বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
আই.আই.এছ.এফ. ২০২৪: ভাৰতৰ বাবে বিজ্ঞান-চালিত ভৱিষ্যতৰ এক প্ৰতিশ্ৰুতি
Posted On:
04 DEC 2024 12:49PM by PIB Guwahati
৩০ নৱেম্বৰৰ পৰা আইআইটি গুৱাহাটীত অনুষ্ঠিত দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ (আইআইএছএফ) ২০২৪ ৰ ৪ ডিচেম্বৰত সামৰণি পৰে। ৪ দিনীয়াকৈ আয়োজিত বৃহৎ বিজ্ঞান মহোৎসৱখনত এইবেলি ২৪ টা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়, য'ত ৭০০০ প্ৰতিনিধি আৰু বৃহৎ সংখ্যক শিক্ষাৰ্থীসহ ৪৫০০০ লোকে অংশগ্ৰহণ কৰে।

বিজ্ঞান মহোৎসৱত এইবেলি প্ৰদৰ্শিত মুন ৰেপ্লিকাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আইআইটি গুৱাহাটীত স্থাপন কৰা চন্দ্ৰৰ ১০ মিটাৰ ওখ 'এক সুন্দৰ প্ৰতিকৃতিয়ে মানুহক পুলকিত কৰি তোলে। এই পদক্ষেপে মহাকাশ বিজ্ঞানত ভাৰতৰ অগ্ৰগতিৰ কথা পুনৰবাৰ সকলোৰে সন্মুখত উন্মোচিত কৰে।
এই বছৰৰ বিজ্ঞান মহোৎসৱত আন কিছুমান নতুন অনুষ্ঠানো যোগ কৰা হয় । সাগৰিকা – পৃথিৱী বিজ্ঞানৰ কাহিনী শীৰ্ষক অনুষ্ঠানেও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে পৃথিৱী বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰ যেনে বতৰ বিজ্ঞান, সাগৰবিজ্ঞান, পৰিবেশ বিজ্ঞান আদিৰ সৈতে মানুহক জড়িত কৰা আৰু তেনেবোৰ বিষয়ত মানুহক শিক্ষিত কৰি তোলা। এই অনুষ্ঠানৰ জৰিয়তে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত সততে ঘটি থকা পাৰিপাৰ্শ্বিক সমস্যাবোৰৰ বিষয়ে্ জনসজাগতা সৃষ্টি কৰাৰ প্ৰয়াস চলোৱা হয়।

মহোৎসৱত সীমাৰ বাহিৰত বিজ্ঞান - শীৰ্ষক অনুষ্ঠানে বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বব্যাপী যি প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে সেইবোৰৰ মোকাবিলা কৰিবলৈ বিজ্ঞানী, গৱেষক আৰু প্ৰতিষ্ঠানসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, অংশীদাৰিত্ব আৰু ভাবৰ আদান-প্ৰদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়।
ফিউজন ফ'ৰাম – ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ এই অনুষ্ঠানত পাৰমাণৱিক বিষয়কলৈ আলোচনা কৰাৰ পৰিবেশ ৰচনা কৰা হয়। বিভিন্ন খণ্ড যেনে শক্তি, পাৰমাণৱিক ঔষধ, কৃষি, উৎপাদন আদিৰ বাবে ভাৰতত পাৰমাণৱিক শক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সাম্প্ৰতিক দৃষ্টিভংগী, ভৱিষ্যতৰ লাভালাভ আৰু গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ বিষয়ে ইয়াত আলোচনা কৰা হয়।

