ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে চি-ডেকেডিজাইন কৰা এৰাইজইক’ এণ্ডএৰাইজন’ভাডেভেলপমেন্ট ব’ৰ্ড আৰু থেজছ৬৪থলুৱা৬৪-বিটএছঅ’চিমুকলি কৰে

২০৪৭ৰ ভিতৰত ভাৰতক এখনি উন্নত দেশ হিচাপে গঢ়ি তোলাত কম্পিউটিং আৰু প্ৰযুক্তিগত বিকাশেএটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ শ্ৰী অশ্বিনী বৈষ্ণৱ

Posted On: 11 JAN 2025 3:29PM by PIB Guwahati

কেন্দ্ৰীয় ৰেলৱে, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজিপুনেৰ পাচনস্থিত চি-ডেক (C-DAC)চৌহদত চি-ডেকে ডিজাইন আৰু বিকশিত কৰা এটা ভেগা (VEGA)ভিত্তিক এছঅ’চি (SoC)এছএছআইচি (ASIC)আৰু দুইডিআইআৰভিভেগা (DIR V VEGA)প্ৰচেছৰ ভিত্তিক ডেভেলপমেন্ট ব’ৰ্ড মুকলি কৰে। আজি দুই ব্যৱস্থা যথাঃ এৰাইজ ইক’ এণ্ড এৰাইজ ন’ভা (ARIES ECO & ARIES NOVA)ডেভেলপমেন্ট ব’ৰ্ড আৰু থেজছ৬৪ থলুৱা ৬৪-বিট এছঅ’চি (THEJAS64 Indigenous 64-bit SoC) মুকলি কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপযোগীএৰাইজইক’য়ে চেন্সৰ ফিউজন, স্মাৰ্ট মিটাৰআৰু ৱেৰেবল ডিভাইচৰ দৰে এপ্লিকেচনৰ সৈতে পৰীক্ষা-নিৰীক্ষাৰ এখনি মঞ্চ প্ৰশস্ত কৰিব। একেদৰে এৰাইজন’ভাইদ্ৰুত বিকশিতএম্বেডেড চিষ্টেমৰ ক্ষেত্ৰখনত শিক্ষা, গৱেষণা আৰু উন্নয়নৰ বাবে এখনি সহজে উপলব্ধ মঞ্চ প্ৰশস্ত কৰিব। থেজছ৬৪হৈছে প্ৰথম সম্পূৰ্ণ থলুৱা ৬৪-বিট ভেগাভিত্তিক চিষ্টেম-অন-চিপ (SoC),যাক শক্তিশালী আৰু সুৰক্ষিত এম্বেডেড এপ্লিকেচনসমূহৰ বাবে ডিজাইন কৰা হৈছে।

ভাৰত চৰকাৰৰ ডিজিটেল ইণ্ডিয়া আৰআইএছচি-ভি (RISC-V) (DIR-V) কাৰ্য্যসূচীৰ অংশ হিচাপে চি-ডেকে ভাৰতৰ প্ৰথম থলুৱা ৬৪-বিট মাল্টি-ক’ৰ আৰআইএছচি-ভিভিত্তিক ছুপাৰস্কেলাৰ আউট-অফ-অৰ্ডাৰ প্ৰচেছৰকে প্ৰমুখ্য কৰি ভেগাছিৰিজৰ মাইক্ৰ’প্ৰচেছৰৰ ডিজাইন আৰু বিকাশ সফলতাৰে সম্পূৰ্ণ কৰিছে। ভেগাছিৰিজসমূহআৰআইএছচি-ভিনিৰ্দেশনা ছেট আৰ্কিটেকচাৰৰ ওপৰত ভিত্তি কৰি ৩২/৬৪-বিট একক/দ্বৈত/কোৱাড ক’ৰ ছুপাৰস্কেলাৰ আউট-অফ-অৰ্ডাৰ হাইপাৰ্ফমেন্স প্ৰচেছৰ ক’ৰসমূহেৰে গঠিত। মুক্ত-উৎস আৰআইএছচি-ভিব্যৱস্থাই নমনীয়তা আৰু উদ্ভাৱনক সামৰ্থ্যৱান কৰে আৰু এম্বেডেড চিষ্টেমসমূহৰ শিক্ষণ আৰু বিকাশৰ পোষকতা কৰে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে চি-ডেকৰ উদ্যোগত আয়োজিত এখনি প্ৰদৰ্শনী পৰিদৰ্শন কৰে।ইয়াৰ পিছতে চি-ডেকৰ বিজ্ঞানী আৰু বিষয়াসকলৰ সৈতে এখনি পৰ্য্যালোচনা বৈঠকতভাগ লয়। ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয়, ২০৪৭ৰ ভিতৰত ভাৰতক এখনি উন্নত দেশ হিচাপে গঢ়ি তোলাত কম্পিউটিং আৰু প্ৰযুক্তিগত বিকাশেএটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবআৰু ইয়াত চি-ডেকৰদায়িত্ব গুৰুত্বপূৰ্ণ। শ্ৰী বৈষ্ণৱে কয়, আইআইটি-মাদ্ৰাজ, আইআইএছচি-বেংগালুৰু, আইআইটি-গান্ধীনগৰ আদি শৈক্ষিক প্ৰতিষ্ঠানত অৰ্ধ-পৰিবাহী আৰু কম্পিউটিঙৰ ক্ষেত্ৰত একাধিক গৱেষণামূলক কাম অব্যাহত আছে। পৰ্য্যালোচনা বৈঠকত সকলো গৱেষণামূলক কামক কেনেকৈ একত্ৰিতকৰণেৰে আগলৈ কাম কৰাৰ এক সমন্বিত আৰু সু-সংহত পদ্ধতি অৱলম্বন কৰিব পাৰি, সেই সম্পৰ্কে আলোচনা কৰা হয়। শ্ৰী বৈষ্ণৱে কয় যে আজি সমগ্ৰ দেশৰ প্ৰায় ২৪০ প্ৰতিষ্ঠানত অতিশয় উন্নত আহিলা আছে, যিসমূহ আহিলা ছেমি কণ্ডাক্টৰ চিপ ডিজাইনত ব্যৱহাৰ কৰা হয়। চি-ডেকে এই গৱেষণা আহিলাসমূহৰ অনুজ্ঞাপত্ৰ নিৰীক্ষণ, সক্ষম আৰু ক্ৰয়েৰে সমগ্ৰ কাৰ্য্যসূচীৰ চালিকাশক্তি হিচাপে কাম কৰে।

