WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছ, ২০২৫-ৰ কেন্দ্ৰীয় মঞ্চত উত্তৰ-পূব ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰতিফলিত হ’ব

উদ্বোধনীৰ দিনা নাগালেণ্ডৰ টেটচিঅ’ চিষ্টাৰ্ছে অনুষ্ঠান পৰিবেশন কৰিব

 Posted On: 30 APR 2025 4:41PM |   Location: PIB Guwahati

মিডিয়া আৰু এন্টাৰটেইনমেন্ট উদ্যোগৰ উদ্ভাৱন আৰু সহযোগিতাক উদযাপন কৰা এক বৈশ্বিক অনুষ্ঠান বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES), ২০২৫ত বিশ্ব সংস্কৃতিৰ এক স্পন্দনশীল উদযাপনো প্ৰত্যক্ষ হ’ব। এই সন্মিলনৰ অতিশয় প্ৰত্যাশিত কাৰ্য্যসূচীসমূহৰ ভিতৰত আছে মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেন্টাৰ (JWCC)ত ১–৪ মে’ত অনুষ্ঠিতব্য চাৰি-দিনীয়া সাংস্কৃতিক অনুষ্ঠান ৱেভছ কালচাৰেলছ এণ্ড কনচাৰ্টছ। ইয়াত উত্তৰ-পূব ভাৰতৰ সংস্কৃতিও উজলি উঠিব। য’ত অঞ্চলটোৰ চহকী কলাত্মক ঐতিহ্য আৰু পৰম্পৰাৰাজিক আকৰ্ষণীয়ভাৱে প্ৰদৰ্শন কৰা হ’ব।

“কানেক্টিং ক্ৰিয়েটৰ্ছ, কানেক্টিং কান্ট্ৰিজ” বিষয়বস্তুৰ অধীনত সজোৱা এই সাংস্কৃতিক কাৰ্য্যসূচীত উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰে অনুষ্ঠান অন্তৰ্ভুক্ত হৈছে, যিয়ে দৰ্শক ৰাইজক ভাৰতৰ বৈচিত্ৰ্যময় আৰু স্পন্দনশীল সাংস্কৃতিক ঐতিহ্যৰ এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব। অসমসত্ৰীয়া কেন্দ্ৰ, গুৱাহাটীয়ে পৰিবেশন কৰিবলগীয়া সত্ৰীয়া নৃত্য আৰু জনজাতীয় গুমৰাগ নৃত্যই দৰ্শকক মোহিত কৰিব। মেঘালয়ে সূৰ্য্য দেৱতালৈ শ্ৰদ্ধা নিবেদনমূলক ৱাংগালা নৃত্য, ছিকিমে সজীৱ তামাং চেলো আৰু ১৮ শতিকাৰ ঐতিহাসিক শিপাৰে মহিমামণ্ডিত সিংহী ছাম পৰিবেশন কৰিব। ত্ৰিপুৰাৰ বিখ্যাত হোজাগিৰি নৃত্যই ভাৰসাম্য ৰক্ষাৰ অভিনয়েৰে মোহিত কৰিব আৰু মণিপুৰৰ জৱাহৰলাল নেহৰু মণিপুৰী নৃত্য একাডেমীয়ে মণিপুৰী নৃত্য তথা আবৃত্তি অনুষ্ঠান পৰিবেশন কৰিব।

নাগালেণ্ডৰ টেটচিঅ’ চিষ্টাৰ্ছে ইয়াত অনুষ্ঠান পৰিবেশন কৰিব। ইয়াৰ জৰিয়তে কাব্যিক চোকৰী উপভাষাত লি লোক পৰম্পৰাক সংৰক্ষণৰ প্ৰয়াসৰ সমান্তৰালকৈ লোথা নাগা জনজাতীয় মহিলাসকলে ঞ্জান্টা পৰিবেশন কৰিব। জনপ্ৰিয়ভাৱে বাঁহ নৃত্য নামেৰে পৰিচিত মিজোৰামচেৰাৱে সমন্বয় আৰু ছন্দৰ গতিশীল দৃশ্যগত অভিজ্ঞতা প্ৰদানৰ সমান্তৰালকৈ অৰুণাচল প্ৰদেশে ঐতিহাসিক কা কিংনাৰা কিংনাৰী নৃত্য পৰিবেশন কৰিব।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, সংস্কৃতি মন্ত্ৰালয়, মহাৰাষ্ট্ৰ চৰকাৰ আৰু ইউটিউব, স্পটিফাই তথা বুকমাইশ্ব’ৰ দৰে অংশীদাৰৰ সহযোগত আয়োজিত ৱেভছ, ২০২৫-ৰ সাংস্কৃতিক কাৰ্য্যসূচীয়ে বিশ্বৰ কলাত্মক উজ্জ্বলতাক প্ৰদৰ্শনৰ অৰ্থে সন্মিলনৰ অংগীকাৰকে সুদৃঢ় কৰে। এই কেলেণ্ডাৰত উক্ত পৰিবেশনৰ দিন-অনুসৰি সময়সূচী চাব পাৰিব।

***

PG/SB


Release ID: (Release ID: 2125539)   |   Visitor Counter: 20

Read this release in: English , Nepali , Manipuri