উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূব অঞ্চলৰ বাণিজ্য আৰু বিনিয়োগৰ সুযোগসমূহৰ ওপৰত আলোকপাত কৰিবলৈ আহমেদাবাদত উত্তৰ-পূব বাণিজ্য আৰু বিনিয়োগৰ ৰোড শ্ব'

আহমেদাবাদ ৰোড শ্ব’ ২০২৫ চনৰ ১৭ জানুৱাৰীত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত ড’নাৰ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী ড০ সুকান্ত মজুমদাৰ উপস্থিত থাকিব

Posted On: 16 JAN 2025 12:15PM by PIB Guwahati

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ে (ড’নাৰ মন্ত্ৰালয়) ২০২৫ চনৰ ১৭ জানুৱাৰীত আহমেদাবাদৰ আশ্ৰম ৰোডৰ হোটেল হায়াট ৰিজেন্সিত পুৱা ১০.৩০ বজাৰ পৰা উত্তৰ-পূব বাণিজ্য আৰু বিনিয়োগ ৰোড শ্ব’ৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ভাৰত চৰকাৰৰ উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয় আৰু শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী ড সুকান্ত মজূমদাৰ উপস্থিত থাকিব। যুটীয়া সচিব শ্ৰী শান্তনুৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ জ্যেষ্ঠ প্ৰতিনিধিসকল; ডিপিআইআইটি, এনইচি, এনইএইচএইচডিচি, এনইআৰএএমএচি আৰু নেডফিয়েও এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। এই ৰোড শ্ব’ৰ লক্ষ্য হৈছে গুজৰাটৰ গতিশীল ব্যৱসায়িক সম্প্ৰদায়ৰ বাবে উত্তৰ-পূব অঞ্চলত উপলব্ধ প্ৰচুৰ বিনিয়োগৰ সুযোগসমূহৰ ওপৰত আলোকপাত কৰা।

উত্তৰ-পূব অঞ্চলৰ ৰাজ্য চৰকাৰ, এফ আই চি চি আই (উদ্যোগ অংশীদাৰ) আৰু ইনভেষ্ট ইণ্ডিয়া (বিনিয়োগ সুবিধা অংশীদাৰ)ৰ সহযোগত এই ৰোড শ্ব’ৰ আয়োজন কৰা হৈছে।

আহমেদাবাদ ৰোড শ্ব’ হৈছে উত্তৰ-পূব বিনিয়োগকাৰী সন্মিলনৰ প্ৰাক্-সন্মিলন কাৰ্যকলাপৰ অংশ হিচাপে সপ্তম মুখ্য ৰোড শ্ব’ আৰু ইয়াত উত্তৰ-পূবৰ আঠখন ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ প্ৰতিনিধি উপস্থিত থাকিব। এই ৰাজ্যসমূহে আন্তঃগাঁথনি আৰু লজিষ্টিকছ, কৃষি আৰু আনুষংগিক উদ্যোগ, তথ্য-প্ৰযুক্তি খণ্ড, শক্তি, বস্ত্ৰ, হস্ততাঁত আৰু হস্তশিল্প, পৰ্যটন আৰু আতিথ্য, শিক্ষা আৰু দক্ষতা, স্বাস্থ্যসেৱা, মনোৰঞ্জন আৰু ক্ৰীড়াকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত বিভিন্ন বিনিয়োগৰ সুযোগৰ ওপৰত আলোকপাত কৰিব। ৰোড শ্ব’ত বি২জি (বিজনেছ-টু-গভৰ্ণমেণ্ট) বৈঠকো অনুষ্ঠিত হ’ব, যিয়ে বিনিয়োগকাৰীসকলক ৰাজ্যৰ প্ৰতিনিধিসকলৰ সৈতে পোনপটীয়াকৈ জড়িত হ’বলৈ আৰু উত্তৰ-পূব অঞ্চলত খণ্ডভিত্তিক সুযোগ অন্বেষণ কৰিবলৈ এক অনন্য মঞ্চ প্ৰদান কৰিব।

ড’নাৰ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত উত্তৰ-পূব বিনিয়োগকাৰী সন্মিলনৰ লক্ষ্য হৈছে বিনিয়োগক আকৰ্ষিত কৰা আৰু অৰ্থনৈতিক উন্নয়নক উৎসাহিত কৰা। মুম্বাই, হায়দৰাবাদ, কলকাতা আৰু বেংগালুৰুত পূৰ্বৰ ৰোড শ্ব’বোৰত অংশগ্ৰহণকাৰীৰ সংখ্যা যথেষ্ট আছিল।

শেহতীয়াকৈ ২০২৪ চনৰ ১৬ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত ৰোড শ্ব’ত উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী (ড’নাৰ মন্ত্ৰালয়) শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক (ড) মাণিক সাহা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে. চাংমাই অংশগ্ৰহণ কৰিছিল আৰু ই উল্লেখযোগ্য সফলতা লাভ কৰে। বি২জি বৈঠকসমূহত বিনিয়োগকাৰীসকলৰ গভীৰ অংশগ্ৰহণে বিনিয়োগৰ গন্তব্য স্থান হিচাপে অঞ্চলটোৰ বৰ্ধিত আকৰ্ষণক চিহ্নিত কৰে।

আহমেদাবাদৰ ৰোড শ্ব’ৱে উত্তৰ-পূব ভাৰতৰ বিকাশ যাত্ৰাৰ অংশ হ’বলৈ আগ্ৰহী বহু সম্ভাৱ্য বিনিয়োগকাৰীক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে।

 

AP/IJ/GP/JT/MK


(Release ID: 2093431) Visitor Counter : 11


Read this release in: English , Urdu , Hindi , Gujarati