মহোৎসৱৰ আন এক মনোমোহা অনুষ্ঠান আছিল ছাগা অফ চায়েন্স ক্ৰনিকল।, যি অনুষ্ঠানত আইআইএছএফ
২০২৪ -ৰ প্ৰতিটো দিনতে ত সন্ধিয়া ৭.৩০ বজাৰ পৰা নিশা ৯.৩০ বজালৈ দৃষ্টি নন্দন এলইডি লাইট শ্ব'ৰ অনুষ্ঠিত কৰা হয়। এনে প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় বিজ্ঞান আৰু বিজ্ঞানীসকলৰ ইতিহাস তথা বিজ্ঞানৰ শেহতীয়া বিকাশৰ কথা মনোগ্ৰাহী ৰূপত উপস্থাপন কৰা হয়।
উত্তৰ-পূৰ্বাঞ্চলৰ ছায়েন্স অডিচিৰ দৰে অনুষ্ঠানসমূহেও বিজ্ঞান মহোৎসৱৰ জেউতি দুগুণে বঢ়াই তোলে। ইয়াত উত্তৰ-পূৰ্বাঞ্চলত বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰচাৰৰ উপায় সম্পৰ্কে আলোচনা কৰা হয়।
আনহাতে বিজ্ঞান মহোৎসৱত ব্য টেষ্ট অব দ্য হিল - নৰ্থ ইষ্ট ফুড ষ্ট্ৰীটে উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য সম্ভাৰৰ ঐতিহ্যৰ কথা সকলোৰে সন্মুখত প্ৰদৰ্শন কৰে। এই খাদ্য মেলাই বিজ্ঞান মহোৎসৱত উপস্থিত থকা লোকসকলক উত্তৰ-পূবৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ সোৱাদ গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰে। এই ফুড ষ্ট্ৰীট আইআইএছএফ ২০২৪ ৰ আটাইকেইটা দিনতো মুকলি আছিল।
আই.আই.এছ.এফ. ২০২৪ -ৰ দুটা গুৰুত্বপূৰ্ণ অনুষ্ঠানে বিজ্ঞানৰ ক্ষেত্ৰত যোগাযোগ আৰু বিজ্ঞান আৰু প্ৰযুক্তি মিডিয়াৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰা হয়। ইয়াত আয়োজিত দুটা বিশেষ অনুষ্ঠান হৈছে প্ৰথম- বিজ্ঞানিকা আৰু দ্বিতীয় বিজ্ঞান-প্ৰযুক্তি মিডিয়া কনক্লেভ। বিজ্ঞানিকা অনুষ্ঠানটোৱে বিজ্ঞানক সৰল ভাষাত জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চি.এছ.আই.আৰ.-নেচনেল ইনষ্টিটিউট অৱ ছায়েন্স কমিউনিকেশ্বন এণ্ড পলিচী ৰিচাৰ্ছ (এন.আই.এছ.চি.পি.আৰ.)ৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানবোৰৰ উদ্দেশ্য হৈছে বিজ্ঞানৰ ক্ষেত্ৰ খনত যোগাযোগ বৃদ্ধি, বিজ্ঞানী, সাংবাদিক আৰু মিডিয়া পেছাদাৰীসকলৰ মাজৰ ব্যৱধান দূৰ কৰা আদি।
আই.আই.এছ.এফ. ২০২৪ সামৰণি অনুষ্ঠানত অনুষ্ঠানটোৰ মুখ্য সমন্বয়ক আৰু চি.এছ.আই.আৰ.-এন.আই.আই.এছ.টি.-ৰ সঞ্চালক ড. চি. আনন্দৰাম কৃষ্ণনে সকলো আহ্বায়ক, সমন্বয়কাৰী পৰীক্ষাগাৰ, বিজ্ঞান ভাৰতী, ছাত্ৰ-ছাত্ৰী, স্বেচ্ছাসেৱক আৰু প্ৰতিনিধিসকলক ধন্যবাদ জ্ঞাপন কৰে।
চিএছআইআৰৰ ডিজি তথা আইআইএছএফ ২০২৪ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ড০ এন কালাইচেলভিয়ে তেওঁৰ ভাষণত কয় , "আমি ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত এইবেলি উত্তৰ-পূৰ্বাঞ্চলৰবিষয়ত সৰ্বাধিক গুৰুত্ব দিছো আৰু সেই মতে কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিছো," । তেওঁ লগতে কয় যে বিজ্ঞান প্ৰযুক্তি হেকাথনৰ বিজয়ীসকলে চিএছআইআৰৰ পৰা সমৰ্থন লাভ কৰিব।
অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থকা অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী শ্ৰী কেশৱ মহন্তই দেশৰ বিকাশৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।
শ্ৰী মহন্তই কয়, "আমি বিজ্ঞানৰ যোগাযোগ বৃদ্ধিৰ বাবে এক নেটৱৰ্ক স্থাপনৰ কাম কৰি আছো, তেনে পদক্ষেপৰ ভিতৰত আছে ২১৯ খন উন্নয়ন জিলাত বিজ্ঞান কেন্দ্ৰ স্থাপন কৰা। গুৱাহাটীত শীঘ্ৰে এখন ছায়েন্স চিটি স্থাপন কৰা হ'ব। আই.আই.এছ.এফ.-এ আমাক উত্তৰ-পূব অঞ্চলত বৈজ্ঞানিক বিকাশসমূহ প্ৰদৰ্শন কৰাৰ অৰ্থে উপযুক্ত মঞ্চ প্ৰদান কৰিছে।"
আইআইটি গুৱাহাটীত সফলতাৰে আইআইএছএফ ২০২৪ সমাপ্ত কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহালে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে৷ তেওঁ কয় - আইআইএছএফে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰ খনক একত্ৰিত তথা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
(Release ID: 2080665)