ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অসমৰ সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণ ভূঞাক পদ্মশ্ৰী প্ৰদান কৰে

অসামৰিক অভিষেক অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ৫ জন ব্যক্তিক পদ্মশ্ৰী প্ৰদান কৰা হয়

Posted On: 22 APR 2024 7:16PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে আজি নতুন দিল্লীত অনুষ্ঠিত অসামৰিক অভিষেক অনুষ্ঠানত অন্যান্য-কৃষিৰ ক্ষেত্ৰত শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী আৰু কলাৰ ক্ষেত্ৰত শ্ৰী দ্ৰোণ ভূঞাক পদ্মশ্ৰী প্ৰদান কৰে।

বঁটাপ্ৰাপকসকলৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কে চমু উদ্ধৃতি তলত উল্লেখ কৰা হৈছে-

শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী (পদ্মশ্ৰী)

বিশিষ্ট কৃষক শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী বৰ্তমান অসমৰ চিৰাং জিলাৰ মীন বিভাগৰ উপদেষ্টা মণ্ডলীৰ এগৰাকী সদস্য হিচাপে কৰ্মৰত। তেখেত চিৰাং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ৰেচম পালনৰো (Sericulture) এগৰাকী সদস্য। তেওঁ ২০১৭ৰ পৰা বৰদৈচিলা কৃষকউৎপাদক কোম্পানী লিমিটেডৰ এগৰাকী প্ৰম’টাৰ হিচাপে কাম কৰি আহিছে।

                                                                     

১৯৬২ৰ ৮ এপ্ৰিলত জন্মগ্ৰহণ কৰা শ্ৰী বসুমতাৰীয়ে বগিদ্বাৰা প্ৰাথমিক বিদ্যালয়ত ৫ম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰে। তেওঁ ১৩ বছৰ বয়সত বোকাখাতৰ ধনশিৰিমুখলৈ গৈ হাল-বোৱাৰ কাম কৰিবলৈ লয়। ১৯৮৪ত তেওঁ পুনৰ চিপনচিলালৈ আহি কৃষি-কাৰ্য্যতধৰেহি। পৰৱৰ্তী সময়ত তেওঁ ভূটিয়াপাৰালৈ যায়আৰু তাত ভূ-স্বামীসকলৰ মাটিত খেতি কৰিবলৈ আৰম্ভ কৰে।

শ্ৰী বসুমতাৰীয়ে ১৯৯৫-৯৬ত এডোখৰ মাটি কিনিছিল। ১৯৯৬ত তেওঁ বিজনী মহকুমা কৃষি কাৰ্য্যালয়ত কৃষি-বিষয়ক প্ৰশিক্ষণ গ্ৰহণ কৰে। ইয়াত লাভ কৰা পৰামৰ্শ আৰু নিৰ্দেশনাৰে পাণবাৰী কল খেতিয়ক সমাজৰ সভাপতি হিচাপে, শ্ৰী বসুমতাৰীয়ে বহু আঁচনি ৰূপায়ণেৰে সন্তোষজনক উৎপাদনসহ কল, কমলা আৰু আনাৰসৰ খেতি কৰে। তেওঁ ২০০৭ত মীন পালন সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰে। অদ্যপি তেওঁ অন্ধ্ৰ প্ৰদেশ, ওড়িশা আৰু পশ্চিম বংগ তথা বিদেশ ভ্ৰমণ কৰিছে। তেওঁ কলকাতাৰ কল্যাণী বিশ্ববিদ্যালয়ৰপৰা উদ্যান শস্যৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

