WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছ ২০২৫ উপলক্ষে অসম আৰু মেঘালয়ৰ সংবাদ মাধ্যমৰ প্ৰতিনিধি দল মুম্বাইলৈ ৰাওনা

 प्रविष्टि तिथि: 30 APR 2025 3:25PM |   Location: PIB Guwahati

অসম আৰু মেঘালয়ৰ চাৰিজনীয়া সদস্যৰ সংবাদ মাধ্যমৰ প্ৰতিনিধি দলে আজি ৱেভছ ২০২৫ বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মুম্বাইলৈ ৰাওনা হয়। প্ৰেছ ইনফৰমেচন ব্যুৰো (পি আই বি)ৰ দ্বাৰা আয়োজিত এই চাৰিদিনীয়া মিডিয়া ট্যুৰে আঞ্চলিক সাংবাদিকসকলক মিডিয়া আৰু মনোৰঞ্জন খণ্ডত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কৰ্ণধাৰসকলৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰে। সন্মিলনখন ২০২৫ চনৰ ১ মে'ৰ পৰা ৪ মে'লৈকে মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হ'ব।

প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়া উভয় খণ্ডৰ সাংবাদিকৰে গঠিত প্ৰতিনিধি দলটোৰ ভিতৰত আছে নৰ্থ-ইষ্ট লাইভ, প্ৰতিদিন টাইম, দৈনিক জনমভূমি আৰু দ্য শ্বিলং টাইমছৰ প্ৰতিনিধি। দলটোৰ নেতৃত্ব দিছে পি আই বি গুৱাহাটীৰ মিডিয়া এণ্ড কমিউনিকেশ্যন অফিচাৰ শ্ৰীমতী বৰ্ণালী মহন্তই। ৩০ এপ্ৰিলৰ পৰা ৩ মে’লৈকে দলটো মুম্বাইত থকা সময়ছোৱাত তেওঁলোকে সন্মিলনৰ অংশ হিচাপে বিভিন্ন অধিবেশন আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত ৱেভছ ২০২৫-এ সংবাদ মাধ্যম আৰু মনোৰঞ্জন (এম এণ্ড ই) খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। সন্মিলনখনৰ লক্ষ্য হৈছে ভাৰতৰ সৃষ্টিশীল দক্ষতা আৰু বিষয়বস্তু বিকাশ তথা প্ৰযুক্তিগত উদ্ভাৱনৰ আন্তৰ্জাতিক কেন্দ্ৰ হিচাপে দেশখনৰ বিকশিত ভূমিকাৰ ওপৰত আলোকপাত কৰা। মূল কেন্দ্ৰীয় ক্ষেত্ৰবোৰৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিণ্ট আৰু ডিজিটেল মিডিয়া, দূৰদৰ্শন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল এফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, জেনেৰেটিভ কৃত্ৰিম বুদ্ধিমত্তা আৰু অগ্মেন্টেড ৰিয়েলিটি (এ আৰ), ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ) আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এক্স আৰ)ৰ দৰে নিমজ্জিত প্ৰযুক্তি।

PG/BM/DD


रिलीज़ आईडी: 2125476   |   Visitor Counter: 57

इस विज्ञप्ति को इन भाषाओं में पढ़ें: English