নৌ-পৰিবহন মন্ত্ৰালয়
আইডব্লিউডিচিৰ ৰাষ্ট্ৰীয় জলপথত বৃহৎ আন্তঃগাঁথনিগত অগ্ৰগতি সাধন, পাঁচ বছৰত ৫০,০০০ কোটি টকা বিনিয়োগৰ লক্ষ্য
আইডব্লিউডিচিয়ে ৰিভাৰাইন কমিউনিটি ডেভেলপমেন্ট আঁচনিৰ পোষকতা কৰিছে
“২০৩০ৰ ভিতৰত ৰাষ্ট্ৰীয় জলপথ২, ৰাষ্ট্ৰীয় জলপথ১৬আৰু আইবিপিআৰৰ উন্নয়নৰ বাবে ৩,০০০কোটিৰো অধিক টকা বিনিয়োগ কৰা হ’ব”: সৰ্বানন্দ সোণোৱাল
“সেউজ জাহাজ আভ্যন্তৰীণ জলপথৰ বৰ্ধনৰ বাবে অহা পাঁচ বছৰত ১০০০ সেউজ জাহাজ মুকলি কৰা হ’ব”:সৰ্বানন্দ সোণোৱাল
গুৱাহাটীকে প্ৰমুখ্য কৰি ভাৰতৰ ১৫ চহৰলৈ কোচিৰ জল মেট্ৰ’ প্ৰকল্পৰ সফলতাক সম্প্ৰসাৰিত কৰা হ’ব”: সৰ্বানন্দ সোণোৱাল
“শীঘ্ৰেই অধিক ৰাষ্ট্ৰীয় জলপথত জাহাজ মেৰামতিৰ সুবিধা স্থাপন কৰা হ’ব”: সৰ্বানন্দ সোণোৱাল
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নেচনেলৰিভাৰট্ৰেফিকএণ্ডনেভিগেচনচিষ্টেমৰ শুভাৰম্ভ কৰে
আভ্যন্তৰীণ জলপথ পৰিবহণৰ বৰ্ধনৰ অৰ্থে সৰ্বানন্দ সোণোৱালে ৬২ নতুন জেটি ঘোষণা কৰে
যাত্ৰীৰ নিৰৱচ্ছিন্ন আহ-যাহৰ বাবে সকলো কাৰ্য্যক্ষম ৰাষ্ট্ৰীয় জলপথত কুইক পন্টুন অপেনিংমেকানিজিমসংস্থাপন কৰা হ’ব
“আভ্যন্তৰীণ জলপথত নতুন ৰাষ্ট্ৰীয় জলপথ উন্নয়ন আৰু সেউজ জাহাজ পদক্ষেপৰ বাবে ২৩,০০০ কোটিৰো অধিক টকাধাৰ্য্য কৰা হৈছে”:সৰ্বানন্দ সোণোৱাল
Posted On:
10 JAN 2025 5:32PM by PIB Guwahati
ভাৰতত আভ্যন্তৰীণ জলপথৰ প্ৰসাৰৰ অৰ্থে নীতিগত আলোচনা কৰিবলৈ অনুষ্ঠিত হোৱা সৰ্বোচ্চ ক্ষমতাসম্পন্ন আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদ (IWDC)ৰ বৈঠকত ৰাষ্ট্ৰীয় জলপথসমূহৰ আন্তঃগাঁথনিৰঅগ্ৰগতি সাধনৰ বাবেকেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়।
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ (MoPSW) অধীনস্থ জলপথসমূহৰ উন্নয়ন সাধনৰ ক্ষেত্ৰত ন’ডেল সংস্থা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ (IWAI)ৰ উদ্যোগত অনুষ্ঠিত আইডব্লিউডিচিৰ দ্বিতীয়খন বৈঠকত অহা পাঁচ বছৰত ৫০,০০০কোটিৰো অধিক টকা বিনিয়োগৰ কথা ঘোষণা কৰা হয়। ২১ আভ্যন্তৰীণ জলপথ পাৰ হৈ যোৱা ৰাজ্যত ১৪০০ কোটি টকাৰো অধিক মূল্যৰ এলানি নতুন পদক্ষেপ গ্ৰহণৰ কথাও ঘোষণা কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে এই বৈঠকত পৌৰহিত্য কৰে।
