আইন আৰু ন্যায় মন্ত্ৰালয়

গুৱাহাটীত ‘ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ’শীৰ্ষক দুদিনীয়া সন্মিলন সম্পন্ন

নতুন ফৌজদাৰী আইন তিনিখনে ঐতিহাসিক অন্যায় আৰু পক্ষপাতিত্বক শুধৰণিৰ চেষ্টা কৰিছেআৰু ইয়াত এখনি উদীয়মান ৰাষ্ট্ৰ আৰু ইয়াৰ জনসাধাৰণৰ সমসাময়িক প্ৰয়োজনীয়তাৰ প্ৰতিফলন ঘটাবলৈ চেষ্টা কৰা হৈছে - অৰ্জুন ৰাম মেঘৱাল, ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), আইন আৰু ন্যায় মন্ত্ৰালয়

তিনিওখন ফৌজদাৰী আইনে আমাৰ সময়ৰেসংগতি থকা বিধান সৃষ্টিৰ সমান্তৰালকৈ সময়ৰ সৈতে সংগতিপূৰ্ণ আৰু দেশৰ সাংবিধানিকতাক অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত সংশোধনীৰ বেলিকা অগ্ৰদূতৰ ভূমিকা পালন কৰিব - ছিকিম উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ বিশ্বনাথ সোমাদ্দাৰ

নতুন আইনকেইখনে এক ৰূপান্তৰশীল পন্থাৰঅভিযোজনা তথাজবাবদিহিতা আৰু শাস্তিমূলক ব্যৱস্থাসমূহ অন্তৰ্ভুক্তকৰণৰ সমান্তৰালকৈ অপৰাধী আৰু ভুক্তভোগীপক্ষৰ সদস্যসকলক সমাধান প্ৰক্ৰিয়াত জড়িতকৰণেৰেকেৱল শাস্তিয়েই নহয়, বৰঞ্চ ন্যায় যাতে প্ৰাধান্য পায়, সেই লক্ষ্য নিৰ্ধাৰণ কৰিছে–ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাননীয় ন্যায়াধীশ হৃষীকেশ ৰায়

Posted On: 19 MAY 2024 4:48PM by PIB Guwahati

আইন আৰু ন্যায় মন্ত্ৰালয়ৰ আইনী পৰিক্ৰমা বিভাগৰ উদ্যোগত আইআইটি, গুৱাহাটীৰ ডঃভূপেন হাজৰিকা প্ৰেক্ষাগৃহত ‘ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ’ (India's Progressive Path in the Administration of Criminal Justice System) শীৰ্ষক দুদিনীয়া সন্মিলন সম্পন্ন হয়। কালি সন্ধিয়া এই সন্মিলনৰ উদ্বোধনী অধিবেশনত আইন আৰু ন্যায় মন্ত্ৰালয়ৰৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)শ্ৰী অৰ্জুন ৰাম মেঘৱাল, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশমাননীয় ন্যায়াধীশ হৃষীকেশ ৰায়আৰু ছিকিমউচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিশ্বনাথ সোমাদ্দাৰে অংশগ্ৰহণ কৰে।

এই অধিবেশনত ভিন্ন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, অধিবক্তা, শিক্ষাবিদ, আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰতিনিধি, আৰক্ষী বিষয়া, ৰাজহুৱা অধিবক্তা, জিলা ন্যায়াধীশ আৰু আন-আন বিষয়াসকল আৰু আইনৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।শেহতীয়াভাৱে তিনি নতুন ফৌজদাৰী আইন প্ৰণয়ন কৰা হৈছে। নতুন আইনকেইখন হৈছেঃ ভাৰতীয় ন্যায় সংহিতা, ২০২৩; ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩। এই নতুন আইন তিনিখন পূৰ্বৰ ফৌজদাৰী আইন যথাঃ ভাৰতীয় দণ্ড বিধি, ১৮৬০; ফৌজদাৰী প্ৰক্ৰিয়া বিধি, ১৯৭৩ আৰু ভাৰতীয় সাক্ষ্য আইন, ১৮৭২ৰ সলনি প্ৰৱৰ্তন কৰা হৈছে। এই নতুন আইন তিনিখন সন্দৰ্ভত গভীৰভাৱে আলোচনা কৰিবলৈকে এই সন্মিলনৰ আয়োজন কৰা হয়। এই নতুন ফৌজদাৰী আইনসমূহ ১ জুলাই, ২০২৪ৰ পৰা কাৰ্য্যকৰী হ'ব।