ইয়াৰ ফলশ্ৰুতিত গৱেষণা কাৰ্য্যক্ৰমসমূহৰে জড়িত ছাত্ৰ-ছাত্ৰীসকলে, যিসকলে পূৰ্বে কেৱল পাঠ্যপুথিৰপৰাই অৰ্ধ-পৰিবাহী সম্পৰ্কে শিকিছিল, তেওঁলোকে এতিয়া উন্নত আহিলাসমূহৰ সুবিধা লাভ কৰিব, তেওঁলোকৰ ধাৰণাসমূহ প্ৰয়োগ কৰিবলৈ সক্ষম হ’ব। শ্ৰী বৈষ্ণৱে আৰু কয় যে অৰ্ধ পৰিবাহী ডিজাইন আহিলাৰে কাম কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে অৰ্ধপৰিবাহী উদ্যোগৰেজড়িত হ’বলৈ সাজু হৈছেআৰু লগতে এটা ষ্টাৰ্ট আপ আৰু প্ৰকৃততে কম্পিউটাৰ চিপ ডিজাইনৰ সামৰ্থ্য গঢ়ি তুলিবলৈ আভ্যন্তৰীণ শক্তিও আহৰণ কৰিছে।

কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু আইটি মন্ত্ৰী শ্ৰী বৈষ্ণৱে লগতে কয় যে চি-ডেকে অৰ্ধ-পৰিবাহী ডিজাইন সঁজুলি ব্যৱহাৰ কৰিবলৈ শিকা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতাৰোসূচনা কৰিব, তাৰ পিছত তেওঁলোকক উদ্যোগটোৰ শ্ৰেষ্ঠসমূহৰ সৈতে সংযুক্ত কৰিব। এই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চি-ডিকে চাৰ্টিফিকেচন পাঠ্যক্ৰমো আৰম্ভ কৰিব।

ইয়াত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব শ্ৰী এছ. কৃষ্ণন, মন্ত্ৰালয়ৰগ্ৰুপ সমন্বয়ক (R&D)শ্ৰীমতী সুনীতা বাৰ্মা, চি-ডেকৰ সঞ্চালক প্ৰধান শ্ৰী ই মাগেশ আৰু চি-ডেক, পুনেৰ কেন্দ্ৰ মুৰব্বী শ্ৰী সঞ্জয় ৱাণ্ডেকাৰকে প্ৰমুখ্য কৰিআন-আন জ্যেষ্ঠ বিষয়াসকলেঅংশগ্ৰহণ কৰে। চি-ডেক হৈছে আইটি, ইলেক্ট্ৰনিক্স আৰু সংশ্লিষ্ট ক্ষেত্ৰসমূহত গৱেষণা আৰু বিকাশৰ (R&D) কাম কৰিবলৈ ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ (MeitY) প্ৰধান গৱেষণা আৰু উন্নয়ন সংস্থা।

* * *

PIB Mumbai | ND/SC/SP/DR/SB


(Release ID: 2092102) Visitor Counter : 40


Read this release in: Odia , English , Marathi , Malayalam