কাজিৰঙাৰ কহৰাত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বন্তি প্ৰজ্জ্বলনেৰে এই কাৰ্য্যসূচী উদ্বোধন কৰে। ইয়াত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰ; গোৱাৰ বন্দৰ মন্ত্ৰী আলেইক্সো চেকুৱেইৰা; অসমৰ পৰিবহণ মন্ত্ৰী যোগেন মহন; মণিপুৰৰ পৰিবহণ মন্ত্ৰী খাছিম বাছুম; জম্মু-কাশ্মীৰৰ পৰিবহণ মন্ত্ৰী সতীশ শৰ্মা; মিজোৰামৰ পৰিবহণ মন্ত্ৰী পু ভানলালহলানা আৰু অৰুণাচল প্ৰদেশৰ পৰিবহণ মন্ত্ৰী ওজিং তাছিঙেঅংশগ্ৰহণ কৰে।
এই বৈঠকত আন্তঃগাঁথনিগত উন্নয়ন, নদীৰ পৰিবেশ তন্ত্ৰকে প্ৰমুখ্য কৰি বাণিজ্য আৰু পৰ্যটনক প্ৰোৎসাহন, দক্ষতা বৰ্ধনৰ প্ৰশিক্ষণ প্ৰদান আৰুৰাষ্ট্ৰীয় জলপথৰ কাষত বসবাস কৰা লোকসকলৰ জীৱনৰ মানদণ্ড উন্নীতকৰণৰ অৰ্থে এটি প্ৰয়াস স্বৰূপে নদীৰ পাৰত বসবাস কৰা সমাজসমূহৰ নদী সন্দৰ্ভত পৰম্পৰাগত জ্ঞানৰঅগ্ৰগতি সাধনৰ জৰিয়তে উপকূলীয় সমাজসমূহৰ আৰ্থ-সামাজিক মংগলৰ বৰ্ধনৰ বাবে ৰিভাৰাইন কমিউনিটি ডেভেলপমেন্ট আঁচনিৰ পোষকতা কৰা হয়।যি আঁচনি হৈছে এক গুৰুত্বপূৰ্ণ নীতিগত পদক্ষেপ।
ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আইডব্লিউডিচিয়ে সমবায় ফেডাৰেলিজিমৰ দৃষ্টান্ত দাঙি ধৰিছে।কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতেআভ্যন্তৰীণ জলপথসমূহকসুদৃঢ়কৰণৰ অৰ্থে ভিন্ন দৃষ্টিকোণ সম্পৰ্কে আলোচনা, চিন্তা তথা ইয়াৰ পোষকতা কৰিছে। ঐতিহাসিকভাৱে সভ্যতাৰ বাবে আভ্যন্তৰীণ জলপথসমূহৰ ভূমিকা সৰ্বাধিক হৈ আহিছে। কিন্তু উন্নয়নৰ এই মৌলিক নীতিক ২০১৪লৈকে উপেক্ষা কৰা হৈছিল।আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিচক্ষণ নেতৃত্বত আমি আভ্যন্তৰীণ জলপথৰ সমৰ্থন ব্যৱস্থাক সজীৱ কৰি তোলাৰ প্ৰয়াস কৰিছোঁ, যাতে আমি ৰেলপথ আৰু পথৰ যান-জঁট দূৰ কৰিব পাৰোঁ আৰু একে সময়তেযাত্ৰী আৰু কাৰ্গ’ অপাৰেটৰ উভয়ৰে বাবে এক কাৰ্য্যক্ষম, অৰ্থনৈতিক, বহনক্ষম আৰু ফলপ্ৰসূ পৰিবহণৰ ব্যৱস্থা প্ৰশস্ত কৰিব পাৰোঁ। আইডব্লিউডিচিত আমি অৰ্থনৈতিক উন্নয়নৰ সুযোগসমূহ মুকলিৰ প্ৰয়াস গ্ৰহণেৰে প্ৰত্যাহ্বানৰাজিৰ সমাধান সূত্ৰনিৰূপণ কৰিছোঁ। ইয়াৰ অৰ্থে আমি ১০০০ খন সেউজ জাহাজ চলাচলৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ।”
