তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
iffi banner
0 9

৫৫ সংখ্যক ‘আইএফএফআই’-ৰ সামৰণি ছবি 'ড্ৰাই ছিজন' হৈছে মানৱতা, বহণক্ষমতা আৰু প্ৰজন্মগত গভীৰ সম্পৰ্কৰ কাহিনী

"প্ৰকৃতি ধ্বংসৰ অৰ্থ হৈছে জীৱনটোকে ধ্বংস কৰা- 'ড্ৰাই ছিজন' হৈছে পৰিৱেশ আৰু পৰস্পৰাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ আহ্বান:" পৰিচালক স্লামা

"ৰচনা হৈছে এক অকলশৰীয়া যাত্ৰা; পৰিচালনা হৈছে সহযোগিতা আৰু বিশ্বাসৰ সমন্বয়": বহদান

"এয়া হৈছে প্ৰজন্ম আৰু তেওঁলোকৰ মাজৰ সম্পৰ্কক লৈ যুগুতোৱা এক কাহিনী। বিশেষকৈ এই মুহূৰ্তত পৃথিৱীখনক বচাব বিচৰা যুৱক-যুৱতীসকলৰ": পেট্ৰ অক্ৰোপেক, প্ৰযোজক

৫৫ সংখ্যক ‘ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ (আইএফএফআই)ৰ সামৰণি ছবি হিচাপে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বহদান স্লামা পৰিচালিত আৰু পেট্ৰ অক্ৰোপেক প্ৰযোজিত 'ড্ৰাই ছিজন'ৰ (মূল শিৰোনাম চুখো)সন্দৰ্ভত গোৱাত সংবাদ মেল অনুষ্ঠিত হয়। ‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’য়ে আয়োজন কৰা এই সংবাদমেলত চলচ্চিত্ৰখনৰ পৰিৱেশ আৰু প্ৰজন্মগত প্ৰত্যাহ্বানৰ মাৰ্মিক অন্বেষণ সন্দৰ্ভত আলোকপাত কৰা হয়।

 

 

সেউজীয়া পথাৰক উপজীৱ্য কৰি নিৰ্মিত ছবিখনৰ কাহিনীটোৱে জোছেফ নামৰ এজন পঞ্চাশ বছৰীয়া কৃষকক তেওঁৰ পত্নী ইভা আৰু তেওঁলোকৰ তিনিটা সন্তানৰ সৈতে বৈকল্পিক জীৱনশৈলীৰ বাবে কৰা প্ৰয়াসক অনুসৰণ কৰিছে। ঘটনাক্ৰমে, লাভখোৰ কৃষি-ব্যৱসায়ী ভিক্টৰৰ সৈতে জোছেফৰ সংঘৰ্ষ তীব্ৰতৰ হৈছিল। প্ৰচণ্ড খৰাঙে দহা গাঁওখনত খোৱাপানীৰ অভাৱে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, যাৰ ফলত তেওঁলোকৰ পৰিয়ালৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছিল। ইফালে, ঘৰলৈ উভতি অহা পুত্ৰৰ সৈতে ভিক্টৰৰ তিক্ত সম্পৰ্ক অধিক জটিল হৈ পৰিছিল।

পৰিচালক স্লামা বহদানে মানুহ আৰু পৰিৱেশৰ মাজত থকা সাৰ্বজনীন বন্ধনৰ প্ৰতিফলনক, প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাক মানৱ আত্মাক সুৰক্ষিত কৰাৰ প্ৰতিফলন হিচাপে উপস্থাপন কৰে। সংবাদমেলত তেওঁ চিত্ৰনাট্য নিৰ্মাণৰ সতৰ্কযাত্ৰাৰ বিষয়ে কয়, যাৰ বাবে তিনি বছৰ সময় লাগিছিল আৰু ১১বাৰকৈ সংশোধন কৰা হৈছিল। তেওঁ চলচ্চিত্ৰখনৰ নিৰ্মাণ প্ৰক্ৰিয়াক সমৃদ্ধ কৰা কলাকুশলী আৰু প্ৰযোজকসকলৰ সহযোগিতামূলক প্ৰচেষ্টাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

 

প্ৰযোজক পেট্ৰ অক্ৰোপেকে আন্তৰ্জাতিক সহযোগিতাৰ তাৎপৰ্যত গুৰুত্ব আৰোপ কৰি সৰু সৰু দেশবোৰত বিত্তীয় যোগান আৰু ‘আৰ্ট-হাউছ চিনেমা’ সৃষ্টিৰ জটিলতাবোৰৰ বিষয়ে তথ্য সহভাগ কৰে। তেওঁ বহণক্ষমতা, পৰিয়াল আৰু প্ৰজন্মগত বিভাজনৰ বিষয়বস্তুয়ে বিশ্বৰ দৰ্শকবৃন্দৰ মনঃস্তত্বক প্ৰতিধ্বনি কৰা ছবিখনৰ প্ৰাসংগিকতাক প্ৰশংসা কৰে।

চলচ্চিত্ৰ নিৰ্মাতাদ্বয়ে কম বয়সীয়া দৰ্শকসকলক তেওঁলোকৰ ভৱিষ্যতৰ স্বত্বাধিকাৰিত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ছবিখনৰ বৰ্ণনাই সমসাময়িক সমস্যা উপশমৰ বাবে এক আইনা হিচাপে কাম কৰিছে। সংবাদমেলৰ সমাপ্তি ঘটাই স্লামা বহদানে আশা ব্যক্ত কৰে যে ‘ড্ৰাই ছিজন’-য়ে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে অৰ্থপূৰ্ণ চৰ্চা আৰম্ভ কৰিব, যিয়ে দৰ্শকসকলৰ মাজত মানৱতা আৰু প্ৰকৃতিৰ মাজৰ সূক্ষ্ম ভাৰসাম্যৰ কথা সোঁৱৰাই দিব।

সংবাদ মেলৰ সবিশেষ ইয়াত উপলব্ধ হ:

 

* * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Rajith/Supriya/Ashwani/Darshana | IFFI 55 - 114

iffi reel

(Release ID: 2078564) Visitor Counter : 4