বিশেষ সেৱা আৰু বৈশিষ্টাৱলী
অভিলেখ সংখ্যক পৰ্যটকে ভ্ৰমণ কৰিলে ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত অঞ্চল’
২০২৩-২৪ বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানলৈ আগমণ ঘটিল ৩.২৭ লাখ পৰ্যটকৰ
प्रविष्टि तिथि:
03 APR 2024 2:46PM by PIB Guwahati
‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত অঞ্চল’ (কেএনপিটিআৰ)লৈ এই বছৰ বিপুল সংখ্যক পৰ্যটকৰ আগমণ ঘটা দেখা গৈছে। প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশ, সমৃদ্ধ জৈৱ বৈচিত্ৰ্য, আৰু এশিঙীয়া গঁড়ৰ দৰে জীৱ-জন্তুৰ ৰম্যভূমি ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান’ সকলো শ্ৰেণীৰ পৰ্যটক তথা বন্যপ্ৰাণীপ্ৰেমীসকলৰ বাবে এক শীৰ্ষ পচন্দৰ গন্তব্যস্থান হিচাপে পৰিগণিত হৈ আহিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ আৰম্ভণিৰ পৰা এই পৰ্যন্ত কোনো এটা বছৰত আগমণ ঘটা দৰ্শনাৰ্থীৰ সংখ্যাৰ হিচাপেৰে এইবেলি সৰ্বাধিক সংখ্যক দৰ্শনাৰ্থীয়ে কাজিৰঙা ভ্ৰমণ কৰিছে।
|
তালিকা ১: ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ সংৰক্ষিত ক্ষেত্ৰ’ৰ অধীনত পৰ্যটক আৰু পৰ্যটকৰ পৰা আহৰণ কৰা ৰাজহৰ পৰিমাণ
|
|
বছৰ
|
ভাৰতীয়
|
বিদেশী
|
মুঠ
|
ৰাজহ (টকা)
|
|
২০২৩-২৪
|
৩,১৩,৫৭৪
|
১৩,৯১৯
|
৩,২৭৪৯৩
|
৮,৮১,৮৪,১৬১
|
‘কেএনপিটিআৰ’-ত ৩টা প্ৰশাসনিক সংমণ্ডল আছে যেনে- পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডল। তিনিওটা সংমণ্ডলৰ পৰ্যটন-সম্ভাৱনীয়তা বৃদ্ধি পাইছে, যিটো কথাই অ-পৰম্পৰাগত পৰ্যটন ক্ষেত্ৰসমূহৰ জনপ্ৰিয়তাকে সূচিত কৰে।
|
তালিকা ২: ‘কেএনপিটিআৰ’-ৰ অধীনত যোৱা ২ বছৰত সংমণ্ডল-অনুসৰি পৰ্যটনৰ তথ্য
|
|
|
দৰ্শনাৰ্থী
|
ৰাজহ(টকা)
|
|
সংমণ্ডলৰ নাম
|
২০২২-২৩
|
২০২৩-২৪
|
২০২২-২৩
|
২০২৩-২৪
|
|
পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল
|
৩,১০,৪৫৮
|
৩,২০,৯৬১
|
৮,১৫,৭৯,৮৫৩
|
৮,৫৯,৪৮,৩৫১
|
|
নগাঁও বন্যপ্ৰাণী সংমণ্ডল
|
২,৬১০
|
৩,৪৮৪
|
২,৫৪,১০৫
|
৬,২৪,০০০
|
|
বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল
|
১,৭২৮
|
৩,০৪৮
|
১৫,৫১,৫২৫
|
১৬,১১,৮১০
|
২০২৩ চনৰ অক্টোবৰ মাহৰ মাজভাগত বাৰিষাৰ পিছত পুনৰ মুকলি হোৱা পৰ্যটন ঋতুৰ মুখ্য আকৰ্ষণসমূহ আছিল- ‘জংঘল ছাফাৰী’ আৰু ‘হাতী ছাফাৰী’ বিকল্প। কাৰ্বি-আংলঙত চাইকেল চলোৱা পথ, পাণবাৰী বনাঞ্চল আৰু চিৰাঙৰ ‘ট্ৰেকিং পথ’কেইছোৱাৰ বাবে আগবঢ়োৱা সুযোগ সংযুক্ত কৰাৰ ফলত আকৰ্ষণ বৃদ্ধি পাইছে। সমাজৰ প্ৰতিনিধিসকলৰ নেতৃত্বত ‘চোৰান-আহেম’ (কাৰ্বি) আৰু ‘অজুন উকুম’ (মিচিং) জাতিভিত্তিক ৰেষ্টুৰেণ্টসমূহে জনপ্ৰিয়তা অৰ্জন কৰিছে, আনহাতে বুঢ়াচাপৰীৰ মহিলা নেতৃত্বাধীন ৰেষ্টুৰেণ্ট ‘বিচাগ-না’ (বড়ো)য়েও সুন্দৰ আৰম্ভণি কৰিছে। ডলফিন চোৱাৰ বাবে ‘নাও ছাফাৰী’ৰ অধীনত নতুন পথ আৰু পাণপুৰ আৰু বুঢ়াচাপৰি ‘জীপ আৰু চাইকেল ছাফাৰী চাৰ্কিট’ও এই বছৰ পৰা কাৰ্যকৰী কৰা হৈছিল।
JN/PG/SS/KB
(रिलीज़ आईडी: 2017065)
आगंतुक पटल : 120
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English