তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা চিবিচি গুৱাহাটীৰ মাল্টিমিডিয়া প্ৰদৰ্শনীয়ে ভাৰতৰ মহাকাশক এখন চালিৰ তলত একত্ৰিত কৰিছে
ইছৰো হৈছে অন্যতম শ্ৰেষ্ঠ সংস্থা আৰু এই ক্ষেত্ৰত আটাইতকৈ সুলভ আৰু সঠিক প্ৰতিষ্ঠানঃ ড০ ওম প্ৰকাশ, মিচন সঞ্চালক, সমগ্ৰ শিক্ষা
Posted On:
24 AUG 2024 5:44PM by PIB Guwahati
ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় যোগাযোগ ব্যুৰ’, গুৱাহাটীৰ উদ্যোগত খানাপাৰাস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত চলি থকা তিনিদিনীয়া মাল্টিমিডিয়া প্ৰদৰ্শনীয়ে ভাৰতৰ মহাকাশ যাত্ৰাক এখন চালিৰ তলত একত্ৰিত কৰিছে। দ্বিতীয় দিনা মহানগৰৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থীয়ে প্ৰদৰ্শনী উপভোগ কৰে।

আজি দ্বিতীয় দিনা সমগ্ৰ শিক্ষা, অসমৰ মিছন সঞ্চালক ড° ওম প্ৰকাশে প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি প্ৰদৰ্শনীস্থলীত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি ড০ প্ৰকাশে ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেলী ইণ্টাৰেক্টিভ আৰু অগমেণ্টেড ৰিয়েলিটি (এআৰ), ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ), টাচ ৱাল, হ’ল’গ্ৰাফিক প্ৰজেকচন আদি প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা মাল্টিমিডিয়া প্ৰদৰ্শনীখন অন্বেষণ কৰিবলৈ আহ্বান জনায়।

ইছৰো হৈছে অন্যতম শ্ৰেষ্ঠ সংস্থা আৰু এই ক্ষেত্ৰত আটাইতকৈ সুলভ আৰু সঠিক প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটোৱে মহাকাশৰ বিভিন্ন পদক্ষেপ সফলতাৰে সম্পন্ন কৰি আহিছে। ড০ প্ৰকাশে এই ক্ষেত্ৰখনৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অধিক জ্ঞান অৰ্জনৰ আহ্বান জনাই ইয়াৰ উজ্জ্বল ভৱিষ্যতৰ ওপৰত আলোকপাত কৰে।
ৰাষ্ট্ৰীয় মহাকাশ দিৱস আৰু বিজ্ঞান সম্পৰ্কীয় বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰো বিতৰণ কৰা হয়।
চিবিচিয়ে দেশৰ বিভিন্ন ৰাজ্যত ২৪খন প্ৰদৰ্শনীৰ আয়োজন কৰি ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিছে। এই প্ৰদৰ্শনীৰ প্ৰধান কেন্দ্ৰবিন্দু হৈছে মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি আৰু বৰ্তমানৰ বিশ্বত ইয়াৰ প্ৰয়োগৰ প্ৰতি যুৱ প্ৰজন্মক জড়িত আৰু অনুপ্ৰাণিত কৰা।
এই উপলক্ষে আজি দ্বিতীয় দিনা প্ৰদৰ্শনীস্থলীত গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক শ্ৰী বিজয় শংকৰ শৰ্মা আৰু নতুন দিল্লীৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী অজয় আগৰৱাল আৰু অতিৰিক্ত সঞ্চালক প্ৰধান, উত্তৰ-পূব মণ্ডলৰ শ্ৰীমতী জেন নামচুও উপস্থিত থাকে।
মাল্টিমিডিয়া প্ৰদৰ্শনীৰ তৃতীয় দিনাও কাইলৈ পুৱা ৯:৩০ বজাৰ পৰা বিয়লি ৬:০০ বজালৈকে জনসাধাৰণৰ বাবে মুকলি থাকিব।
***
HD/AD
(Release ID: 2048644)
Visitor Counter : 37