ৰেচম মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৱাহাটীত কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ মুগা এৰি চিল্কৱৰ্ম বীজ সংগঠন পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই

Posted On: 28 OCT 2024 6:11PM by PIB Guwahati

কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী শ্ৰী  পৱিত্ৰ মাৰ্ঘেৰিটাই ভাৰতৰ  ৰেচম খণ্ডৰ উন্নতিৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা  পুনৰ বাৰ দোহাৰিলে। মন্ত্ৰীগৰাকীয়ে গুৱাহাটী আজি  কেন্দ্ৰীয় ৰেচম ব'ৰ্ডৰ মুগা এৰি চিল্কৱৰ্ম বীজ সংগঠন (এমইএছএছঅ') পৰিদৰ্শন কৰে। সমগ্ৰ উত্তৰ-পূব ভাৰত আৰু তামিলনাডুত ইয়াৰ ১৩  টা ক্ষেত্ৰ গোটৰ নেটৱৰ্কৰ সৈতে এমইএছএছঅ' হৈছে উচ্চ মানসম্পন্ন ৰ মুগা আৰু এৰি ৰেচম পলু বীজ উৎপাদনৰ এক উল্লেখনীয়  সংস্থা। এই সংস্থাই   ৰেচম খণ্ডৰ বিকাশ আৰু উদ্ভাৱনীমূলক কৰ্মৰ  বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

তেওঁৰ  এই পৰিদৰ্শনকালত  মন্ত্ৰী  শ্ৰী মাৰ্ঘেৰিটাই উত্তৰ-পূবৰ  ৰেচম শিল্পৰ পৰিৱৰ্তন, বিশেষকৈ মুগা আৰু এৰি ৰেচমৰ উৎপাদন  তথা খেতিৰ প্ৰশংসা কৰে।  এই শিল্প এতিয়া  পৰম্পৰাগত জনজাতীয় শিল্পৰ পৰা এক প্ৰতিশ্ৰুতিপূৰ্ণ উদ্যোগলৈ বিকশিত হৈছে। এই বিৱৰ্তনে গ্ৰাম্য আৰু জনজাতীয় সম্প্ৰদায়ৰ বাবে জীৱিকাৰ যথেষ্ট সুযোগ মুকলি কৰিছে, বিশেষকৈ মহিলা শিল্পীসকলৰ বাবে যিসকলে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰেচম পৰিষদৰ কৌশলগত প্ৰচেষ্টাৰ কথাও এই প্ৰসংগতে উল্লেখ কৰে।   পৰিষদৰ গৱেষণা আৰু উন্নয়নমূলক পদক্ষেপসমূহে ভাৰত চৰকাৰৰ সমৰ্থনত গুৰুত্বপূৰ্ণ উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে। তেওঁ উল্লেখ কৰে যে এই পদক্ষেপসমূহে  ৰেচম শিল্পৰ সৈতে নিয়োজিতসকলৰ সামাজিক পৰিস্থিতিৰ ওপৰত এক স্পষ্ট প্ৰভাৱ পেলোৱাৰ লগতে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰি তেওঁলোকৰ জীৱনৰ মান উন্নত কৰিছে।

শ্ৰী মাৰ্ঘেৰিটাই এমইএছএছঅ' গুৱাহাটীৰ সুদূৰপ্ৰসাৰী  পদক্ষেপ, বিশেষকৈ মুগা সংস্কৃতিক বিশেষ অঞ্চল, যেনে পশ্চিম বংগৰ কালিম্পং আৰু উত্তৰাখণ্ডৰ নিৰ্বাচিত অঞ্চললৈ সম্প্ৰসাৰিত কৰাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। এই অঞ্চলবোৰত মুগা সংস্কৃতিৰ স্বকীয় পৰিচয় উদ্ভাসিত কৰািব বিচৰা হৈছে আরু  এমইএছএছঅ'ৰ লক্ষ্য হৈছে ৰেচম উৎপাদনৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱ হ্ৰাস কৰা  তথা  গুণগত মানৰ মুগা ৰেচমৰ বহনক্ষম যোগান নিশ্চিত কৰাৰ বাবে উৎপাদনত বৈচিত্ৰতা অনা।

মন্ত্ৰীগৰাকীয়ে  অনন্য ৰেচমৰ  বৰ্ধিত ৰাষ্ট্ৰীয় চাহিদাৰ সৈতে সংগতি ৰাখি উত্তৰ-পূবৰ মুগা আৰু এৰি সংস্কৃতিৰ প্ৰতি সমৰ্পিত সকলো মৌলিক বীজ উৎপাদন গোটত বীজ উৎপাদন দক্ষতা বৃদ্ধি অব্যাহত ৰখাৰ বাবে এমইএছএছঅ'ৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। । তেওঁ এমইএছএছঅ'ক ইয়াৰ বীজ উৎপাদন প্ৰক্ৰিয়াৰ মান  আৰু তাৰ পৰিমাপৰ বিষয়ক  অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় । যাতে ভাৰতৰ মুগা আৰু এৰি ৰেচমে ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় দুয়োধৰণৰ চাহিদা পূৰণ কৰিব পাৰে।  যাৰ ফলত বিশ্বৰ  ৰেচম বজাৰত ভাৰতৰ  স্থিতি  শক্তিশালী হয়।

তত্বাৱধানত শ্ৰী মাৰ্ঘেৰিটাই ৰেচম উদ্যোগৰ বহনক্ষম বিকাশৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিভাগসমূহৰ মাজত সহযোগিতাৰ গুৰুত্বৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। তেওঁ হস্ততাঁত আৰু হস্তশিল্প খণ্ডৰ লগতে গ্ৰাম্য সম্প্ৰদায়সমূহক নিযুক্তি সৃষ্টি আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰেচম শিল্পৰ  সম্ভাৱনাৰ বিষয়ত  আলোকপাত কৰে। মন্ত্ৰীগৰাকীৰ মতে, পৰম্পৰাগত কাৰুশিল্পক সমৰ্থন কৰাটোৱে কেৱল জীৱিকা বৰ্তাই ৰখাই নহয়, লগতে ভাৰতৰ সমৃদ্ধ ঐতিহ্যক সংৰক্ষণ কৰা আৰু ইয়াক দেশৰ বিশাল আৰ্থ-সামাজিক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাত এক গুৰুত্বপূৰ্ণ অৱদানকাৰী হিচাপে স্থান দিব পাৰে।


(Release ID: 2069016)
Read this release in: English