নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

কান্দলাৰ সেউজ হাইড্ৰজেন প্ৰকল্পৰ ইলেক্ট্ৰ'লাইজাৰ ভাৰ্চুৱেলী মুকলি কৰিলে সৰ্বানন্দ সোণোৱালে

Posted On: 18 MAR 2025 8:01PM by PIB Guwahati

 

শক্তি পৰিৱৰ্তন আৰু ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ লক্ষ্যত উপনীত হোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ  মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি কান্দলা বন্দৰৰ দীনদয়াল বন্দৰ প্ৰধিকৰণত  (ডিপিএ) আগন্তুক গ্ৰীণ হাইড্ৰজেন প্ৰকল্পৰ  বাবে ভাৰ্চুৱেলী  ইলেক্ট্ৰ’লাইজাৰ মুকলি কৰে। 

 

এই উপলক্ষে্য ভাষণ আগবঢ়াই  কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, "এই ফ্লেগিং অফ ডিপিএ কান্দলাই ভাৰতৰ আগশাৰীৰ সেউজ হাইড্ৰ'জেন হাব হিচাপে আত্মপ্ৰকাশ কৰাৰ অভিযানৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি উন্নত সেউজ শক্তিৰ পদক্ষেপসমূহ আগুৱাই লৈ গৈছো, সামুদ্ৰিক খণ্ডৰ ডিকাৰ্বনাইজ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো আৰু বহনক্ষম বন্দৰ কাৰ্য্যকলাপৰ মান ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্ধাৰণ কৰা হৈছে।"  "

*পদক্ষেপৰ মূল আলোকপাতৰ বিষয়:*

 

- *থলুৱা প্ৰযুক্তি*: কান্দলাৰ ডিপিএত স্থাপন কৰা ১ মেগাৱাট গ্ৰীণ হাইড্ৰজেন প্ৰকল্পত  "মেক-ইন-ইণ্ডিয়া" পদক্ষেপৰ অধীনত এল এণ্ড টিয়ে নিৰ্মাণ কৰিছে এই ইলেক্ট্ৰ'লাইজাৰ।

- *উৎপাদন ক্ষমতা*: ২০২৫ চনৰ জুলাই মাহৰ ভিতৰত ডি পি এ কান্দলাত থকা সেউজ হাইড্ৰজেন প্ৰকল্পটো কাৰ্যক্ষম হৈ উঠিব, যাৰ ফলত প্ৰতি ঘণ্টাত ১৮ কিলোগ্ৰাম হাইড্ৰজেন উৎপাদন হ’ব, যাৰ ফলত থলুৱা ইলেক্ট্ৰ’লাইজাৰ ব্যৱহাৰ কৰি ই ভাৰতৰ প্ৰথমটো বন্দৰ ভিত্তিক উদ্যোগ হ’ব ।

- *সম্প্রসাৰণৰ পৰিকল্পনা*: ভাৰতৰ নেট জিৰ’ লক্ষ্যক আগুৱাই নিয়াৰ অৰ্থে ডিপিএই গ্ৰীণ এমোনিয়া উৎপাদনত সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে বন্দৰত পৰিচালিত ১ মেগাৱাট সেউজ হাইড্ৰজেন প্ৰকল্প  স্থাপন কৰা।  ভৱিষ্যতে ইয়াক ১০ মেগাৱাটলৈকে বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।

 

 ইলেক্ট্ৰ'লাইজাৰ  মুকলি অনুষ্ঠানত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী টি.কে. ৰামচন্দ্ৰন, আই আৰ এছ এম ইৰ  অধ্যক্ষ শ্ৰী সুশীল কুমাৰ সিং, ডি পি এ আৰু এল এণ্ড টি গ্ৰীণ এনাৰ্জীৰ জ্যেষ্ঠ উপাধ্যক্ষ তথা মুৰব্বী শ্ৰী ডেৰেক এম শ্বাহ উপস্থিত থাকে । ইলেক্ট্ৰ’লাইজাৰ এল এণ্ড টিৰ হাজিৰা উৎপাদন কেন্দ্ৰৰ পৰা মুকলি কৰা হয় ।


(Release ID: 2112869) Visitor Counter : 7


Read this release in: English , Urdu , Hindi