ইয়াত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সোণোৱালে দেশৰ ২১খন ৰাজ্যত আভ্যন্তৰীণ জলপথ পৰিবহণ নেটৱৰ্কৰবৰ্ধনৰ বাবে ১৪০০ কোটি টকাৰো অধিক বিনিয়োগেৰে পদক্ষেপৰাজিৰশুভাৰম্ভ কৰে। আভ্যন্তৰীণ জাহাজসমূহৰ নিৰৱচ্ছিন্ন আৰু বহনক্ষম চলাচল নিশ্চিতকৰণৰ লগতেসুৰক্ষাও নিশ্চিতকৰণৰ এটি প্ৰয়াস স্বৰূপেনেচনেলৰিভাৰট্ৰেফিকএণ্ডনেভিগেচনচিষ্টেমৰ (NRT&NS) শুভাৰম্ভ কৰা হয়। শীৰ্ষ প্ৰদৰ্শনকাৰী কাৰ্গ’ জাহাজৰ মালিক/ম’ভাৰসকলক সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় জলপথৰ ফলপ্ৰসূ ব্যৱহাৰত তেওঁলোকৰ ভূমিকাৰ বাবে বঁটা প্ৰদান কৰা হয়। জাহাজৰ গৰাকীসকলৰ বাবে প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াটোকসুচলকৰণৰ লক্ষ্যৰে কেন্দ্ৰীয় ডাটাবেছ মডিউল আৰু প্ৰমাণপত্ৰ জাৰি ব্যৱস্থামুকলি কৰা হয়।
নিয়োগ সৃষ্টি আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত আইডব্লিউডিচিৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজিৰ বৈঠকত আভ্যন্তৰীণ জলপথ পৰিবহণ (IWT)ৰ অগ্ৰগতি সাধনৰ অৰ্থে গুৰুত্বপূৰ্ণ প্ৰকল্পৰূপায়ণৰপৰিকল্পনা কৰা হৈছে। দেশত এক শক্তিশালী আইডব্লিউটি ব্যৱস্থা গঢ়ি তুলিবলৈ চৰকাৰে সকলো ৰাষ্ট্ৰীয় জলপথতে (NW) জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতিৰ সুবিধা গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ফলশ্ৰুতিত লজিষ্টিক ব্যয় হ্ৰাস পাব, আনুষংগিক উদ্যোগসমূহৰ বৰ্ধন ঘটিবআৰু নিয়োগৰ সুযোগৰ জৰিয়তে নদীৰ পাৰৰ সমাজসমূহৰজড়িততানিশ্চিত হ’ব। সামুদ্ৰিক আৰু আইডব্লিউটি খণ্ডত দক্ষতা বৃদ্ধি আৰু উদ্ভাৱন তথা গৱেষণাক উৎসাহিত কৰিবলৈ মন্ত্ৰালয়ে নটাআঞ্চলিক উৎকৃষ্টতা কেন্দ্ৰ (RCoE) স্থাপন কৰিছেআৰু আগন্তুক সময়তো সমগ্ৰ দেশতে অধিক এনে কেন্দ্ৰ স্থাপন কৰা হ’ব।”
