প্ৰতিৰক্ষা মন্ত্ৰালয়
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব তথা ডিআৰডিঅ’ৰ অধ্যক্ষই ডিআৰএল-তেজপুৰৰ উদ্ভাৱন আৰু সহযোগিতামূলক প্ৰচেষ্টাক প্ৰশংসা কৰে
प्रविष्टि तिथि:
24 MAY 2024 2:30PM by PIB Guwahati
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন (R&D) বিভাগৰ সচিব আৰু ডিআৰডিঅ’ (প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা)ৰ অধ্যক্ষ ডঃ সমীৰ ভি কামাত তথা সঞ্চালক প্ৰধান (জীৱন বিজ্ঞান) ডাঃ ইউ কে সিঙে ২৩ মে’ত তেজপুৰস্থিত প্ৰতিৰক্ষা গৱেষণা পৰীক্ষাগাৰ (DRL)-ডিআৰডিঅ’ ভ্ৰমণ কৰে। এই ভ্ৰমণৰ সময়ছোৱাত ডঃ কামাতে তিনিটা উদ্যোগক এন্টি-মাইক্ৰ’বিয়েল বেড শ্বীট আৰু এন্টি-বেড বাগ বেড শ্বীটৰ প্ৰযুক্তি হস্তান্তৰৰ বাবে অনুজ্ঞাপত্ৰ চুক্তি অৰ্পণ কৰে। ইয়াৰোপৰি, তেওঁ ডিআৰএলৰ বাৰ্ষিক প্ৰতিবেদন উন্মোচন কৰে। এই প্ৰতিবেদনত বিগত এটা বছৰত ইয়াৰ অগ্ৰগতি আৰু কৃতিত্বৰাজি সম্পৰ্কে আলোকপাত কৰা হৈছে।

ইয়াত ডঃ সমীৰ ভি কামাতে ডিআৰএলৰ বিজ্ঞানী, বিষয়া আৰু কৰ্মচাৰীসকলক তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ বাবে প্ৰশংসাৰে ৰাষ্ট্ৰৰ শক্তি আৰু আত্ম-নিৰ্ভৰশীলতাৰ বৰ্ধনৰ অৰ্থে অত্যাধুনিক প্ৰযুক্তিৰ অভিযোজনাৰে ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি নিজ-নিজ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিবলৈ আহ্বান জনায়। ডঃ কামাতে এটা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰদৰ্শন অক্ষুণ্ণ ৰাখিবলৈ সংস্কাৰ আৰু ৰূপান্তৰ সাধনৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
উপস্থিতসকলক সম্বোধনেৰে ডিজি (এলএছ) ডাঃ ইউ কে সিঙে সশস্ত্ৰ বাহিনীসমূহৰে সম্পৰ্কীয় গৱেষণাৰ ক্ষেত্ৰত শৈক্ষিক মহল আৰু উদ্যোগৰ সৈতে সহযোগিতা স্থাপনৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ ডিআৰডিঅ’ আৰু ইয়াৰ শৈক্ষিক তথা উদ্যোগৰ অংশীদাৰসকলৰ ভূমিকা সম্পৰ্কে আলোকপাতেৰে উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্ত অঞ্চলসমূহত জোৱানসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰে মোকাবিলাকৰণৰ প্ৰয়োজনীয়তাৰ কথা পুনৰবাৰ উল্লেখ কৰে।
ডিআৰএলৰ সঞ্চালক ডঃ ডিভি কাম্বোজে আদৰণি ভাষণত ডিআৰএল-তেজপুৰে পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকা আৰু ইয়াৰ উল্লেখযোগ্য কৃতিত্বৰাজিৰ এক চমু আভাস দাঙি ধৰে। তেওঁ পৰীক্ষাগাৰটোৱে ভেক্টৰ নিয়ন্ত্ৰণ, পানীৰ গুণাগুণ, ফাৰ্মাচিউটিকেল প্ৰযুক্তি আৰু জৈৱ-আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতি সম্পৰ্কে আলোকপাত কৰে। তদুপৰি, তেওঁ ডিআৰএলৰ নতুন আৰএণ্ডডি দিশসমূহত গুৰুত্ব আৰোপ কৰে। তেওঁ বিশেষকৈ সৈনিকসকলৰ সহযোগিতাত অৰণ্য যুদ্ধ, বিশেষ প্ৰশমন আৰু পতংগজনিত জৈৱ-ভাবুকিৰ পূৰ্বানুমান তথা প্ৰশমনৰ ক্ষেত্ৰত শেহতীয়াভাৱে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজি সম্পৰ্কে ব্যক্ত কৰে।
***
PG/BM
(रिलीज़ आईडी: 2021490)
आगंतुक पटल : 44
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English