি : 2130675) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English