প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী গিৰিধৰ মালব্যৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
18 NOV 2024 6:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰত্ন পণ্ডিত মদন মোহন মালব্যৰ নাতি শ্ৰী গিৰিধৰ মালব্যৰ বিয়োগত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে গংগা পৰিষ্কৰণ আৰু বিশ্ববাসীক দিয়া শিক্ষাৰ ক্ষেত্ৰত শ্ৰী গিৰিধৰ মালব্যই আগবঢ়োৱা অৱদানৰ প্ৰশংসা কৰে।
এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ
“ভাৰতৰত্ন পণ্ডিত মদন মোহন মালব্যৰ নাতি শ্ৰী গিৰিধৰ মালব্যৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁৰ বিয়োগ শিক্ষা জগতৰ লগতে সমগ্ৰ দেশৰ বাবে এক অপুৰণীয় ক্ষতি। গংগা পৰিষ্কৰণ অভিযানত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ ৰ’ব। আইনী সেৱাৰ ক্ষেত্ৰত নিজ কৰ্মৰে তেওঁ এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। মই ব্যক্তিগতভাৱে কেইবাবাৰো তেওঁক লগ পোৱাৰ সৌভাগ্য হৈছিল। ২০১৪ আৰু ২০১৯ত বাৰাণসীত মোৰ সংসদীয় ক্ষেত্ৰৰ তেওঁ প্ৰস্তাৱক আছিল, যিটো মোৰ বাবে অবিষ্মৰণীয় হৈ ৰ’ব। এই শোকাকুল মুহূৰ্তত ভগৱানে তেওঁৰ পৰিয়াল আৰু আত্মীয়-স্বজনক দুখ সহ্য কৰাৰ শক্তি প্ৰদান কৰক। ঔম শান্তি।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2074965)
आगंतुक पटल : 39
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam