কৃষি মন্ত্ৰালয়
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰীয়ে IARI – ICAR, Assam মুকলি কৰিলে প্ৰশাসনিক-সহ-শৈক্ষিক ভৱন আৰু হোষ্টেল
উত্তৰ-পূবৰ কৃষি গৱেষণা আৰু উন্নয়নৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু হিচাপে আত্মপ্ৰকাশ কৰিবআই এ আৰ আই, অসমে শ্ৰী অৰ্জুন মুণ্ডা
Posted On:
04 MAR 2024 5:24PM by PIB Guwahati
আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই এই ভাৰ্চুৱেল বৈঠকযোগে অসমৰ ধেমাজিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান – ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (আইএআৰআই-আইচিএআৰ) প্ৰশাসনিক-তথা-শৈক্ষিক ভৱন, মানস গেষ্ট হাউচ, সোৱণশিৰি ছাত্ৰীনিবাস আৰু ব্ৰহ্মপুত্ৰ ছাত্ৰাবাস উদ্বোধন কৰে।
ভাৰ্চুৱেল ভাষণত শ্ৰী অৰ্জুন মুণ্ডাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কৃষিৰ উন্নয়নমূলক ব্যৱধান দূৰ কৰাৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ফলত এই খণ্ডটো মূলসুঁতিৰ সৈতে একত্ৰিত হৈ পৰিছে।
তেওঁ প্ৰকাশ কৰে যে কৃষি প্ৰতিষ্ঠানসমূহ বিভিন্ন পদক্ষেপৰ জৰিয়তে এই খণ্ডৰ বিকাশৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁ লগতে কয় যে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কৃষি গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ২০১৫-১৬ চনৰ পৰা এই প্ৰতিষ্ঠানটোৱে বিভিন্ন শাখাত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। তেওঁ লগতে গুৰুত্ব আৰোপ কৰি কয় যেভৱিষ্যতে প্ৰতিষ্ঠানটোৰ পৰা স্নাতকসকলে কেৱল কৃষি বিশেষজ্ঞ হিচাপে কাম কৰাই নহয়, কৃষি খণ্ডত বহু কোটিপতি হিচাপেও আত্মপ্ৰকাশ কৰিব লাগে।
সম্পূৰ্ণ ভাষণটো ইয়াত পঢ়িব পাৰিব

আজি এই উদ্বোধনী অনুষ্ঠানত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী কৈলাশ চৌধুৰীও উপস্থিত থাকে। ভাষণত তেওঁ বিজ্ঞানীসকলক উত্তৰ-পূৰ্বাঞ্চলৰ চহকী প্ৰাকৃতিক বৈচিত্ৰ্যৰ বিষয়ে গভীৰভাৱে জানিবলৈ উৎসাহিত কৰে। তেওঁ অঞ্চলটোৰ কৃষি প্ৰয়োজনীয়তাসমূহ ফলপ্ৰসূভাৱে পূৰণৰ বাবে দাইল আৰু মাহজাতীয় শস্যৰ লগতে আৰু তৈলবীজৰ দিশত গৱেষণামূলক প্ৰচেষ্টা চলোৱাৰপ্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইফালে, DARE ৰ সচিব তথা আইচিএআৰ নতুন দিল্লীৰ ডিজি হিমাংশু পাঠকে ভাৰ্চুৱেল ভাষণ দি আইএআৰআই, অসমৰ উদ্দেশ্য আৰু কাৰ্যপন্থাৰ বিষয়ে বিশদভাৱে দাঙি ধৰে। তেওঁ গৱেষণা আৰু উন্নয়নৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ বিশাল সম্ভাৱনাক অন্বেষণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ শিক্ষা তথা সাধাৰণ জনজাতি আৰু পিছপৰা শ্ৰেণী দপ্তৰৰ মন্ত্ৰী ড০ ৰনোজ পেগুৱে আইএআৰআই, অসমৰ এই প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ কয় যে আই এ আৰ আই, অসমে কৰা গৱেষণামূলক কামে উদ্ভিদ, প্ৰাণী আৰু মাছৰ বৈচিত্ৰ্য বৃদ্ধিৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো সহায়ক হ’ব।
অনুষ্ঠানত লখিমপুৰৰ সাংসদপ্ৰদান বৰুৱা;আই এ আৰ আইৰ সঞ্চালক ডাঃ এ.কে.সিং; ধেমাজিৰ জিলা উপায়ুক্ত শ্ৰী অংকুৰ ভৰালীৰ লগতে আইএআৰআই-আইচিআৰ আৰু অন্যান্য ক্ষেত্ৰৰ কেইবাগৰাকীও বিজ্ঞানীও উপস্থিত থাকে।

PG/PN
(Release ID: 2011367)
Visitor Counter : 195