নৌ-পৰিবহন মন্ত্ৰালয়
বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ত ‘স্বচ্ছতা হী সেৱা ২০২৪’ অভিযানৰ শুভাৰম্ভ
‘স্বচ্ছতা সংকল্প’ গ্ৰহণ কাৰ্যসূচীত ৪০০ ৰো অধিক বিষয়াক নেতৃত্ব দিয়ে সচিব শ্ৰী টি কে ৰামচন্দ্ৰনে
‘চাফাই মিত্ৰ’সকলৰ বাবে আয়োজিত পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান, পৰিৱেশ-পৰ্যটন কাৰ্যকলাপ আৰু স্বাস্থ্য শিবিৰত ব্যাপক অংশগ্ৰহণ
Posted On:
23 SEP 2024 6:48PM by PIB Guwahati
আজি বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী টি কে ৰামচন্দ্ৰনে ‘স্বচ্ছতা সংকল্প’ গ্ৰহণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক জীৱনধাৰা হিচাপে গ্ৰহণ কৰা কাৰ্যসূচীত ৪০০ তকৈয়ো অধিক জ্যেষ্ঠ বিষয়া আৰু কৰ্মচাৰীক নেতৃত্ব দিয়ে। বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ইয়াৰ সকলো সহযোগী সংগঠনৰ সৈতে ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ ২০২৪ লৈ ‘স্বচ্ছতা হী সেৱা’ (এছএইচএছ) ২০২৪ অভিযান আৰম্ভ কৰিছে। এই অভিযান হৈছে 'স্বভাৱ স্বচ্ছতা– সংস্কাৰ স্বচ্ছতা' শীৰ্ষক বিষয়বস্তুক সাৰোগত কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাক উত্সাহিত কৰাৰ বাবে গ্ৰহণ কৰা এক ৰাষ্ট্ৰীয় আন্দোলনৰ অংশ।
‘এছএইচএছ ২০২৪’ অভিযানৰ অংশ হিচাপে মন্ত্ৰালয়টোৰ অধীনৰ সংগঠনবোৰে বিষয়া, শিক্ষাৰ্থী, নাগৰিক, বেচৰকাৰী সংগঠন আৰু অংশীদাৰসকলৰ অংশগ্ৰহণেৰে অভিযানৰ তিনিওটা স্তম্ভকে সামৰি বিভিন্ন কাৰ্যসূচী হাতত লৈছে। সংগঠনসমূহে "এক পেড় মা কে নাম"ৰ বাৰ্তা গ্ৰহণ কৰি গণ বৃক্ষৰোপণ অভিযান আৰম্ভ কৰিছে। পৰিৱেশ সুৰক্ষা ব্যৱস্থা আৰু পৰিৱেশ-পৰ্যটনৰ বিষয়বস্তুক উদগণি দিয়া আন কেবাটাও কৰ্মসূচীও হাতত লোৱা হৈছে। ‘এছএইচএছ ২০২৪’-ৰ অংশ হিচাপে সংগঠনসমূহে সমুদ্ৰতীৰ পৰিষ্কাৰ কৰা, ওচৰৰ এলেকা পৰিষ্কাৰ কৰা, ডক এলেকা পৰিষ্কাৰ কৰা, পথৰ নাটক, প্ৰতিযোগিতা আৰু মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰাত গুৰুত্ব আৰোপ কৰিছে। প্ৰতিৰোধমূলক স্বাস্থ্য সেৱা আৰু চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ সৈতে সম্পৰ্কৰ বাবে চাফাই মিত্ৰসকলৰ বাবে স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে।
*****
NB/AK/KB
(Release ID: 2058112)
Visitor Counter : 30