নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

গংগা, বৰাক, ব্ৰহ্মপুত্ৰত চলিব জাৰ্মান জাহাজ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ পদক্ষেপ

• ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে আভ্যন্তৰীণ জলপথত মাল্টি-মডেল কাৰ্গ' চলাচলৰ প্ৰসাৰৰ বাবে ৰেনাছ লজিষ্টিকছৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে

• পৰ্যায়ক্ৰমে ১০০ খন বাৰ্জ মোতায়েন কৰা হ'ব, প্ৰথম পৰ্যায়ত গংগা, ব্ৰহ্মপুত্ৰ আৰু বৰাকত ২০ খন বাৰ্জ আৰু ৬ খন পুছাৰ্চ ব্যৱহাৰ কৰা হ'ব

• ২০২৫ চনৰ ভিতৰত এক নিযুত টন কাৰ্গ' চলাচল কৰাৰ লক্ষ্য

• "নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন আমাৰ চৰকাৰে অত্যাধুনিক কাৰ্যকলাপৰ সৈতে আভ্যন্তৰীণ চলাচলযোগ্য জলপথৰ পুনৰুজ্জীৱিতকৰণ আৰু বহনক্ষম উন্নয়নৰ সুযোগ সৃষ্টিত অগ্ৰাধিকাৰ দিছে": সোণোৱাল

Posted On: 06 MAY 2025 8:58PM by PIB Guwahati

গংগা, ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি ভাৰতৰ আভ্যন্তৰীণ জলপথৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজনেৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে বিশ্বৰ আগশাৰীৰ লজিষ্টিক গ্ৰুপ ৰেনাছৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আভ্যন্তৰীণ জলপথৰ ক্ষেত্ৰত দক্ষ, পৰিৱেশ অনুকূল আৰু কাৰ্যকৰী এক সংহত পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ বাবে অটল প্ৰতিশ্ৰুতি দোহাৰে। বুজাবুজি চুক্তিৰ অংশ হিচাপে ৰেনাছে পৰ্যায়ক্ৰমে ভাৰতৰ ৰাষ্ট্ৰীয় জলপথত ১০০ খন বাৰ্জ মোতায়েন কৰিব। ২০২৫ চনৰ শেষৰ ফালে বছৰি এক নিযুত টনতকৈও অধিক কাৰ্গ'ৰ সুচল চলাচলৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ত ২০ খন বাৰ্জ আৰু ৬ খন পুছাৰ্চ মোতায়েন কৰা হ'ব। এই বুজাবুজি চুক্তিয়ে আভ্যন্তৰীণ জলপথৰ সেৱা অধিক উন্নত কৰিব। বৰাক-ব্ৰহ্মপুত্ৰতো চলিব এই জাৰ্মান জাহাজ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এয়া বিশেষ পদক্ষেপ। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে আভ্যন্তৰীণ জলপথত মাল্টি-মডেল কাৰ্গ' চলাচলৰ প্ৰসাৰৰ বাবে ৰেনাছ লজিষ্টিকছৰ সৈতে উক্ত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আভ্যন্তৰীণ জলপথসমূহে এক সেউজ, ব্যয়সাধ্য আৰু দক্ষ লজিষ্টিক নেটৱৰ্ক গঢ়ি তোলাৰ গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমাৰ মন্ত্ৰালয়ে সামুদ্ৰিক ভাৰত ভিজন ২০৩০ৰ পৰিকাঠামো ৰূপায়ণৰ কাম কৰি আছে। আজি এই বুজাবুজি চুক্তিৰ দ্বাৰা আমি আমাৰ সমৃদ্ধ আৰু গতিশীল জলপথ প্ৰণালীক বিশ্বব্যাপী দক্ষতাৰে শক্তিশালী কৰিবলৈ আৰু দেশত বৃহৎ পৰিমাণৰ কাৰ্গ' চলাচলৰ পছন্দৰ মাধ্যম হিচাপে ইয়াৰ কাৰ্যকাৰিতা পুনৰুজ্জীৱিত কৰিবলৈ সাজু হৈছোঁ। আমাৰ মন্ত্ৰালয়ে এনেধৰণৰ পদক্ষেপৰ জৰিয়তে আভ্যন্তৰীণ জল পৰিবহণৰ সম্পূৰ্ণ সম্ভাৱনা ত্বৰান্বিত আৰু অন্বেষণ কৰাত গুৰুত্ব আৰোপ কৰিছে, যিয়ে দেশৰ বিকাশ ইঞ্জিনক এক নতুন গতি দিব আৰু বহনক্ষম উন্নয়নক শক্তি প্ৰদান কৰিব।"