শ্ৰী বসুমতাৰীয়েএকাধিক বঁটা আৰু সন্মান লাভ কৰিছে। তেখেতে ২০১৫ত চেন্ট্ৰেল ছিল্ক ব’ৰ্ড, বেংগালুৰু, বস্ত্ৰ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ ৰেচম পালনৰ উৎকৃষ্টতাৰ বঁটা লাভ কৰে। ২০২২-২৩ত অসমৰ ৰাজ্যপালে তেওঁক অসম গৌৰৱ বঁটা প্ৰদান কৰে।তেওঁ ২০২২ত অসম কৃষি বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কৃষক বঁটা লাভ কৰে। তেখেতে ২০০৫ত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, কোকৰাঝাৰৰ মীন বিভাগৰপৰাও বঁটা লাভ কৰে; ২০১০ত বিটিচিৰ কৃষি সঞ্চালক, কোকৰাঝাৰে তেওঁক সন্মান জনায়।একেদৰে, ২০১০ত গুৱাহাটীৰ খানাপাৰাস্থিতঅসম চৰকাৰৰ কৃষি বিপণনৰ উপ-সঞ্চালকে; ২০১০-১১ত চিৰাং, কাজলগাঁওৰ উপায়ুক্ত তথা অসম চৰকাৰৰ কৃষি বিভাগে; ২০১৩ত কৃষি বিভাগ আৰু উদ্যান শস্যৰ সঞ্চালকে; ২০১৩ত ভাৰতীয় উদ্যান শস্য প্ৰতিষ্ঠান, বেংগালুৰুৱে; ২০১৫ত গুৱাহাটীস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে তেওঁক সন্মান জনায়।তেওঁ ২০১৭ত ৰাজস্থানৰ জয়পুৰস্থিত এনআইএএমৰদ্বাৰা অংশগ্ৰহণৰ প্ৰমাণপত্ৰ লাভ কৰে।তেওঁ অসম চৰকাৰৰদ্বাৰাআজাদী কা অমৃত মহোৎসৱ-২০২১ উপলক্ষে ২০২১ৰ শ্ৰেষ্ঠ কৃষক বঁটা; উত্তৰ-পূৰ্বাঞ্চলৰ আয়কৰ বিভাগৰদ্বাৰা আজাদী কা অমৃত মহোৎসৱ-২০২২ উপলক্ষে শ্ৰেষ্ঠ কৃষক বঁটা; ২০২৪ত আইঅ’চিএলৰ বঙাইগাঁও শোধনাগাৰে আগবঢ়াৱা শ্ৰেষ্ঠ কৃষক বঁটা; ২০২৪ত ইউপিপিএলৰ বিজনী জিলা সমিতিয়ে আগবঢ়োৱা শ্ৰেষ্ঠ কৃষক বঁটা লাভ কৰে।

শ্ৰীদ্ৰোণভূঞা(পদ্মশ্ৰী)

শ্ৰী দ্ৰোণ ভূঞা লোক সংস্কৃতি ‘সুকনানি ওজাপালি আৰু দেওধনী নৃত্য’ৰ এগৰাকীবিশিষ্টশিল্পী।

১৯৫৬ৰ ০১ জানুৱাৰীত দৰং জিলাৰ ছিপাঝাৰ গাঁৱৰ সাতঘৰিয়াৰ এটি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা শ্ৰীভূঞাই সংগ্ৰামৰ মাজেৰ জীৱন অতিবাহিত কৰি আজিৰ এই অৱস্থাত উপনীত হৈছেহি। পা-পইচাৰ অভাৱত প্ৰাথমিক শিক্ষা লাভতেই তেওঁৰ আনুষ্ঠানিক শিক্ষাৰ অন্ত পৰিছিল। সুকনানি সংগীত আৰু দেওধনী নৃত্যৰ প্ৰতি তেওঁৰ অতিশয় আগ্ৰহ আছিল।মাত্ৰ ৭/৮ বছৰ বয়সতে তেওঁ দেউতাকৰ সৈতে“যাত্ৰা পাৰ্টী” সাজু কৰিছিল আৰু সেই কৈশোৰকালতে সমাজে তেওঁৰ সু-অভিনয়ৰ শলাগ লৈছিল। তেওঁ ‘গাঁৱলীয়া ছোৱালী’ (Village Girl), ‘চন্দ্ৰ হংস’, ‘লালসাৰ বেলি’ আদি ভিন্ন নাটকত অভিনয় কৰিছিল।সুকনানি সংগীতৰ প্ৰতি তেওঁৰ অতিশয় আগ্ৰহ আছিল। সেয়ে দেউতাকে তেওঁক শিক্ষা গ্ৰহণৰ বাবে সুকনানি ওজাপালিৰ ওজা শ্ৰী ৰত্নেশ্বৰ বৰাৰ ওচৰলৈ পঠিয়াইছিল। এইদৰে তেওঁ ওজাপালি সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ পৰে। তেওঁ প্ৰয়াত চন্দ্ৰ কান্ত নাথ ওজাৰ নেতৃত্বত ওজাপালি চৰ্চা আৰম্ভ কৰে, তেখেতো এগৰাকী বিশিষ্ট লোকশিল্পী আছিল।

