হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসমৰ নগৰ উন্নয়ন আঁচনি আৰু শক্তি খণ্ডৰ পৰিস্থিতিৰ বিষয়ে পৰ্যালোচনা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লালে

Posted On: 24 JUL 2024 5:02PM by PIB Guwahati

আজি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ  মন্ত্ৰী তথা শক্তি মন্ত্ৰী শ্ৰী মনোহৰ লালে ।

                                                                  

কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল  আৰু মুখ্যমন্ত্ৰী শৰ্মাৰ  মাজত হোৱা আলোচনাত শক্তি তথা  নগৰ উন্নয়ন খণ্ডৰ সৈতে জড়িত বিষয়সমূহে গুৰুত্ব লাভ কৰে।  কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লালে অসমত আৰ ডি এছ এছৰ অধীনত স্মাৰ্ট মিটাৰিং আৰু লোকচান হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা  অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি এইক্ষেত্ৰত অসম চৰকাৰৰ  প্ৰচেষ্টাক শলাগ লয়।

                                                                   

অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটী মহানগৰীৰ বাবে স্মাৰ্ট বিতৰণ প্ৰকল্পৰ অনুমোদনৰ বাবে অনুৰোধ জনায়। তেওঁ লগতে  আৰ এ পি ডি আৰ পি আঁচনিৰ বাকী থকা বিষয়সমূহৰ বিষয়ে ৰাজ্য চৰকাৰে জনোৱা  অনুৰোধ বিবেচনাৰ বাবেও অনুৰোধ জনায়।  কেন্দ্ৰীয় শক্তি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত অসম চৰকাৰক  সকলো ধৰণৰ  সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

 

অসমত পৰিকল্পনা আৰু স্থাপত্য বিদ্যালয় স্থাপনৰ বাবে প্ৰয়োজনীয় অনুদান প্ৰদানৰ বাবেও মুখ্যমন্ত্ৰী শৰ্মাই  অনুৰোধ জনায়। তেওঁ লগতে ৪৩খন নগৰীয়া নিকায়  আৰু ৩খন অম্ৰুট  চহৰৰ নলা পৰিশোধন প্ৰকল্পত  ১০০% সফলতা লাভৰ বাবে  অম্ৰুট (AMRUT)আঁচনিৰ অধীনত পুঁজি মুকলি কৰিবলৈয়ো অনুৰোধ জনায়।

 

****

 

MJPS/SK/DM



(Release ID: 2036570) Visitor Counter : 9


Read this release in: English , Hindi , Tamil