 

আৰম্ভণিতে, ৰেনাছে ৰাষ্ট্ৰীয় জলপথ ১ (গংগা), ২ (ব্ৰহ্মপুত্ৰ) আৰু ১৬ (বৰাক)ৰ লগতে ভাৰত-বাংলাদেশ প্ৰট'কল (আইবিপি) জলপথত কাম কৰিব। এই অভিযানবোৰে উত্তৰ আৰু পূব ভাৰতৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত বৃহৎ পৰিমাণৰ আৰু ব্ৰেক-বাল্ক কাৰ্গ'ৰ চলাচল তৎপৰ কৰি তুলিব, অন্যান্য ৰাষ্ট্ৰীয় জলপথলৈ ইয়াৰ সুফল ক্ৰমান্বয়ে সম্প্ৰসাৰণ কৰা হ'ব। উক্ত অংশীদাৰিত্বৰ লক্ষ্য হৈছে ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণত  বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পদ্ধতিবোৰ একত্ৰিত কৰা। নিম্ন গভীৰতাৰ নেভিগেশ্বনৰ সৈতে খাপ খোৱাকৈ পুছাৰ আৰু বাৰ্জৰ সংমিশ্ৰণৰ ফলত বৃহৎ আৰু অতি বৃহৎ পৰিমাণৰ কাৰ্গ' পৰিবহণ কৰাটো সহজসাধ্য হ'ব। এই অংশীদাৰিত্ব ৰাষ্ট্ৰীয় জলপথৰ ক্ষমতা আৰু দক্ষতা বৃদ্ধিৰ বাবে 'জল মাৰ্গ বিকাশ' প্ৰকল্পৰ সফলতাৰ এক প্ৰমাণ। এই প্ৰকল্পৰ অধীনত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে এণ্ড-টু-এণ্ড ৰক্ষণাবেক্ষণ ড্ৰেজিং, আই.ডব্লিউ.টি. টাৰ্মিনেল আৰু নেভিগেশ্যনেল লক নিৰ্মাণ, সামূহিক জেটি স্থাপন, যাত্ৰী আৰু কাৰ্গ'ৰ মসৃণ চলাচলৰ বাবে সমগ্ৰ জলপথত নেভিগেশ্যনেল সহায়ক প্ৰদান কৰি আছে।

 

অনুষ্ঠানত মন্ত্ৰালয়ৰ সচিব টি কে ৰামচন্দ্ৰন, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰৰ লগতে মন্ত্ৰালয়ৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল আৰু ৰেনাছৰ প্ৰতিনিধি দল উপস্থিত থাকে।

 

ভাৰতৰ অভ্যন্তৰীণ জল পৰিবহণ খণ্ডই কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ২০১৪-১৫ চনত কাৰ্যক্ষম ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৩ৰ পৰা ২০২৩-২৪ চনৰ ভিতৰত ২৪টালৈ বৃদ্ধি পাইছে, ২০২৪-২৫ চনৰ ভিতৰত ২৯টা হোৱাৰ লক্ষ্য আছে। ২০১৪-১৫ চনত প্ৰতি বছৰে ৩০ মিলিয়ন মেট্ৰিক টনৰ পৰা ২০২৩-২৪ চনত ১৩৩ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পাইছে কাৰ্গ'ৰ গতিবিধি, যিয়ে বিগত দশকত ৭৭৯ মিলিয়ন মেট্ৰিক টনতকৈও অধিক সঞ্চিত গতিবিধিত অৰিহণা যোগাইছে। বৰ্তমান এই খণ্ডটো ১১১টা স্বীকৃত ৰাষ্ট্ৰীয় জলপথৰ মাজেৰে ১৪,৫০০ কিলোমিটাৰ পৰিবহণযোগ্য জলপথলৈ বিস্তৃত, এই খণ্ডটোৱে দেশৰ লজিষ্টিক পৰিকাঠামোত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সাজু হৈছে বুলি সোণোৱালে উল্লেখ কৰে।

GDH/HR


(Release ID: 2127403)
Read this release in: English , Urdu , Hindi