পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

পথ দুৰ্ঘটনাত পীড়িতসকলৰ নগদবিহীন চিকিৎসাৰ বাবে পাইলট কাৰ্যসূচী

Posted On: 14 MAR 2024 7:36PM by PIB Guwahati

ভাৰত চৰকাৰে পথ দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যু হ্ৰাস কৰাৰ অঙ্গীকাৰ আৰু মটৰ বাহন আইন, ১৯৮৮ৰ ধাৰা ১৬২-ৰ অধীনত আইনী আদেশৰ সৈতে সংগতি ৰাখি মটৰ বাহন ব্যৱহাৰৰ ফলত হোৱা পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক নগদবিহীন চিকিৎসা প্ৰদান কৰাৰ বাবে এক পাইলট কাৰ্যসূচী আৰম্ভ কৰিছে।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অধীনত বিকশিত এই পাইলট কাৰ্যসূচীটো চণ্ডিগড়ত আৰম্ভ কৰা হৈছে আৰু ইয়াৰ উদ্দেশ্য হৈছে পথ দুৰ্ঘটনাত পীড়িত লোকসকলক সময়মতে চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে এক পৰিৱেশ-তন্ত্ৰ প্ৰতিষ্ঠা কৰা।

আৰক্ষী, চিকিৎসালয়, ৰাজ্যিক স্বাস্থ্য সংস্থা (এছএইচএ) আদিৰ সৈতে সমন্বয় গঢ়ি পাইলট কাৰ্যসূচীৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ (এনএইচএ) হ'ব কাৰ্যকৰী সংস্থা।

বহলভাৱে ক'বলৈ গ'লে, পাইলট কাৰ্যসূচীৰ বিশেষত্ববোৰ নিম্নলিখিত ধৰণৰ:

  • প্ৰতিজন ভুক্তভোগীয়ে দুৰ্ঘটনাৰ তাৰিখৰ পৰা সৰ্বাধিক ৭ দিনৰ বাবে সৰ্বাধিক ১.৫ লাখ টকালৈকে নগদবিহীন চিকিৎসা লাভ কৰিব।
  • যিকোনো ধৰণৰ পথত মটৰ বাহন ব্যৱহাৰৰ ফলত হোৱা সকলো পথ দুৰ্ঘটনাৰ বাবে প্ৰযোজ্য।
  • এবি পিএম-জেএৱাই পেকেজবোৰ ট্ৰমা আৰু পলি-ট্ৰমা কেছৰ বাবে বাছনি কৰা হৈছে।
  • চিকিৎসা প্ৰদান কৰাৰ বাবে চিকিৎসালয়সমূহে উত্থাপন কৰা দাবীবোৰ মটৰ বাহন দুৰ্ঘটনা পুঁজিৰ পৰা পৰিশোধ কৰা হ'ব।

এই কাৰ্যসূচীটো পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ইডিএআৰ আৰু এনএইচএৰ লেনদেন ব্যৱস্থাপনা প্ৰণালীৰ (টিএমএছ) প্ৰয়োগৰ কাৰ্যক্ষমতা একত্ৰিত কৰি এক তথ্য প্ৰযুক্তি প্লেটফৰ্মৰ জৰিয়তে ৰূপায়ণ কৰা হ'ব।

পাইলট কাৰ্যসূচীৰ ফলাফলৰ ওপৰত ভিত্তি কৰি, সমগ্ৰ দেশলৈ নগদবিহীন চিকিৎসা সুবিধাৰ সম্প্ৰসাৰণ বিবেচনা কৰা হ’ব।

 

*****

MJPS/AA



(Release ID: 2014783) Visitor Counter : 52


Read this release in: English , Urdu , Hindi