গ্ৰামোন্নয়ণ মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে নাগালেণ্ডত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা-৩ ৰ অধীনত গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে ৫৪.৭৪ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰে
পিএমজিএছৱাই-৩ ৰ অধীনত ৫০৬.৬৯ কিলোমিটাৰৰ ৪০ টা পথৰ বাবে ৪৮৯.৭০ কোটি টকা ইতিমধ্যে অনুমোদন জনোৱা হৈছে
পোষ্ট কৰা হৈছে:
24 OCT 2024 4:37PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চলৰ গ্রাম্য যোগাযোগ শক্তিশালী কৰিবলৈ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে নাগালেণ্ডত পিএমজিএছৱাই-৩ ৰ অধীনত ৫৪.৭৫ কোটি টকা ব্যয় সাপেক্ষে ৫৫.৮৯ কিলোমিটাৰ পথ নিৰ্মাণত অনুমোদন জনায়। ৰাজ্য খনত ইতিমধ্যে পিএমজিএছৱাই-৩ ৰ অধীনত ৫০৬.৬৯ কিলোমিটাৰৰ অন্য ৪০ টা পথ নিৰ্মাণৰ বাবে ৪৮৯.৭০ কোটি টকা ইতিমধ্যে অনুমোদন জনোৱা হৈছে।
এই প্ৰচেষ্টাৰ ফলত:
* জৰুৰীকালীন সেৱা যেনে স্বাস্থ্যসেৱা, শিক্ষা, বজাৰ ইত্যাদি ব্যৱস্থাৰ উন্নত হোৱাত সহায় হ'ব।
* ভিতৰুৱা অঞ্চল আৰু চহৰৰ মাজত দূৰত্ব হ্ৰাস, গ্ৰাম্য অঞ্চললৈ যোগাযোগ বৃদ্ধি
* অঞ্চলটোত অৰ্থনৈতিক উন্নয়ন, ব্যৱসায় আৰু বাণিজ্যত উদগনি
* স্থানীয় অৰ্থনীতিক উৎসাহিত কৰি নিয়োগৰ সৃষ্টি
* সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চলৰ গঢ়াৰ চৰকাৰৰ লক্ষ্যক সহযোগ কৰি উন্নত ভাৰত (বিকশিত ভাৰত) গঢ়া
উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন-সমৃদ্ধি আৰু চৰকাৰৰ সন্মিলিত উন্নয়ন যি প্ৰতিশ্ৰুতি লগতে অঞ্চলতোৰ পৰিৱৰ্তনত পিএমজিএছৱাই-৩ প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব।
(ৰিলিজ আই ডি : 2067840)
অতিথি কক্ষ : 69