দেশৰ আভ্যন্তৰীণ জলপথৰ বিকাশ সাধনত আলোকপাতেৰে শ্ৰী সোণোৱালে কয়, “২০২৪ৰ এপ্ৰিলৰপৰা নৱেম্বৰলৈকে চলিত বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় জলপথসমূহৰ যোৱা বৰ্ষৰ তুলনাত প্ৰায় ৭% বৰ্ধন ঘটিছে। উত্তৰ-পূৰ্বাঞ্চলৰ উপৰিও ৰাষ্ট্ৰীয় জলপথ-৩, ৰাষ্ট্ৰীয় জলপথ-৪, ৰাষ্ট্ৰীয় জলপথ-৫আৰু ১৩নতুন ৰাষ্ট্ৰীয় জলপথকে প্ৰমুখ্য কৰি সমগ্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় জলপথৰ সৰ্বাংগীন উন্নয়ন সাধনৰ অৰ্থে ২৬৭ কোটি টকা ব্যয় কৰা হৈছে। যোৱা এটা দশকত নদী ক্ৰুজ পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট বিকাশঘটিছে। ২০১৩-১৪ত ৩ৰ পৰা ২০২৩-২৪ত ২৫লৈনদী ক্ৰুজ জাহাজ বৃদ্ধি পাইছে। আমি শেহতীয়াকৈ ভাৰতত অহা পাঁচ বছৰত ক্ৰুজ পৰ্যটনৰবৰ্ধনৰ বাবে ‘ক্ৰুজ ভাৰত মিছন’ৰোশুভাৰম্ভ কৰিছোঁ, যাৰ লক্ষ্য হৈছে ১০ ছি ক্ৰুজ টাৰ্মিনেল, ১০০ ৰিভাৰ ক্ৰুজ টাৰ্মিনেলআৰু পাঁচ মেৰিনা স্থাপন কৰা। বাংলাদেশ, নেপাল, ভূটান, ম্যানমাৰ আদিৰ দৰে চুবুৰীয়া দেশসমূহৰ সৈতে কৌশলগত আঞ্চলিক প্ৰকল্প আৰু চুক্তিৰ জৰিয়তে আমি দক্ষিণ এছিয়াত আঞ্চলিক বাণিজ্য আৰু নিৰৱচ্ছিন্ন পৰিবহণ সংযোগৰ সুবিধা প্ৰদান কৰিছোঁ।”
অন্ধ্ৰ প্ৰদেশৰ আভ্যন্তৰীণ জলপথ পৰিবহণৰ ক্ষেত্ৰত এক ব্যাপকউদ্দীপনা হিচাপে কেন্দ্ৰীয় মন্ত্ৰীজনে পেৰান্তপল্লী গাঁৱৰ পোচাভাৰমস্থিত গাণ্ডীপোচম্মা মন্দিৰত গোদাবৰী নদীত (NW 4) ছটা ভাসমান তীখাৰ জেটি স্থাপনৰ কথা ঘোষণা কৰে। উন্নয়নৰ বাবে অতিৰিক্ত ইনপুট লাভ কৰিবলৈ ৰাষ্ট্ৰীয় জলপথ৪ৰ ডিপিআৰৰ সৈতে পেনা নদী (NW 79)ৰ সন্দৰ্ভতো অধ্যয়ন আৰম্ভৰ কথা ঘোষণা কৰা হয়।
অসমৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত আঞ্চলিক উৎকৰ্ষ কেন্দ্ৰ (RcoE) স্থাপনৰ কথা ঘোষণা কৰে। এই প্ৰতিষ্ঠানৰ লক্ষ্য হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ আইডব্লিউটি খণ্ডৰ বাবে প্ৰশিক্ষণ আৰু বিকাশৰ বাবে এটাবাতাবৰণ গঢ়ি তোলা যিয়ে উদ্ভাৱনক উৎসাহিত কৰিব। ডিব্ৰুগড়ৰ আইডব্লিউএআইৰ ঐতিহাসিক ভৱনটো নৱীকৰণৰ বাবে চিনাক্তকৰণেৰে ঐতিহাসিক ভৱন হিচাপে ইয়াৰ গৌৰৱ অক্ষুণ্ণ ৰখা হৈছে। শ্ৰী সোণোৱালে বিশ্বনাথ ঘাট, নিমাতী ঘাট, শিলঘাট আৰু গুইজানত চাৰিটা নতুন পৰ্যটন জেটী স্থাপনৰ কথাও ঘোষণা কৰে। গুৱাহাটীৰ পাণ্ডু বন্দৰলৈ নিৰ্মীয়মান জাহাজ মেৰামতিৰ সুবিধাৰ মাজত ৫০০ মিটাৰ দৈৰ্ঘ্যৰ নতুন লিংক ৰোড নিৰ্মাণ কৰা হ’ব। শ্ৰী সোণোৱালে লগতে বৰাক নদীৰ (NW 16)বাবে ১২খন জাহাজৰ ডিজাইন, নিৰ্মাণ, যোগান, পৰীক্ষণ আৰু কমিচনিঙৰ সমান্তৰালকৈ এখন জৰীপ জাহাজৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি (CSS)ৰ অধীনত টাৰ্মিনেলৰ সুবিধা প্ৰদানৰ বাবে গেংৱে থকা দুটা ষ্টীল পন্টুন ক্ৰয়ৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়।
অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সন্দৰ্ভত ভাষণ প্ৰদানেৰে শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “এই জলপথসমূহৰ অগ্ৰগতি সাধনৰ বাবে বিগত দুবছৰত অসমত ১,০০০ কোটিৰো অধিক টকাৰ যথেষ্ট বিনিয়োগে কৌশলগত তাৎপৰ্য্যতে গুৰুত্ব আৰোপ কৰিছে। ৰাষ্ট্ৰীয় জলপথ২ৰ সৰ্বাংগীন উন্নয়ন, পাণ্ডুত জাহাজ মেৰামতিৰ সুবিধা, বগীবিলটাৰ্মিনেলৰ উন্নয়ন সাধন, পাণ্ডুৰ সৈতে অন্তিম প্ৰান্তকো সংযোগ আদি প্ৰকল্প ইতিমধ্যে ৰূপায়ণ কৰাহৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ জলপথৰ উন্নয়ন সাধনৰ বাবে অধিক বৃহৎ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে, যিয়ে অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰগুৰুত্বপূৰ্ণ ভূমিকাতে আলোকপাত কৰিছে।”
গোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে মাণ্ডোভি নদী (NW 68), কাম্বাৰজুৱা নদী (NW 27) আৰু জুয়াৰী নদী (NW 111)ত ‘টেন’কমিউনিটি জেটি ঘোষণাৰ সমান্তৰালকৈ ছাল নদী (NW 88) আৰু চাপোৰা নদী (NW25)ত তিনিটাঅতিৰিক্ত জেটী স্থাপনৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰীয় জলপথ৬৮, ৰাষ্ট্ৰীয় জলপথ২৭আৰু ৰাষ্ট্ৰীয় জলপথ৭১ত ফেয়াৰৱে’ ৰক্ষণাবেক্ষণৰ প্ৰস্তাৱত অনুমোদন জনোৱাহয়। গোৱাৰ আটাইকেইটা এনডব্লিউতো ভিটিএমএছ স্থাপন কৰাহ’ব।
গংগা নদী (NW 1)ত কিউপিঅ’এমৰ সফলতাৰ আধাৰত এতিয়া এই সুবিধা সকলো ৰাষ্ট্ৰীয় জলপথলৈ সম্প্ৰসাৰিত কৰা হৈছে। আজি বৈঠকত এই সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ উপৰিও সোণোৱালে আইআইটি – খড়গপুৰে ডিজাইন কৰা ২টা কুইক পন্টুন অপেনিং মেকানিজিম (QPOM) মুকলি কৰে। এইসমূহক উত্তৰ প্ৰদেশ আৰু বিহাৰত