তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ - ছিজন ১ ৰ অংশ হিচাপে গুৱাহাটীত আৰম্ভ হ’ল ৱেভছ এনিমে এণ্ড মাংগা প্ৰতিযোগিতা

Posted On: 22 NOV 2024 7:23PM by PIB Guwahati

আগন্তুক ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES) ২০২৪ৰ মূল অংশ ৱেভছ  এনিমে এণ্ড মাংগা( WAVES Anime and Manga Contest ) আজি গুৱাহাটীৰ পৰা নেডফি কনভেনচন চেণ্টাৰত মুকলি কৰা হয়। এই উদ্ভাৱনীমূলক প্ৰতিযোগিতাখন ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ - ছিজন ১ৰ অংশ হিচাবে আয়োজন কৰা হৈছে ।   ইয়াৰ লক্ষ্য হৈছে স্থানীয় প্ৰতিভাক উৎসাহিত  কৰা আৰু ভাৰতীয় দৰ্শকৰ মাজত জাপানীজ মাংগা আৰু এনিমেৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহক সম্প্ৰসাৰিত কৰা। ভাৰতীয় মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট এছ’চিয়েশ্যনে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত আজি এই অনুষ্ঠানটো সফলতাৰে পৰিচালনা কৰে। অনুষ্ঠানত ৫৪ জন অংশগ্ৰহণকাৰীয়ে মাংগা, ৱেবটুন, আৰু এনিমে শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ  কৰে , লগতে ২০গৰাকী  প্ৰতিভাৱান কচপ্লে শিল্পীয়ে বিভিন্ন ধৰণৰ এনিমে আৰু গেমিং প্ৰতিভা  জীৱন্ত ৰূপত প্ৰদৰ্শন কৰে।

কচপ্লে প্ৰতিযোগিতাৰ বিচাৰক হিচাপে  অংকিতা বৰঠাকুৰ, ছিনিয়ৰ এডমিন, অসম কচপ্লে কমিউনিটি, মাংগা, ৱেবটুন, আৰু এনিমে প্ৰতিযোগিতাৰ মূল্যায়ন কৰে সুশীল ভাছিন (সভাপতি, এম ই এ আই) আৰু ঋষিৰাজ ডেব্ৰয় (বৰাক ভেলী এনিমে কমিউনিটি শিৰোয়াছাৰ প্ৰতিষ্ঠাপক)ৰে গঠিত এক সন্মানীয় জুৰীয়ে ।

কচপ্লে বিজয়ীসকল হৈছে  ক্ৰমে ৰাহুল পাতিৰ, লিঅ’ আৰু  নুনামৰ লগতে  সিদ্ধাৰ্থ দত্ত যিসকলে  ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে। । মাংগা, ৱেবটুন, আৰু এনিমে প্ৰতিযোগিতাৰ ফলাফল অতি সোনকালে ঘোষণা কৰা হ’ব।

ভাৰতীয় মিডিয়া আৰু মনোৰঞ্জন সংস্থা (MEAI)ৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে ৱেভছ  এনিমে এণ্ড মাংগা  প্ৰতিযোগিতা।  ডব্লিউ  এ এম  হৈছে এভিজিচি-এক্সআৰ আৰু মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট খণ্ডৰ বাবে ভাৰতৰ সৰ্ববৃহৎ শীৰ্ষ সন্মিলন )ৰ এক অবিচ্ছেদ্য অংশ।

পৃষ্ঠভূমি

২০২৪ চনৰ ২২ আগষ্টত নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ, ৰে'লৱে, আৰু ইলেক্ট্ৰনিক্স তথা  তথ্য প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ - ছিজন ৱান উন্মোচন কৰিছিল। এই প্ৰত্যাহ্বানসমূহে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত উল্লেখ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “ভাৰতত ডিজাইন, বিশ্বৰ বাবে ডিজাইন”ৰ দৃষ্টিভংগীৰ সৈতে মিল ৰাখি আগন্তুক বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট শীৰ্ষ সন্মিলনৰ (WAVES) পূৰ্বসূৰী হিচাপে কাম কৰিব।

এই সম্ভাৱনাক ব্যৱহাৰ আৰু আগুৱাই নিবলৈ  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সংগীত,শিক্ষা, আৰু পাইৰেচি  প্ৰতিৰোধকে  ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰতিভা আৰু সৃষ্টিশীলতাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ২৭টা প্ৰত্যাহ্বান আৰম্ভ কৰিছে।

অধিক বিৱৰণৰ বাবে নিম্নলিখিত লিংকসমূহ চাওক:

https://pib.gov.in/PressReleasePage.aspx?PRID=2065836

https://pib.gov.in/PressReleasePage.aspx?PRID=2047812

https://pib.gov.in/PressReleasePage.aspx?PRID=2048202

https://pib.gov.in/PressReleasePage.aspx?PRID=2050194


(Release ID: 2076140) Visitor Counter : 42
Read this release in: English