উদ্বোধনী অধিবেশনত আইনী পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব ডঃ অঞ্জু ৰাথী ৰাণাই এই সন্মিলনৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু ঔপনিৱেশিক আইনী উত্তৰাধিকাৰৰ শিকলিৰপৰা মুক্ত হোৱা আৰু আমাৰ বৈচিত্ৰময় দেশৰ নিৰন্তৰ বিকশিত প্ৰয়োজনীয়তাৰ প্ৰতি ন্যায্য, কাৰ্য্যক্ষম আৰু সঁহাৰিমূলকন্যায় ব্যৱস্থাৰ অভিযোজনাৰ প্ৰতীকস্বৰূপ তিনিওখন আইনৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোকপাত কৰে। এয়া আমাৰ সাংবিধানিক নীতিৰেবদ্ধমূল পৰম্পৰা তথাএখনি ৰাষ্ট্ৰ হিচাপে আগবাঢ়ি যোৱাৰ সময়ত স্থিতিস্থাপকতাৰো প্ৰমাণ। তেওঁ ভাৰতৰ বাবে জন-কেন্দ্ৰিক আইনী ব্যৱস্থাৰ সূচনাকে প্ৰমুখ্য কৰি দেশৰ ৰূপান্তৰশীল পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু এই অঞ্চলত বসবাস কৰা জনসাধাৰণৰ গুৰুত্ব সম্পৰ্কেও উল্লেখ কৰে। এই সন্মিলনৰ জৰিয়তে নতুন আইন তিনিখন আৰু ইয়াৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ সন্দৰ্ভত অংশীদাৰসকলক জ্ঞাতকৰণৰ প্ৰয়াস কৰা হৈছে।

ইয়াত সমবেতসকলক সম্বোধনেৰে আইন আৰু ন্যায় মন্ত্ৰালয়ৰ আইনী পৰিক্ৰমা বিভাগৰ সচিব ডঃ ৰাজীৱ মণিয়ে কয় যে এই সন্মিলন আৰু সমাবেশ কেৱল তিনি নতুন ফৌজদাৰী আইন সম্পৰ্কে আলোচনাৰ উদ্দেশ্যেৰেইঅনুষ্ঠিত কৰা হোৱা নাই, বৰঞ্চ এই সন্মিলনৰ জৰিয়তে আমি আজি ঔপনিৱেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰপৰা মুক্তি হোৱাৰ আনন্দ উদযাপন কৰিছোঁ। তেওঁ তিনিওখন ফৌজদাৰী আইন প্ৰণয়নৰ পটভূমি আৰু এইসমূহে কেনেকৈ ব্ৰিটিছসকলে প্ৰণয়ন কৰা আইনী গাঁথনি আৰু কাঠামোক মূৰ্ত কৰে, সেই সম্পৰ্কে কয়। তেওঁ আৰু কয় যে আইনৰ শাসনৰ গইনাৰে ভাৰতত ব্ৰিটিছ শাসনক স্থায়ী কৰি ৰখাৰ উদ্দেশ্যেৰে এয়া প্ৰণয়ন কৰা হৈছিল। বৰ্তমানৰ ফৌজদাৰী আইনসমূহে ঔপনিৱেশিক পক্ষপাতিত্ব আৰু প্ৰথাৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰ-নাগৰিকৰ সম্পৰ্কৰ সংজ্ঞা দিছিল, আনহাতে নতুন ফৌজদাৰী আইনসমূহ সকলোৱে ন্যায় লাভ কৰাৰ নীতিৰ ওপৰত ভিত্তি কৰি প্ৰণয়ন  কৰা হৈছে। দেশৰ ফৌজদাৰী ন্যায় ব্যৱস্থাক নাগৰিক-কেন্দ্ৰিক কৰি তুলিবলৈ এই তিনিখন আইন প্ৰণয়ন কৰা হৈছে। তেওঁ আকৌ কয় যে ভাৰতৰ উত্তৰ-পূব অঞ্চল নিজস্ব ইতিহাস আৰু পৰিচয়ৰে সমৃদ্ধ। আঠখন ৰাজ্যৰে গঠিত অঞ্চলটোৱে সদায় দেশৰ উন্নয়নত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু ভৱিষ্যতেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থাকিব। তেওঁ কয় যে নতুন ফৌজদাৰী আইনসমূহে শাস্তিমূলক আৰু প্ৰতিশোধমূলক ন্যায়ৰ দৰ্শনৰ ঠাইত পুনৰ্বাসন আৰু ভুক্তভোগী-কেন্দ্ৰিক দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰিছে।

এই কাৰ্য্যসূচীত ভাৰতীয় আইন আয়োগৰ সদস্য সচিব ডঃ ৰীতা বশিষ্ঠই নতুন ফৌজদাৰী আইনসমূহক নিত্য বিকশিত সমাজ আৰু ৰাষ্ট্ৰৰ বাবে উপযোগী কৰি তোলাৰ ক্ষেত্ৰত সাধন কৰা অসাধাৰণ কাম আৰু গৱেষণাৰ বিশদ পটভূমি সম্পৰ্কে ব্যক্ত কৰে। তেওঁ লগতে নতুন আইনসমূহৰ ভিন্ন বিধানৰ বিষয়েও বৰ্ণনা কৰে।

ইয়াত অসম চৰকাৰৰ মুখ্য সচিব শ্ৰী ৰবি কোটাই কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্র্যালয়ক ধন্যবাদ জ্ঞাপনেৰে কয় যে এই গুৰুত্বপূৰ্ণ সন্মিলনখনি অনুষ্ঠিত কৰিবলৈ গুৱাহাটীক বাছনি কৰা সিদ্ধান্তই কেৱল অসমতে নহয়, বৰঞ্চ সমগ্ৰ অঞ্চলটোৰ অংশীদাৰসকলৰ মাজত প্ৰচণ্ড প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে। তেওঁ লগতে নতুন আইন তিনিখনৰ সফল ৰূপায়ণ আৰু অধিক সজাগতা সৃষ্টিৰ ক্ষেত্ৰত অসম চৰকাৰৰ সকলো ধৰণৰ সহযোগিতা ৰক্ষা কৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমন্বয় সাধনেৰে কাম কৰাৰ অংগীকাৰ কৰে।

ইয়াত ভাষণ প্ৰদানেৰে ছিকিম উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ বিশ্বনাথ সোমাদ্দাৰে কয় যে নতুন ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই (BNSS)ডিজিটেল যুগত অপৰাধৰ সৈতে মোকাবিলাকৰণৰ ক্ষেত্ৰত এক সামগ্ৰিক দৃষ্টিভংগী আগবঢ়াইছে। তেওঁ কয় যে এই সংহিতাই সকলো বিচাৰ, অনুসন্ধানআৰু কাৰ্য্যবিধি ইলেক্ট্ৰনিক ম’ডত আগবঢ়োৱাৰ পথ প্ৰশস্ত কৰিছে যি বৰ্তমান সময়ৰ প্ৰয়োজনীয়তাৰেসামঞ্জস্যপূৰ্ণ। ইয়াত এয়াও নিৰ্ধাৰণ কৰা হৈছে যে অপৰাধমূলক বিচাৰ তিনি বছৰত সম্পূৰ্ণ হ’ব লাগিবআৰু সংৰক্ষিতকৰণৰ ৪৫ দিনৰ ভিতৰত ৰায়দান ঘোষণা কৰিব লাগিব। ইয়াৰ ফলত বেকলগসমূহ দূৰ হৈদ্ৰুত ন্যায় প্ৰদান কাৰ্য্য প্ৰশস্ত হ’ব। তেওঁ কম অপৰাধৰ শাস্তি হিচাপে সামূহিক সেৱাৰ প্ৰৱৰ্তন কাৰ্য্যৰ শলাগ লয় যিয়ে ন্যায়ৰ পুনৰ্বাসনমূলক দৃষ্টিভংগীক সুদৃঢ় কৰিব আৰু ইয়াক অদণ্ডনীয় ব্যৱস্থা হিচাপে গঢ়ি তুলিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।