নিয়োজিত কৰা হ’ব। বিহাৰৰ চাৰিটা স্থান আৰু উত্তৰ প্ৰদেশৰ আন চাৰিটা স্থান এয়া সংস্থাপনৰ বাবে চিনাক্ত কৰা হৈছে। উত্তৰ প্ৰদেশত চৰকাৰে ইলেক্ট্ৰিক কেটামাৰানৰ লগতে মথুৰাত ৮ ভাসমান জেটি আৰু অযোধ্যাত ২ ষ্টীল জেটি নিৰ্মাণেৰেআভ্যন্তৰীণ জলপথ পৰিবহণৰবৰ্ধনৰ পৰিকল্পনা কৰিছে। আভ্যন্তৰীণ জাহাজসমূহৰ সময়ে-সময়ে ৰক্ষণাবেক্ষণৰ বাবে গাজীপুৰত জাহাজ মেৰামতিৰ সুবিধা স্থাপন কৰা হ’ব।
ৰাষ্ট্ৰীয় জলপথ নেটৱৰ্কক সুদৃঢ়কৰণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজনে ক্ৰুজ পৰ্যটন আৰু নগৰীয়া পৰিবহণৰ বাবে দিল্লীৰ যমুনা নদীত (NW 110) ২ জেটি আৰু জম্মু আৰু কাশ্মীৰৰঝিলাম নদীত (NW 49) ৭ জেটি স্থাপনৰ কথাও ঘোষণা কৰে। সোণোৱালে পৰ্যটনৰ বাবে চেনাব নদী (NW 26) আৰু ৰবি নদী (NW 84) কাৰ্য্যকৰীকৰণৰ কথাও ঘোষণা কৰে। এই জলপথে হিমাচল আৰু পঞ্জাৱকো সামৰি ল’ব। চৰকাৰে বেথিমেট্ৰিক জৰীপৰ বাবে শতদ্রু নদী (NW 98)কো কাৰ্য্যক্ষমকৰণৰ পৰিকল্পনা কৰিছে। লাডাখত সিন্ধু নদী (NW 46)ত ২ জেটি আৰু ১ সেউজ জাহাজ প্ৰৱৰ্তন কৰা হৈছে।
উত্তৰ প্ৰদেশৰ ক্ষেত্ৰত চৰকাৰে মথুৰাত ৮ ভাসমান জেটি, অযোধ্যাত ২ ষ্টীল জেটিআৰু এক বৈদ্যুতিক কেটামাৰানেৰে আভ্যন্তৰীণ জলপথ পৰিবহণৰবৰ্ধনৰ পৰিকল্পনা কৰিছে। ইয়াৰ উপৰিও গাজীপুৰত জাহাজ মেৰামতিৰ সুবিধা স্থাপন কৰা হ’ব। নদী ক্ৰুজ পৰ্যটনৰবৰ্ধনৰ বাবে কৈলাশ মন্দিৰৰপৰা আগ্ৰাৰ ৰাষ্ট্ৰীয় জলপথ১১০ৰ তাজমহল ষ্ট্ৰেচলৈকে এটা চাৰ্কিট গঢ়ি তোলা হৈছে। ইয়াৰ জৰিয়তে নদীৰপৰা তাজমহল প্ৰত্যক্ষৰ অভিজ্ঞতা লাভ হ’ব।
আইডব্লিউএআয়ে উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় জলপথ-১ক জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত ৫০০০ কোটিৰো অধিক টকা বিনিয়োগেৰে এক নিৰ্ভৰযোগ্য কাৰ্গ’ লজিষ্টিক পথ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে। জেএমভিপি প্ৰকল্পৰ অধীনত অৰ্থ গংগা কাৰ্য্যসূচীয়ে গংগা নদীৰ আশে-পাশে অৰ্থনৈতিক কাৰ্য্যকলাপত গুৰুত্ব আৰোপ কৰে, যিয়ে সামগ্ৰী আৰু যাত্ৰীৰ নদী পৰিবহণ, দক্ষতা বিকাশ আৰু সামৰ্থ্য বিকাশৰ জৰিয়তে স্থানীয় সমাজসমূহক সবলীকৰণ কৰে।
