তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৱাহাটীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মাণ্ডলিক সন্মিলন আৰম্ভ

এই সন্মিলনে ধাৰণাৰ বিনিময় আৰু পাৰস্পৰিক বুজাবুজিৰ বাবে মঞ্চ প্ৰদান কৰিব: ডিজি উত্তৰ-পূব মণ্ডল

Posted On: 10 JUL 2024 7:31PM by PIB Guwahati

উত্তৰ-পূব অঞ্চলৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ সকলো মিডিয়া সঞ্চালকালয়ৰ অংশগ্ৰহণেৰে গুৱাহাটীত আৰম্ভ হ’ল  উত্তৰ-পূব মাণ্ডলিক সন্মিলন । তিনিদিনীয়াকৈ আয়োজিত এই সন্মিলনত  যোগাযোগ আৰু প্ৰচাৰ কাৰ্যকলাপৰ বিভিন্ন দিশৰ লগতে বিত্তীয় তথা প্ৰশাসনিক বিষয়সমূহ উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্ৰধান  শ্ৰী কে সতীশ নামবুদিৰিপদে  পৰ্যালোচনা কৰিব। উদ্বোধনী অধিৱেশনত ভাষণ দি শ্ৰী নামবুদিৰিপাদে কয়  যে এই সন্মিলনে ধাৰণাৰ বিনিময় আৰু পাৰস্পৰিক বুজাবুজিৰ বাবে এক মঞ্চ প্ৰদান কৰিব,  যি উত্তৰ-পূব অঞ্চলৰ বিভিন্ন ক্ষেত্ৰ গোটৰ ক্ষেত্ৰত  মসৃণ কাৰ্যকৰীতা নিশ্চিত কৰিব।

সন্মিলনৰ কাৰ্যসূচীত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নিয়োজিত ভাৰতীয় তথ্য সেৱাৰ বিষয়াসকলে তেওঁলোকৰ নিজ নিজ প্ৰচাৰ কাৰ্যকলাপৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি আলোচনাত  অংশগ্ৰহণ কৰিছে । এই সন্মিলনত অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ প্ৰেছ ইনফৰ্মেছন ব্যুৰোৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। তদুপৰি সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ চেণ্ট্ৰেল ব্যুৰো অব কমিউনিকেছনৰ প্ৰতিনিধিসকলেও  অংশগ্ৰহণ কৰিছে।

নতুন দিল্লীৰ প্ৰেছ  ইনফৰ্মেছন ব্যুৰোৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী কৃপা শংকৰ যাদৱ আৰু উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰীমতী জেন নামচুয়েও সন্মিলনত তেওঁলোকৰ নিজা নিজা  অন্তৰ্দৃষ্টি ব্যক্ত  কৰে। এই সমাৱেশে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ৰাজহুৱা তথ্য প্ৰচাৰৰ ক্ষেত্ৰত সমন্বিত প্ৰচেষ্টাৰ গুৰুত্ব বহন কৰিছে।

PG/SS/DM


(Release ID: 2032224)
Read this release in: English