প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তেলেংগানাৰ আদিলাবাদত ৫৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

সমগ্ৰ দেশতে একাধিক শক্তি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন

৭টা প্ৰকল্প উদ্বোধন কৰাৰ লগতে ভাৰতীয় পাৱাৰ গ্ৰীড নিগমৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন

একাধিক নবীকৰণযোগ্য শক্তি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন

বিভিন্ন ৰে’ল আৰু পথ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন

“তেলেংগানাৰ জনসাধাৰণৰ উন্নয়নৰ সপোন পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াইছে”

“আমি ‘ৰাজ্যৰ উন্নয়নৰ জৰিয়তে দেশৰ উন্নয়ন”ৰ মন্ত্ৰ লৈ আগবাঢ়িছো

“ভাৰতীয় অৰ্থনীতিৰ উচ্চ বৃদ্ধিৰ হাৰক লৈ বিশ্বজুৰি ব্যাপক চৰ্চা হৈছে”

“আমাৰ বাবে উন্নয়ন মানে অতি দুখীয়া, দলিত, জনজাতীয়, পিছপৰা আৰু বঞ্চিতসকলৰ বিকাশ আৰু উন্নয়ন সাধন কৰা”

Posted On: 04 MAR 2024 12:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ আদিলাবাদত ৫৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰ শক্তি, ৰে’ল আৰু পথ খণ্ডৰ সৈতে জড়িত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আদিলাবাদৰ ভূমি কেৱল তেলেংগানাৰ সৈতে নহয় সমগ্ৰ দেশৰ সৈতে জড়িত উন্নয়নমূলক প্ৰকল্পৰ সাক্ষী হৈ পৰিছে কাৰণ ৫৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰ ৩০টাতকৈও অধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহৰ ভিতৰত ৰাজ্যৰ শক্তি, পৰিৱেশ বহনক্ষমতা আৰু পথ সংযোগৰ সৈতে জড়িত বহু প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰ আৰু তেলেংগানা দুয়োখন ৰাজ্যই প্ৰায় ১০ বছৰ সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ৰাজ্যখনক নাগৰিকৰ সপোন বাস্তৱায়িত কৰিবলৈ সকলো ধৰণৰ সহায় আগবঢ়াইছে। আজিও প্ৰধানমন্ত্ৰীয়ে জনোৱা মতে, আজি ৮০০মেগাৱাট ক্ষমতাসম্পন্ন এনটিপিচি ইউনিট ২ উদ্বোধন কৰা হৈছে যিয়ে তেলেংগানাৰ বিদ্যুৎ উৎপাদন ক্ষমতা আৰু অধিক বৃদ্ধি কৰিব। তেওঁ আমবাৰী-আদিলাবাদ-পিম্পলখুটি ৰে’ল লাইনৰ বিদ্যুতীকৰণ সম্পূৰ্ণ হোৱাৰ লগতে আদিলাবাদ, বেলা আৰু মুলুগুৰ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আজিৰ এই আধুনিক ৰে’ল আৰু পথ প্ৰকল্পসমূহে তেলেংগানাৰ লগতে সমগ্ৰ অঞ্চলটোৰ উন্নয়নক গতি প্ৰদান কৰাৰ লগতে ভ্ৰমণৰ সময়ো হ্ৰাস কৰিব৷ এইবোৰে পৰ্যটনক উৎসাহিত কৰিব আৰু অগণন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তে দেশৰ উন্নয়নৰ মন্ত্ৰ পুনৰবাৰ উল্লেখ কৰে। তেওঁ কয় যে উন্নত অৰ্থনীতিৰ সৈতে দেশৰ প্ৰতি আস্থা বৃদ্ধি পায় আৰু ৰাজ্যসমূহেও বিনিয়োগ লাভ কৰাৰ লগে লগে তাৰ পৰা লাভৱান হয়। ভাৰতীয় অৰ্থনীতিৰ উচ্চ বৃদ্ধিৰ হাৰক কেন্দ্ৰ কৰি বিশ্বজুৰি ব্যাপক চৰ্চা হোৱাৰ কথা উল্লেখ কৰে কাৰণ ভাৰতবৰ্ষই বিগত তিনিমাহত ৮.৪ শতাংশ বৃদ্ধি পোৱা একমাত্ৰ প্ৰধান অৰ্থনীতি। “এই গতিৰে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় ইয়াৰ অৰ্থ হ’ল তেলেংগানাৰ অৰ্থনীতিৰ বাবেও উচ্চ বিকাশ সম্ভৱ হ’ব৷

তেলেংগানাৰ দৰে অঞ্চলক পূৰ্বতে কৰা অৱহেলাৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে বিগত ১০ বছৰৰ নতুন শাসন পদ্ধতিৰ ওপৰত আলোকপাত কৰে। যোৱা ১০ বছৰৰ ভিতৰত ৰাজ্যখনৰ উন্নয়নৰ বাবে অধিক আবণ্টন দিয়াৰ দিশটোলৈ আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ বাবে উন্নয়নৰ অৰ্থ হ’ল দুখীয়াৰ ভিতৰত আটাইতকৈ দুখীয়াৰ উন্নয়ন, দলিত, জনজাতীয়, পিছপৰা আৰু বঞ্চিতসকলৰ উন্নয়ন।” প্ৰধানমন্ত্ৰীয়ে ২৫ কোটিৰো অধিক লোক দৰিদ্ৰতাৰ পৰা ওলাই অহাৰ কথা উল্লেখ কৰি চৰকাৰী কল্যাণমূলক আঁচনিৰ কৃতিত্ব দৰিদ্ৰ লোকৰ বাবে প্ৰদান কৰে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে আগন্তুক ৫ বছৰত এনে অভিযান আৰু অধিক বৃদ্ধি কৰা হ’ব৷

এই উপলক্ষে অনুষ্ঠানত তেলেংগানাৰ ৰাজ্যপাল ড০ তামিলিছাই সৌন্দৰৰাজন, তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্ত ৰেড্ডী আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

***

DS/TS/DB



(Release ID: 2011227) Visitor Counter : 50