উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
নেডফি গুৱাহাটী পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই
বিনিয়োগৰ প্ৰতিশ্ৰুতিৰেনৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ডৰ অধীনত ষ্টাৰ্টআপক আগবঢ়ালে ৫.৪২ কোটি টকাৰ চেক
Posted On:
30 JUL 2024 5:59PM by PIB Guwahati
কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী তথা উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াই যোৱা ২৭ জুলাই, ২০২৪ তাৰিখে গুৱাহাটীস্থিত নেডফিৰ কাৰ্যালয় পৰিদৰ্শন কৰে। তেওঁ নেডফিৰ চিএমডি শ্ৰী পিভিএছএলএন মূৰ্তি আৰু সংস্থাটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত নেডফিয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বিশদভাবে আলোচনা কৰা হয়। লগতে এই বিষয়ে দৃশ্য-শ্ৰাব্য তথ্যচিত্ৰৰ আদিৰ সহায়ত ক্ষুদ্ৰ ঋণৰ অগ্গ্ৰতি আদি সন্দৰ্ভত নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ড (এন ই ভি এফ)ৰ বিভিন্ন তথ্য উপস্থাপন কৰা হয়।
শ্ৰী সিন্ধিয়াই উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নত নেডফিৰ উল্লেখযোগ্য অৱদানৰ কথা উল্লেখ কৰি সংস্থাটোক প্ৰশংসা কৰে। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অশোক সিংঘালো ইয়াত উপস্থিতি থাকে।
নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ডৰ অধীনত নেডফিৰ দ্বাৰা উদগনি আগবঢ়োৱা কেইটামান ষ্টাৰ্টআপ আৰু নেডফি চি এছ আৰৰ দ্বাৰা সমৰ্থিত শিপিনীৰ সৈতে এক বাৰ্তালাপৰো আয়োজন নানান বিষয়ত পাৰস্পৰিক ক্ৰিয়া-কলাপ সন্দৰ্ভত আলোকপাত কৰে। । মন্ত্ৰীগৰাকীয়ে ফাইনাৰ (FINER) আৰু Laghu Uলঘু উদ্যোগ ভাৰতৰ কিছুসংখ্যক উদ্যোগপতি আৰু প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰে।
একে উপলক্ষে শ্ৰী সিন্দিয়াই নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ড (এন ই ভি এফ)ৰ অধীনত ষ্টাৰ্টআপসমূহক মুঠ ৫.৪২ কোটি টকাৰ বিনিয়োগ প্ৰতিশ্ৰুতিৰ চেকো প্ৰদান কৰে। ইয়াৰ উপৰি তেওঁ ১.৮০ লাখ টকাৰ চেক নেডফিৰ ক্ষুদ্ৰ ঋণ আঁচনিৰ অধীনত দুগৰাকী হিতাধিকাৰীক প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে নেডফিৰ সহযোগত শিপিনী আৰু ষ্টাৰ্টআপৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ বিশেষ প্ৰদৰ্শনীও পৰিদৰ্শন কৰি প্ৰদৰ্শিত শিল্পকৰ্ম আৰু অন্যান্য সামগ্ৰীৰ শলাগ লয়।
ইয়াৰ পূৰ্বে শ্ৰী সিন্ধিয়াই নেডফি চৌহদত এক পেড় মা কে নামৰ অধীনত এজোপা গছ ৰোপণ কৰে।
(Release ID: 2039345)
Visitor Counter : 26