যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

এন.টি.আই.পি.আৰ.আই.টি.-য়ে আই.আই.টি. গুৱাহাটীত "৫জি ব্যৱহাৰ কেছ লেব: সজাগতা আৰু প্ৰাক-কমিছনিং তৎপৰতা" শীৰ্ষক কৰ্মশালা অনুষ্ঠিত

দূৰসংযোগ বিভাগৰ আৰ্থিক পুঁজিৰ জৰিয়তে ৫জি প্ৰযুক্তি ব্যৱহাৰৰ কেছ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে আই আই টি-গুৱাহাটীত ৫জি কেছ লেব স্থাপন কৰা হৈছে

কৃষি, শিক্ষা, দক্ষতা বিকাশ, স্বাস্থ্যসেৱা আৰু উদ্যোগ-৪.০-ৰ ওপৰত গুৰুত্ব দি ৫জি ব্যৱহাৰ আৰু ৰূপায়ণৰ পৰিস্থিতিৰ ওপৰত ডট-এছআৰআই উপস্থাপন কৰা হৈছে

২০২৩ চনৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে ১০০টা ৫জি পৰীক্ষাগাৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল

Posted On: 13 FEB 2024 6:54PM by PIB Guwahati

ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগৰ সচিব (টেলিকম) ড° নীৰজ মিট্টলে ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত আই আই টি-গুৱাহাটীত “৫জি ইউজ কেছ লেব: সজাগতা আৰু প্ৰি-কমিচনিং ৰেডিনেছ” বিষয়ক দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ কৰে। টেলিকমিউনিকেচন বিভাগৰ অধীনস্থ গাজিয়াবাদৰ নেশ্যনেল ইনষ্টিটিউট অৱ টেলিকমিউনিকেশ্যন ফৰ পলিচি ৰিচাৰ্চ, ইনোভেচন এণ্ড ট্ৰেইনিঙৰ উদ্যোগত অনুষ্ঠিত এই কৰ্মশালাখনত উত্তৰ-পূবৰ প্ৰায় ৩০খন প্ৰতিষ্ঠানৰ ১০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। এই কৰ্মশালাৰ উদ্দেশ্য হৈছে ৫জি প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত উদ্ভাৱনক প্ৰসাৰিত কৰা। দূৰ সংযোগ বিভাগৰ পুঁজিৰ জৰিয়তে সমগ্ৰ ভাৰতত ১০০টা ৫জি ইউজ কেছ লেব স্থাপন কৰা হৈছে, য’ত আই আই টি গুৱাহাটীকে ধৰি ৩০টা প্ৰতিষ্ঠানৰ সৈতে উত্তৰ-পূবৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ বাবে ড'ট-এইচকিউৰ অধীনত মানদণ্ড-গৱেষণা আৰু উন্নয়ন-উদ্ভাৱন (এছআৰআই) বিভাগে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু ষ্টাৰ্টআপৰ দ্বাৰা সময়মতে স্থাপন আৰু ফলপ্ৰসূ ব্যৱহাৰৰ বাবে ৫জি পৰীক্ষাগাৰৰ সৈতে জড়িত নীতি, ৰূপায়ণ আৰু সামৰ্থ্য বিকাশৰ সৈতে জড়িত দিশসমূহৰ নেতৃত্ব দিব। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ সময়ত সমগ্ৰ দেশতে ১০০টা ৫জি লেব স্থাপনৰ কথা ঘোষণা কৰিছিল।

                                                                     

ড০ নীৰজ মিট্টালে ভাষণত শিক্ষানুষ্ঠানসমূহক ৫জি ইউজ কেছ লেবৰ সৰ্বোত্তম ব্যৱহাৰ কৰি নতুন ইউজ কেছ সৃষ্টি কৰিবলৈ আহ্বান জনায় যাতে ৫জি প্ৰযুক্তিৰ সুফল দেশৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ মাজলৈ যাব পাৰে আৰু ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিব পাৰে।

এন ই চিৰ সচিব শ্ৰী কে মোজে চালাইয়ে কৰ্মশালাখনিত অংশগ্ৰহণৰ বাবে উপস্থিত অধ্যাপক আৰু অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰে। উত্তৰ-পূবৰ বিকাশৰ বাবে ৫জি ইউজ কেছৰ সহায় লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ আলোকপাত কৰে।

                                                                      

                                                                              

অনুষ্ঠানত চৰকাৰী, উদ্যোগ, শিক্ষা, কৃষি, স্বাস্থ্যসেৱা আৰু মনোৰঞ্জন আদি ক্ষেত্ৰৰ বাবে ৫জি ইউজ কেছৰ বিভিন্ন সামৰ্থ্যৰ বিষয়ে অনুষ্ঠানত দাঙি ধৰা হয়। 

  • নয়ন টেকন’লজিছে এটা নিৰ্দিষ্ট ক্ষেত্ৰত নাগৰিক সুবিধাৰ অভাৱ দূৰ কৰাৰ সৈতে জড়িত তথ্যসমূহ প্ৰক্ৰিয়াকৰণ কৰাৰ পিছত মানদণ্ড পূৰণ আৰু চৰকাৰী সংস্থাসমূহক চোৰাংচোৱা তথ্য প্ৰদানৰ সমাধান দাখিল কৰে।
  • পানী সংৰক্ষণ আৰু লিকেজৰ সমস্যা নিৰীক্ষণ আৰু পৰামৰ্শ আৰু সংশোধনী ব্যৱস্থা গ্ৰহণৰ বাবে নিম্বল ভিজনে উদ্ভাৱনীমূলক সামগ্ৰী প্ৰৱৰ্তন কৰে।
  • পাৰ্কাণ্ট টেকন’লজিছে “অভয়পৰিমিত” নামৰ এটা সমাধান প্ৰৱৰ্তন কৰিছিল যিটো হৈছে ভাৰত আৰু আমেৰিকাত পেটেণ্ট কৰা স্বাস্থ্য সমাধান আৰু বিশ্ব স্বাস্থ্য সংস্থাত প্ৰদৰ্শন কৰা হৈছিল।
  • টেকএক্সআৰে বিভিন্ন ব্যৱহাৰৰ ক্ষেত্ৰত – প্ৰশিক্ষণ, একাডেমী, তীৰ্থযাত্ৰা আদিৰ সৈতে কম খৰচী এ আৰ-ভিআৰ সমাধানৰ প্ৰৱৰ্তন কৰিছিল।

আই আই টি মাদ্ৰাজ, আই আই টি গুৱাহাটী আৰু অন্যান্য অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক সদস্য, উদ্যোগ প্ৰতিনিধি, ষ্টাৰ্ট আপ, গৱেষণা পণ্ডিত, ছাত্ৰ-ছাত্ৰী আৰু ড’টৰ বিষয়াসকলৰ মাজত আলোচনা অনুষ্ঠিত হয়।

কৰ্মশালাৰ সময়ত অংশগ্ৰহণকাৰীসকলে গুৱাহাটী আই আই টিৰ আইঅ'টি লেবতো পৰিদৰ্শন কৰে।

উদ্বোধনী অধিৱেশনত আই আই টি গুৱাহাটীৰ ই ই ইৰ অধ্যাপক ৰত্নজিৎ ভট্টাচাৰ্জী, এন টি আই পি আৰ আই টিৰ ডি ডি জি শ্ৰী অতুল সিনহাইও নিজৰ মতামত ব্যক্ত কৰে।

 

DK/DK/SMP/AR



(Release ID: 2012645) Visitor Counter : 37


Read this release in: English , Urdu , Hindi , Telugu