উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ ৩ দিনীয়া ভ্ৰমণত আহিব কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া

प्रविष्टि तिथि: 12 NOV 2024 7:34PM by PIB Guwahati

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কাইলৈৰ পৰা তিনিদিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ভ্ৰমণ কৰিব।

এই ভ্ৰমণৰ সময়ত শ্ৰী সিন্ধিয়াই অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ’ব। এই পৰ্যালোচনা সভাসমূহৰ উপৰিও শ্ৰী সিন্ধিয়াই অহা ১৫ নৱেম্বৰত আগৰতলাত অনুষ্ঠিত হ’বলগীয়া জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। সেইদিনা তেওঁ মেঘালয়ৰ ৰি-ভই জিলাত অনুষ্ঠিত হৈ থকা চেৰী ব্লছম ফেষ্টিভেল ২০২৪ টো অংশগ্ৰহণ কৰিব।


(रिलीज़ आईडी: 2072888) आगंतुक पटल : 39
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English