তেওঁ আৰু কয় যে তিনিওখন ফৌজদাৰী আইনে আমাৰ সময়ৰে সংগতি থকা বিধান সৃষ্টিৰ সমান্তৰালকৈ সময়ৰ সৈতে সংগতিপূৰ্ণ আৰু দেশৰ সাংবিধানিকতাক অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত সংশোধনীৰ বেলিকা অগ্ৰদূতৰ ভূমিকা পালন কৰিব। কোনো আইন বা ইয়াৰ কাৰ্য্যকৰীকৰণৰ ধৰণৰ চূড়ান্ততা নাই। কিন্তু সময়ৰ প্ৰয়োজন পূৰণৰ বাবে ইতিবাচক পৰিৱৰ্তনক আকোৱালি ল’বলৈ আমি ইচ্ছুক হ’ব লাগিব।

এই অনুষ্ঠানত ভাষণ প্ৰদানেৰে আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী অৰ্জুন ৰাম মেঘৱালে ফৌজদাৰী আইনকে প্ৰমুখ্য কৰি ভাৰতৰ আইনী ব্যৱস্থাৰ বিৱৰ্তনৰ ঐতিহাসিক দৃষ্টিভংগী দাঙি ধৰে। তেওঁ কয় যে ঔপনিৱেশিক কালত ভাৰতত প্ৰণয়ন কৰা আইনসমূহে তেতিয়াৰ ভাৰতৰ ভাৰতীয় নীতি-নিয়ম আৰু সমাজৰ বাস্তৱতাক আওকাণ কৰিছিল আৰু ঔপনিৱেশিক শাসকসকলৰ প্ৰয়োজনীয়তাক আগুৱাই নিয়াৰ ওপৰত ভিত্তি কৰি ইয়াক প্ৰণয়ন কৰা হৈছিল। তেওঁ উল্লেখ কৰে যে আইপিচি মৌলিক চিন্তা আৰু গৱেষণাৰ ওপৰত ভিত্তি কৰি আইন প্ৰণয়নৰ উদাহৰণ নহয়, বৰঞ্চ এয়া আছিল আন দেশৰ দণ্ডবিধিৰ নকলেৰে খৰখেদাকৈ জাপি দিয়া এটা ধাৰণা। বৰ্তমানৰ আইনসমূহত ন্যায়ৰ বিপৰীতেশাস্তিৰ ওপৰত গুৰুত্ব প্ৰদানে থলুৱা লোকসকলৰ বিৰুদ্ধে ঔপনিৱেশিক শাসনৰ পক্ষপাতিত্বৰ সাক্ষ্য বহন কৰে। নতুন আইনসমূহে এই ঐতিহাসিক অন্যায় আৰু পক্ষপাতিত্বসমূহ শুধৰাবলৈ চেষ্টা কৰিছেআৰু ই এখনি উদীয়মান ৰাষ্ট্ৰ আৰু ইয়াৰ জনসাধাৰণৰ সমসাময়িক প্ৰয়োজনীয়তাৰ প্ৰতিফলন ঘটাইছে। মাননীয় মন্ত্ৰীয়েআৰু কয় যে এই সন্মিলনসমূহ কেৱল তিনিখন নতুন আইন সম্পৰ্কে সংবেদনশীল আৰু সজাগতা সৃষ্টিৰ বাবেই অনুষ্ঠিত কৰা হোৱা নাই, বৰঞ্চ ইয়াক সকলোৱে যাতে বুজি পায়, তাৰ অৰ্থেই এনে প্ৰয়াস গ্ৰহণ কৰা হৈছে।

