যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
অৰুণাচল প্ৰদেশৰ কামলে জিলাত খেলো ইণ্ডিয়া বহুমুখী প্ৰেক্ষাগৃহ উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াই
Posted On:
03 MAY 2025 1:59PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া আন্তঃগাঁথনিলৈ এক উল্লেখযোগ্য অন্তৰ্ভুক্তিৰে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া তথা শ্ৰম আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াই আজি অৰুণাচল প্ৰদেশৰ কামলে জিলাত খেলো ইণ্ডিয়া বহুমুখী প্ৰেক্ষাগৃহ উদ্বোধন কৰে। এই উপলক্ষে্য আয়োজিত অনুষ্ঠানত ৰাজ্যিক মন্ত্ৰী শ্ৰী কেন্টো জিনি আৰু শ্ৰী ন্যাটো দুকামৰ লগতে ২৫ নং ৰাগা সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰ’টম টেবিনো উপস্থিত থাকে।

খেলো ইণ্ডিয়া বহুমুখী প্ৰেক্ষাগৃহ কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ পুঁজিৰে ৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে অঞ্চলটোত তৃণমূল পৰ্যায়ৰ ক্ৰীড়াৰ বিকাশ আৰু প্ৰসাৰৰ অত্যাধুনিক আন্তঃগাঁথনি আৰু প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা।
আধুনিক সা-সুবিধাৰে সজ্জিত এই প্ৰেক্ষাগৃহটোত বক্সিং, বেডমিণ্টন, জুডো, ৱুছু, কাৰাটে, টাইকোৱাণ্ডো, ভাৰোত্তোলন, টেবুল টেনিছ আৰু ভলীবলকে ধৰি একাধিক ইনড’ৰ ক্ৰীড়াৰ ব্যৱস্থা আছে৷ প্ৰেক্ষাগৃহটোৱে অঞ্চলটোৰ যুৱ খেলুৱৈসকলক পেছাদাৰীভাৱে প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা প্ৰদান কৰিব আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।

এই উপলক্ষে্য আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড০ মাণ্ডবিয়াই দুৰ্গম জিলাসমূহৰ ক্ৰীড়াৰ ক্ষেত্ৰত সৰ্বাংগীন উন্নয়নৰ প্ৰতি ভাৰত চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, ‘এই পদক্ষেপে আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ প্ৰতিটো কোণৰ পৰা প্ৰতিভাক চিহ্নিত কৰি উত্তৰণৰ পথ দেখুওৱাৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে।ক্ৰীড়াৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ অপৰিসীম সম্ভাৱনা আছে আৰু এনে ধৰণৰ সুবিধাৰ জৰিয়তে আমি যুৱক-যুৱতীসকলক ক্ৰীড়াৰ দিশত আগুৱাই যোৱাৰ সুযোগ সৃষ্টি কৰাৰ লগতে দেশ গঠনতো অৰিহণা যোগোৱাৰ লক্ষ্য আগত ৰাখিছো।’
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্থানীয় যুৱক-যুৱতী আৰু ক্ৰীড়াবিদসকলৰ সৈতে মত বিনিময়ো কৰে আৰু তেওঁলোকক এই সুবিধাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে। তেওঁ যুৱক-যুৱতীসকলে দৈনন্দিন জীৱনত ফিটনেছ, ক্ৰীড়া আৰু অনুশাসনক একত্ৰিত কৰাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। এই অনুষ্ঠানত ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ জ্যেষ্ঠ বিষয়া, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Manish Gautam/Divyanshu Kumar/DM
(Release ID: 2126571)
Visitor Counter : 26