ইয়াৰ অধিক বৃদ্ধিৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় জলপথ১ (গংগা নদী)ৰ লগতে ৰাষ্ট্ৰীয় জলপথ২ (ব্ৰহ্মপুত্ৰ নদী) আৰু ৰাষ্ট্ৰীয় জলপথ১৬ (বৰাক নদী)ৰ মাজেৰে দীৰ্ঘ দূৰত্বৰ সামগ্ৰীৰ সৰবৰাহক প্ৰেৰণা যোগাবলৈ‘জলবাহক’ আঁচনি ৰূপায়ণ কৰা হৈছে। এই জলবাহক আঁচনিৰ অধীনত কলকাতা - পাটনা – বাৰাণসীৰ মাজত আৰু পুনৰ ৰাষ্ট্ৰীয় জলপথ১আৰু কলকাতা-পাণ্ডুৰ মাজত আৰু ৰাষ্ট্ৰীয় জলপথ২ৰ মাজত আইবিপিআৰৰ জৰিয়তে ফিক্সড অনুসূচিত সেৱা আৰম্ভ কৰা হৈছে। এই আঁচনিয়ে আমাৰ জাহাজ অপাৰেটৰসকলক শক্তিশালী কৰি তুলিব আৰু আমাৰ ব্যৱসায়িক উদ্যোগসমূহক ব্যয়-সাশ্ৰয়ীভাৱে নিৰাপদ আৰু সময়মতে মালবাহী ডেলিভাৰীৰ জৰিয়তে উৎসাহিত কৰিব। এই আঁচনিখনে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ দৃষ্টিভংগীত বৰঙণি যোগাইছে।
২০১৪ৰ পৰা কাৰ্য্যক্ষম ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৭৬৭% বৃদ্ধি পাইছে আৰু এনডব্লিউত চম্ভালিব পৰা মালৰ পৰিমাণ ৬৩৫% বৃদ্ধি পাইছে। ২০১৪ৰ আগৰ বছৰৰ তুলনাত ৰাষ্ট্ৰীয় জলপথত বিনিয়োগ ২৩৩% বৃদ্ধি পোৱাৰ ফলত এয়া সম্ভৱ হৈছে।ৰাষ্ট্ৰীয় জলপথ আইন, ২০১৬ আৰু আভ্যন্তৰীণ জাহাজ আইন, ২০২১ প্ৰণয়নেৰেদেশজুৰি জাহাজসমূহৰ নিৰাপদ আৰু মসৃণ চলাচল প্ৰশস্ত কৰিছে। ৰাষ্ট্ৰীয় জলপথত মালবাহী যাতায়ত যোৱা দহ বছৰত ব্যাপক বৃদ্ধি পাইছে – এটা দশকৰ আগৰ ১৮ নিযুত টনৰপৰা ২০২৩-২৪ বিত্তীয় বৰ্ষত ১৩৩ নিযুত টনলৈ ২২%ৰো অধিক চিএজিআৰৰে বৃদ্ধি পাইছে। যোৱা মাহত কাৰ্গ’ মালিকসকলক আইডব্লিউটি খণ্ডৰ ব্যৱহাৰৰ ক্ষেত্ৰত উদ্দীপনা যোগাবলৈ ৩৫% প্ৰৰোচনা প্ৰদানৰ বাবে আৰম্ভ কৰা জলবাহক আঁচনিখনক আন-আন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি অন্যান্য ৰাষ্ট্ৰীয় জলপথলৈ সম্প্ৰসাৰিত কৰা হৈছে।
২০২৩ত গঠন কৰা আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদ (IWDC) হৈছে আভ্যন্তৰীণ জলভাগৰপৰা সৰ্বাধিক অৰ্থনৈতিক সম্ভাৱনাক বাস্তৱায়িতকৰণৰ অৰ্থে এটিপদক্ষেপ।ইয়াৰ বাবে কেন্দ্ৰ-ৰাজ্যসমূহৰ সমন্বয়, সহযোগিতা আৰু সমবায় ফেডাৰেলিজিমৰ মনোভাৱআৱশ্যকীয়।
*****
G. D. Hallikeri/SB
(Release ID: 2091992)
Visitor Counter : 20