                                                                     

১৯৭২ত দিল্লীৰ প্ৰগতি ময়দানত সুকনানি ওজাপালি আৰু দেওধনী নৃত্য প্ৰদৰ্শন কৰা শ্ৰী ভূঞা ঢোল বাদনতো বিশাৰদ। এতিয়া শ্ৰী ভূঞা সুকনানি সংগীত আৰু দেওধনী নৃত্যৰ এগৰাকী সফল শিল্পী,তেখেতে এতিয়াও দৰং জিলাত পৰিবেশ্য কলাৰ প্ৰসাৰৰ বাবে অসামান্য অৱদান আগবঢ়াই আছে। আকাশবাণী-গুৱাহাটী আৰু সংগীত নাটক একাডেমীৰ নিয়মীয়া শিল্পী হিচাপে তেওঁ কেৱল অসমতে নহয়, বৰঞ্চদিল্লী-গুৱাহাটী-ডিব্ৰুগড়তৰাষ্ট্ৰীয় নাট্যবিদ্যালয় আৰু তেজপুৰ কেন্দ্ৰীয়বিশ্ববিদ্যালয়তো পৰিবেশ্য কলাৰ কৰ্মশালাসমূহত এগৰাকী সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছে। তেওঁ শিষ্যসকলক দীক্ষা প্ৰদানৰ সুবাদত“গুৰু” উপাধি লাভ কৰিছে। নামঘৰ, সংঘ, শিক্ষানুষ্ঠান আদি ভিন্ন সামাজিক অনুষ্ঠানত সুকনানি সংগীত পৰিবেশন কৰা শ্ৰী ভূঞাই ২০০৯ত বাসগৃহতে এটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনেৰে আগ্ৰহী শিল্পীসকলক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আৰম্ভ কৰে। এতিয়া ইয়াত সময়ে-সময়ে ভিন্ন ধৰণৰ পৰিবেশ্য কলা সম্পৰ্কে চৰ্চা কৰা হয়। এই কেন্দ্ৰটো “পৰম্পৰাগত পৰিবেশ্য কলা কেন্দ্ৰ” (Traditional Performing Art Centre) বুলি জনাজাত।

শ্ৰী ভূঞাই অদ্যপি একাধিক বঁটা লাভ কৰিছে। ইয়াৰে কেতবোৰ বঁটা হ’ল- ২০০৯তভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ “গুৰুসন্মান”, আগ্ৰাতঅনুষ্ঠিত ৰাষ্ট্ৰীয়নাট্য আৰু লোক কলা মহোৎসৱত “মীৰাবঁটা-২০১২”, “এক কালীন বঁটা-২০১৯”,অসম চৰকাৰৰসাংস্কতিকপৰিক্ৰমাবিভাগৰ“বিষ্ণু ৰাভা বঁটা-২০২১” আৰু “অসম গৌৰৱ বঁটা-২০২৩”।

উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ০৫ জন লোকক আজি পদ্মী শ্ৰী প্ৰদান কৰা হয়, যাৰ ভিতৰত ০২ জন অসমৰ আৰু ০১ জন অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাৰ।

পদ্ম বঁটা বিজয়ী ২০২৪ ৰ সম্পূৰ্ণ তালিকাখন চাবলৈ ইয়াত ক্লিক কৰক here

 

PG/SM/SB

 

******

 

 


(Release ID: 2018515) Visitor Counter : 258


Read this release in: Khasi , English