উদ্বোধনী অধিবেশনত মুখ্য অতিথিৰ আসন অলংকৃত কৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মাননীয় ন্যায়াধীশ হৃষীকেশ ৰায়ে মূল ভাষণ প্ৰদানেৰে কয় যে এই অনুষ্ঠান কেৱল আইনী সমাজৰেই সমাৱেশ নহয়, বৰঞ্চ ভিন্ন শ্ৰেণীৰ লোকৰ মিলন। ন্যায়াধীশ ৰায়ে ভিক্ট’ৰিয়ান নৈতিক কাঠামোৰ বাবে মেকাউলেৰ ভাৰতীয় দণ্ডবিধি আৰু ষ্টিফেনৰ ভাৰতীয় প্ৰমাণ আইনক সমালোচনাৰে ১৯৭১ৰ ৪৭ সংখ্যক আইন আয়োগৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰে।এই প্ৰতিবেদনতফৌজদাৰী আইনৰ পৰিৱৰ্তনৰ আহ্বান জনোৱা হৈছিল। তেওঁ আৰু কয় যে নতুন আইনসমূহৰ লক্ষ্য শাস্তিৰ পৰিৱৰ্তে পুনৰুদ্ধাৰমূলক ন্যায়-কেন্দ্ৰিক। এই লক্ষ্যইউপান্ত সমাজসমূহৰ ওপৰত পৰা অসমতাপূৰ্ণ প্ৰভাৱেৰে মোকাবিলা কৰিব। কাৰাবাসৰ জৰুৰী প্ৰসংগটোৰ ওপৰত আলোকপাতেৰে তেওঁ উল্লেখ কৰে যে ২০১৯ৰ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ তথ্য অনুসৰি, ৪ লাখ ৭৮ হাজাৰ লোক কাৰাবন্দী হৈ আছে, ইয়াৰে প্ৰায় ৩ লাখ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ। ২০২২ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়েকাৰাগাৰসমূহত থকা অধিক বন্দী আৰু দীৰ্ঘদিনীয়া ‘প্ৰি-ট্ৰায়েল’ আটক সন্দৰ্ভত প্ৰদান কৰা বক্তব্যৰ উদ্ধৃতিৰে তেওঁ পুনৰুদ্ধাৰমূলক ন্যায়ৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। নতুন আইনকেইখনে এক ৰূপান্তৰশীল পন্থাৰ অভিযোজনা তথা জবাবদিহিতা আৰু শাস্তিমূলক ব্যৱস্থাসমূহ অন্তৰ্ভুক্তকৰণৰ সমান্তৰালকৈ অপৰাধী আৰু ভুক্তভোগী পক্ষৰ সদস্যসকলক সমাধান প্ৰক্ৰিয়াত জড়িতকৰণেৰে কেৱল শাস্তিয়ে নহয়, বৰঞ্চ ন্যায় যাতে প্ৰাধান্য পায়, সেই লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ কয় যে নতুন আইন তিনিখনে আমাক দেশৰ ফৌজদাৰী ন্যায়ৰ প্ৰশাসনিক ব্যৱস্থাত কাম কৰাৰ এক ঐতিহাসিক সুযোগ প্ৰদান কৰিছে।

Pavni Gupta/SB



(Release ID: 2021076) Visitor Counter : 64


Read this release in: Urdu , English