উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ষ্টাৰ্ট-আপ পৰিবেশতন্ত্ৰ

ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰত গঢ়ি তোলাত অৰিহণা যোগাইছে নেডফিয়ে

ষ্টাৰ্টআপ ইণ্ডিয়াৰ অধীনত উত্তৰ-পূবৰ ৰাজ্যসমূহত উদ্যোগীকৰণৰ প্ৰসাৰৰ বাবে ডিপিআইআইটিয়ে গ্ৰহণ কৰা পদক্ষেপসমূহ

Posted On: 12 MAR 2025 1:42PM by PIB Guwahati

দেশৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰত উদ্ভাৱন, ষ্টাৰ্টআপ আৰু বিনিয়োগক উৎসাহিত কৰাৰ বাবে এক শক্তিশালী পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ উদ্দেশ্যেৰে চৰকাৰে ২০১৬ চনৰ ১৬ জানুৱাৰীত ষ্টাৰ্টআপ ইণ্ডিয়াৰ পদক্ষেপ আৰম্ভ কৰিছিল।

 

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে ২০২৫ চনৰ ৩১ জানুৱাৰীলৈকে ডিপিআইআইটিয়ে ২,১০৯টা গোটক ষ্টাৰ্টআপ হিচাপে স্বীকৃতি দিছে। সেই স্বীকৃতিক ইয়াত সূচীভুক্ত কৰা হৈছে:

 

  

State

Certificates Issued as on 31st January 2025

Arunachal Pradesh

55

Assam

1514

Manipur

185

Meghalaya

63

Mizoram

44

Nagaland

88

Sikkim

13

Tripura

147

Total

2109

নৰ্থ ইষ্টাৰ্ণ ফাইনেন্স ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড (এন ই ডি এফ আই) হৈছে উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা নন-বেংকিং ফাইনেন্সিয়েল কোম্পানী (এন বি এফ চি)। ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ (এন ই আৰ) ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰ গঢ়ি তোলাৰ দিশত নেডফিয়ে  অৰিহণা যোগাই আহিছে। নেডফিয়ে তিনিটা ছেবি পঞ্জীয়নভুক্ত ভেঞ্চাৰ কেপিটেল ফাণ্ড আৰম্ভ আৰু পৰিচালনা কৰি আছে। লগতে এন আৰ এল আইডিয়া এঞ্জেল ফাণ্ড (এন আৰ এল আই এ এফ) আৰম্ভ কৰিবলৈ পি এছ ইউ নুমলীগড় ৰিফাইনেৰী লিমিটেড (এন আৰ এল)ৰ সৈতে সহযোগিতামূলক সম্পৰ্ক স্থাপন কৰিছে।

 

উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে নেডফিৰ জৰিয়তে নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ড (এন ই ভি এফ) গঠন কৰিছে। এন ই ভি এফৰ অধীনত আজিলৈকে ৬৯টা ষ্টাৰ্টআপে প্ৰায় ১০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে।

 

ষ্টাৰ্টআপ ইণ্ডিয়াৰ অধীনত উত্তৰ-পূবৰ ৰাজ্যসমূহত উদ্যমিতাৰ প্ৰসাৰৰ বাবে ডিপিআইআইটিয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ তালিকা, তলত দিয়া ধৰণৰ:

এছেণ্ড (ASCEND) ষ্টাৰ্টআপ কৰ্মশালা শৃংখলা আৰু ষ্টাৰ্টআপৰ বাবে মহিলা সম্পৰ্কীয় কৰ্মশালা: চৰকাৰে উত্তৰ-পূব অঞ্চলৰ উদ্যোগী, উচ্চাকাংক্ষী উদ্যোগী আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ষ্টাৰ্টআপ কৰ্মশালা শৃংখলাৰ আয়োজন কৰিছে –  সেয়া হৈছে এছেণ্ড ( ASCEND- Accelerating Startup Caliber & Entrepreneurial Drive)কৰ্মশালা।

জ্ঞানৰ বিনিময় আৰু সামৰ্থ্য বিকাশ সম্পৰ্কীয়  কৰ্মশালাঃ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত উন্নত পদ্ধতি আৰু পাৰস্পৰিক শিক্ষণৰ প্ৰচাৰৰ বাবে ডিপিআইআইটিয়ে জ্ঞানৰ বিনিময় কৰ্মশালাৰ আয়োজন কৰিছে।

ষ্টাৰ্টআপ ইণ্ডিয়া যাত্ৰাৰ পদক্ষেপঃ ষ্টাৰ্টআপ ইণ্ডিয়াই সমগ্ৰ ৰাজ্যৰ গ্ৰাম্য আৰু অ-মেট্ৰ’ অঞ্চলত উদ্যমিতাৰ প্ৰসাৰৰ বাবে ২০১৭ চনত ষ্টাৰ্টআপ ইণ্ডিয়া যাত্ৰা আৰম্ভ কৰিছিল।

উইং(WING): ডিপিআইআইটিৰ কাৰ্যসূচীৰ অংশ হিচাপে উইং (WING) - এয়া বৰ্তমানৰ উদ্যোগী তথা  উচ্চাকাংক্ষী মহিলা উদ্যোগীসকলৰ বাবে সামৰ্থ্য বিকাশৰ কাৰ্যসূচী৷

জিলা আউটৰিচ পদক্ষেপঃ ভাৰতৰ প্ৰতিখন জিলাত অন্ততঃ এটা ডিপিআইআইটিৰ স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ স্থাপনৰ বাবে  প্ৰচেষ্টা অব্যাহত ৰাখি  ডিপিআইআইটিয়ে উদ্যমিতাক প্ৰসাৰিত কৰিছে।

এই তথ্য উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰে আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত প্ৰদান কৰে।


(Release ID: 2111099)
Read this release in: English , Urdu , Hindi